নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰাৰ মাটিয়াত ছুৰিকাঘাতত এজনৰ প্ৰাণহানি : হত্যাত অভিযুক্তৰ ঘৰত অগ্নিসংযোগ

নিয়মীয়া বাৰ্তা, টিপলাই, ২৫ ছেপ্টেম্বৰ : গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত বাকাইটাৰীত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এক হত্যাকাণ্ডৰ ঘটনা।

প্ৰাপ্ত তথ্য মতে, বৃহস্পতিবাৰে নিশা প্ৰায় ৮ বজাত মাটিয়া বামুণপাৰাৰ খবিৰুল ইছলাম আৰু বাকাইটাৰীৰ ঋতু হালৈৰ লগত আন এগৰাকী যুৱকে মাটিয়া বজাৰত বহি একেলগে সুৰাপান কৰিছিল। সুৰাপান কৰাৰ পিছত নিচাৰ ৰাগিত প্ৰথমে ঋতু হালৈৰ বন্ধু আৰু ইছলামৰ মাজত বাকবিতণ্ডাৰ সৃষ্টি হৈছিল। দুই বন্ধুৰ বাকবিতণ্ডাই পিছত ভয়ংকৰ ৰূপ ধাৰণ কৰে। ঋতু হালৈ নামৰ যুৱকজনে খবিৰুল ইছলামক উপৰ্যুপৰি মূৰত আক্ৰমণ কৰি পেটত ছুৰী সুমাই দিয়ে। পেটত ছুৰী সোমোৱাৰ পিছত খবিৰুলৰ দেহ ৰক্তাক্ত হোৱাত ঘটনাস্থলীৰ পৰা পলায়ন কৰে হত্যাকাৰী ঋতু হালৈয়ে। গুৰুতৰভাৱে আহত খবিৰুল ইছলামক মাটিয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰায় যদিও চিকিৎসকে প্ৰাথমিক চিকিৎসাৰ অন্তত যুৱকগৰাকীক মুমূৰ্ষু অৱস্থাত উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰে। মুমূৰ্ষু খবিৰুল ইছলাম গোৱালপাৰাৰ চিকিৎসালয় পোৱাৰ আদবাটতে শেষ নিশ্বাস ত্যাগ কৰে । পৰিয়ালৰ লোকে খবিৰুলৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতে মাটিয়া বামুণপাৰাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

বামুণপাৰাৰ একাংশ উত্তেজিত লোকে লগে লগে প্ৰায় ৫০খন মটৰচাইকলেৰে আহি হত্যাত অভিযুক্ত ঋতু হালৈৰ বাসগৃহত অগ্নিসংযোগ কৰে। অগ্নিকাণ্ডত ঋতু হালৈৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয় । ঘটনাই যাতে সাম্প্ৰদায়িকতাৰ ৰূপ ধাৰণ নকৰে তাৰ বাবে জিলাখনৰ বিভিন্ন দল-সংগঠনে দুধনৈ সমজিলাৰ আৰক্ষী অধীক্ষকক স্মাৰক-পত্ৰ প্ৰদান কৰাৰ লগতে হত্যাকাণ্ডত অভিযুক্ত ঋতু হালৈক দৃষ্টান্তমূলক শাস্তি প্রদান কৰাৰ লগতে আইন হাতত তুলি লৈ অভিযুক্তৰ ঘৰত অগ্নিসংযোগ কৰা দুষ্কৃতিকাৰীসকলকো চিনাক্ত কৰি শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে ।

ঘটনাস্থলীত মাটিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপুমণি চৌধুৰী, দুধনৈ সমজিলাৰ আৰক্ষী অধীক্ষক নূপুৰ ৰঞ্জন নেওগৰ লগতে জিলা অপৰাধ শাখাৰ আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। হত্যাকাণ্ডত অভিযুক্ত ঋতু হালৈৰ বাসগৃহত অগ্নিসংযোগ কৰা দুষ্কৃতিকাৰীক অতি সোনকালে গ্ৰেপ্তাৰ কৰা হ’ ব বুলি মাটিয়া আৰক্ষীয়ে জানিবলৈ দিয়ে। ঋতু হালৈ বাতৰি লিখা সময়লৈকে পলাতক হৈ আছে।

প্ৰেৰক জ্যোতিষ নাথ

You might also like