🔹 বড়োভূমিৰ ৰাজনীতিত পৰিৱর্তনৰ জনাদেশ
বিশেষ বাৰ্তা, ২৭ ছেপ্টেম্বৰ : নির্বাচনী সমীকৰণ ওলট–পালট কৰি পুনৰ বিটিচিৰ শাসনলৈ উভতিল হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ৷ পঞ্চম বিটিচি নির্বাচনত ৰাজনৈতিক সমীক্ষা তথা শাসকীয় বিজেপিৰ আগ্রাসী নির্বাচনী প্রচাৰৰ বিপৰীতে বিপিএফে নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে বিটিচি দখল কৰিলে৷ লক্ষণীয় যে হাগ্রামা মহিলাৰীৰ তিনিটা কার্যকালৰ পাছত শাসনলৈ অহা ইউপিপিএল এইবাৰৰ নির্বাচনত প্রতিষ্ঠানবিৰোধী ঢৌত প্রায় বিধ্বস্ত হৈছে৷ নির্বাচনৰ প্রাকক্ষণত ইউপিপিএলে আশাব্যঞ্জক ফলাফল লাভ কৰিব বুলি ধাৰণা কৰা হৈছিল যদিও প্রমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলে বিপিএফৰ বিৰুদ্ধে প্রত্যাহ্বানেই সৃষ্টি কৰিব নোৱাৰিলে৷
শেহতীয়াকৈ অনুষ্ঠিত বিটিচিৰ নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভেৰে অভূতপূৰ্ব বিজয় সাব্যস্ত কৰিলে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফে। মুঠ ৪০খন আসনৰ ভিতৰত ২৮খন আসন আঁজুৰি নি একপ্ৰকাৰ অভিলেখ সৃষ্টি কৰিলে বি পি এফে।
আনহাতে, সদ্যসমাপ্ত নিৰ্বাচনত বাৰুকৈয়ে মুখথেকেচা খালে প্ৰমোদ বড়ো নেতৃত্বাধীন ইউ পি পি এলে। পূৰ্বে বিটিচিত চৰকাৰ গঠন কৰা দলটোৱে এইবাৰৰ নিৰ্বাচনত মাত্ৰ ৭খন আসনতে সন্তুষ্ট থাকিবলগীয়া হয়।
তদুপৰি এইটো নিৰ্বাচনত খাটাই খুলিব নোৱাৰিলে কংগ্ৰেছে। ৪০টা সমষ্টিতে প্ৰাৰ্থী দিয়াৰ পিছতো কোনো এটা সমষ্টিতেই জয়লাভ কৰিব নোৱাৰিলে কোনো এগৰাকী কংগ্ৰেছ প্ৰাৰ্থীয়ে। আনহাতে, বিজেপিয়ে এইবাৰ লাভ কৰিলে ৫খন আসন।
এনেকৈয়ে এতিয়া সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই বি টি চি দখল কৰিলে হাগ্ৰামা মহিলাৰীয়ে। অৱশ্যে মহিলাৰীয়ে দুটা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াইছিল যদিও এটা সমষ্টিতহে বিজয় সাব্যস্ত কৰে। হাগ্ৰামাই দেৱাৰগাঁও সমষ্টিত খাম্ফা বৰগয়াৰীক পৰাস্ত কৰে যদিও আনটো সমষ্টি চিৰাংদুৱাৰত খাম্ফাৰ হাতত পৰাজয়বৰণ কৰে।
লক্ষণীয় যে এইবাৰ নির্বাচনত কাজলগাঁও সমষ্টিত বড়োভূমিৰ একালৰ অন্যতম ৰাজনৈতিক সতীর্থ তথা একেটা দলৰে ৰথী–মহাৰথীৰ সমুখ সমৰে নজিৰ সৃষ্টি কৰিলে৷ বিপিএফ দলৰ সভাপতি তথা বিটিচিৰ প্রাক্তন মুখ্য কার্যবাহী সদস্য হাগ্রামা মহিলাৰী, প্রাক্তন উপ–মুখ্য কার্যবাহী খাম্পা বৰগয়াৰী, প্রাক্তন মন্ত্রী চন্দন ব্রহ্মৰ লগতে বিটিচি পৰিষদৰ প্রাক্তন অধ্যক্ষ পানীৰাম ব্রহ্মই পৰস্পৰে পৰস্পৰৰ বিৰুদ্ধে ভোটযুদ্ধত অৱতীর্ণ হ’ল৷
লক্ষণীয়ভাৱে একালৰ সতীর্থ খাম্পা বৰগয়াৰীয়ে বিপিএফ দল ত্যাগ কৰি ইউপিপিএল দলত যোগদান কৰাৰ পাছতেই ক্ষোভিত হাগ্রামাই খাম্পাক পৰাজিত কৰিব বুলি হুংকাৰ দিছিল৷ সেই উদ্দেশ্যে দুয়োজনে পৰস্পৰৰ বিৰুদ্ধে কোকৰাঝাৰ জিলা আৰু চিৰাং জিলাত এটাকৈ সমষ্টিত প্রার্থিত্ব আগবঢ়াইছিল৷ চিৰাঙৰ ১৪নং চাৰিংদুৱাৰ (জনজাতি) সমষ্টিত ঘোষিত ফলাফল অনুসৰি খাম্পা বৰগয়াৰীয়ে ৪৬৩টা ভোটৰ ব্যৱধানত হাগ্রামা মহিলাৰীক পৰাজিত কৰে৷ খাম্পা বৰগয়াৰীয়ে ১৮,৮২০টা ভোট লাভ কৰাৰ বিপৰীতে হাগ্রামাই লাভ কৰে ১৮,৩৫৭টা ভোট৷ আনহাতে ১৫নং কাজলগাঁও (জনজাতি) সমষ্টিত প্রাক্তন মন্ত্রী চন্দন ব্রহ্মই ইউপিপিএল দলত যোগদান কৰি নিজৰ ভাগিন বিপিএফৰ প্রার্থী তথা বিটিচিৰ প্রাক্তন অধ্যক্ষ পানীৰাম ব্রহ্মৰ হাতত বৃহৎ ব্যৱধানত পৰাজিত হয়৷ পানীৰাম ব্রহ্মই ২৭,৫৫৩টা ভোট লাভ কৰাৰ বিপৰীতে চন্দন ব্রহ্মই লাভ কৰে ২০,২২০টা ভোট৷ চিৰাং সমষ্টিত বিপিএফৰ প্রার্থী শুকুৰ মুছাহাৰীয়ে ইউপিপিএলৰ প্রার্থী ছাইখং বসুমতাৰীক ৪,২৩০টা ভোটত পৰাজিত কৰে৷ শুকুৰ সিং মুছাহাৰীয়ে ১৯,৪৭৭টা ভোট লাভ কৰাৰ বিপৰীতে ছাইখং বসুমতাৰীয়ে ১৫,২৪৭টা ভোট লাভ কৰে৷
ইফালে, কোকৰাঝাৰ জিলাত একপ্রকাৰ ধূলিসাৎ হৈছে ইউপিপিএল৷ জিলাখনৰ ১২টা পৰিষদীয় সমষ্টিৰ ভিতৰত ১০টা সমষ্টিতে বিপিএফে নিজৰ আধিপত্য দেখুৱাবলৈ সক্ষম হৈছে৷ পর্বতঝোৰা সমষ্টিত বিপিএফৰ প্রার্থী মুনমুন ব্রহ্ম, গোমা সমষ্টিত বিপিএফৰ এণ্টাজ আলী, শ্রীৰামপুৰ সমষ্টিত বিপিএফৰ মোখচেলুৰ ৰহমান, যমদুৱাৰ সমষ্টিত উইলিয়াম নার্জাৰী, শৰাইবিল সমষ্টিত বিপিএফৰ মৃত্যুঞ্জয় নার্জাৰী, কচুগাঁও সমষ্টিত বিপিএফৰ ৰবিৰাম নার্জাৰী, দেৱৰগাঁও সমষ্টিত বিপিএফৰ হাগ্রামা মহিলাৰী, বাঁওখুংগ্রী সমষ্টিত বিপিএফৰ ধনেশ্বৰ গয়াৰী, ছালাকাটি সমষ্টিত বিপিএফৰ দেৰহাছাট বসুমতাৰীয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ বিপৰীতে বনৰগাঁও সমষ্টিত ইউপিপিএলৰ ৰবিৰাম ব্রহ্মই জয়লাভ কৰিছে৷ কোকৰাঝাৰ জিলাৰ ১২টা সমষ্টিৰ আটাইকেইটাতে কংগ্রেছ দলে প্রার্থিত্ব প্রদান কৰিছিল যদিও সকলো সমষ্টিতে শোচনীয় পৰাজয় বৰণ কৰে৷
তামুলপুৰ জিলাৰ ৫টা পৰিষদীয় সমষ্টিৰ বিজেপিয়ে দুটা, বিপিএফে দুটা আৰু ইউপিপিএলে এটা পৰিষদীয় সমষ্টিত জয়লাভ কৰিবলৈ সক্ষম হৈছে৷ গয়বাৰী পৰিষদীয় সমষ্টিত বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে জয়লাভ কৰে৷ আনহাতে, দৰঙাজুলি পৰিষদীয় সমষ্টিত বিজেপি প্রার্থী বিজিৎ গৌৰা নার্জাৰী, নাগ্রীজুলি পৰিষদীয় সমষ্টিত বিজেপি প্রার্থী ভজন দাসে জয়লাভ কৰিবলৈ সক্ষম হৈছে৷ আনহাতে, শুক্লাই ছেৰফাং পৰিষদীয় সমষ্টিত বিপিএফৰ প্রার্থী গণেশ কছাৰী আৰু গোৰেশ্বৰ পৰিষদীয় সমষ্টিত বিপিএফৰ প্রার্থী মহেশ্বৰ বসুমতাৰীয়ে জয়লাভ কৰিছে৷