নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুবিন গাৰ্গৰ প্ৰতিচ্ছবি নিৰ্মাণ কৰি উলিয়ালে বলুকা ভাস্কর্য আকাশে 

অসম আৰু অসমীয়া জাতীয় জীৱনৰ হিয়া আমঠু জুবিন গাৰ্গ আকস্মিক বিয়োগক যেন কোনেও আজিও মানি লব পৰা নাই।

মৰমৰ শিল্পী জনৰ প্ৰতি ডিব্ৰুগড় জিলাত আজিও বিভিন্ন মাধ্যমেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। ডিব্ৰুগড়ৰ মাইজান বৰশইকীয়া গাওঁ ব্ৰহ্মপুত্ৰৰ বালি চাপৰি বলুকাত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ শেষ শ্রদ্ধাঞ্জলি আৰু মৃত্যুৰ উচিত তদন্ত বিচাৰি ১৬ বছৰীয়া বলুকা শিল্পী আকাশ কৰ্মকাৰে অংকন কৰিলে অনন্য শিল্পকৰ্ম।

ব্ৰহ্মপুত্ৰৰ বালিচৰত ব্যতিক্ৰমী প্ৰচেষ্টাৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবি নিৰ্মাণ কৰি উলিয়ালে বলুকা ভাস্কর্য আকাশে আৰু মৰমৰ শিল্পী জনৰ মৃত্যু উচিত তদন্ত জনোৱা লগতে এই ঘটনাৰ সৈতে জৰিত সকলোকে কঠোৰতম শাস্তিৰ দাবী জনাইছে।

বিশেষ বাৰ্তা, ডিব্ৰুগড়, ২৬ছেপ্টেম্বৰ

You might also like