নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছিয়া কাপৰ ছুপাৰ ফ’ৰত আজি ভাৰত–শ্রীলংকা

নিউজ ডেস্ক, ২৬ ছেপ্টেম্বৰ : ইতিমধ্যে চলিত এছিয়া কাপৰ ফাইনেলত স্থান সুৰক্ষিত কৰা টীম ইণ্ডিয়াই আজি ছুপাৰ ফ’ৰৰ অন্তিমখন মেচত শ্রীলংকাৰে মুখামুখি হ’ব৷ অৱশ্যে আজিৰ মেচখন দুয়োটা দলৰ বাবে বিশেষ গুৰুত্বপূর্ণ নহয়৷ কাৰণ ছুপাৰ ফ’ৰৰ প্রথম দুখন মেচত জয়লাভ কৰি ভাৰতীয় দলটোৱে ফাইনেলত স্থান সুৰক্ষিত কৰাৰ বিপৰীতে ছুপাৰ ফ’ৰৰ প্রথম দুয়োখন মেচতে পৰাস্ত হৈ প্রতিযোগিতাখনৰ পৰা বিদায় লৈছে সিংহলী বাহিনীয়ে৷ মেচখন বিশেষ গুৰুত্বপূর্ণ নহয় যদিও টীম ইণ্ডিয়াই শক্তিশালী দলেৰে খেলপথাৰত নামিব৷ অৱশ্যে আজিৰ এই মেচখনত যশপ্রীত বুমৰাহক বিশ্রাম দিয়াৰ পূর্ণ সম্ভাৱনা আছে৷

ইফালে, প্রতিযোগিতাখনত ইখনৰ পিছত সিখন মেচত কেছ ধৰাত ব্যর্থ হোৱাৰ ধাৰাবাহিকতাই কিছু পৰিমাণে চিন্তিত কৰি ৰাখিছে ভাৰতীয় দলটোক৷ পৰহি নিশা বাংলাদেশৰ বিপক্ষে খেলা মেচখনতো ভাৰতীয় খেলুৱৈয়ে কেইবাটাও কেছ ড্রপ কৰে৷ ইয়াৰ পূর্বে পাকিস্তানৰে খেলা দুয়োখন মেচতে ভাৰতীয় দলটোৰ খেলুৱৈয়ে কেইবাটাও কেছ ড্রপ কৰিছিল৷ সেয়ে আজিৰ মেচখনত ফিল্ডিঙত অধিক গুৰুত্ব দিয়াৰ সম্ভাৱনা আছে সূর্যকুমাৰ বাহিনীয়ে৷ ফাইনেলৰ বাবে নিজকে সাজু কৰি তোলাৰ বাবেই ভাৰতীয় দলটোৱে আজি অন্তিম সুযোগ লাভ কৰিব৷

আজিৰ খেলখন সন্দর্ভত অধিনায়ক সূর্যকুমাৰ যাদৱে কয় যে মেচখন বিশেষ গুৰুত্বপূর্ণ নহয় যদিও ফিল্ডিঙৰ দুর্বলতাখিনি আমি শুধৰাব লাগিব৷ নহ’লে আমি ফাইনেলত বিপদত পৰিব পাৰোঁ৷ আশা কৰিছোঁ- সতীর্থসকলে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিব৷ খেলৰ সময় : নিশা ৮ বজা৷

You might also like