নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬ ঘণ্টীয়া অভিযানত জব্দ ৩৫বিধ নথি–লেপটপ–পেনড্ৰাইভ-হাৰ্ডডিস্ক

🔹 দ্বিতীয় দিনাও ফেষ্টিভেল মহন্তৰ ঘৰত এছআইটি

🔹 গুৱাহাটীত সিদ্ধার্থ শর্মাৰ ৮টা বেংক একাউণ্ট জব্দ

বিশেষ বাৰ্তা, ২৭ ছেপ্টেম্বৰ : অমৃতকণ্ঠ জুবিন গার্গৰ ৰহস্যজনক মৃত্যুক লৈ দ্বিতীয় দিনাও চলে অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট, চমুকৈ এছআইটিৰ অভিযান৷ এছআইটিৰ দলে কালি পুনৰ দালাল শ্যামকানু মহন্তৰ গীতানগৰৰ কার্বি পথত থকা প্রাসাদোপম অট্টালিকাত অভিযান চলোৱাৰ লগতে শিল্পী জুবিন গার্গৰ মেনেজাৰ সিদ্ধার্থ শর্মাৰ মহানগৰীৰ বিভিন্ন বেংকত থকা আঠটাকৈ একাউণ্ট জব্দ কৰিছে৷

বিশেষ সূত্রই সদৰী কৰা মতে, মেনেজাৰ সিদ্ধার্থ শর্মাই উক্ত বেংক একাউণ্টকেইটাৰ জৰিয়তে বিভিন্ন সময়ত কোটি কোটি টকাৰ লেনদেন কৰিছিল৷ যিহেতুকে সিদ্ধার্থ শর্মাই শিল্পী জুবিন গার্গৰ ইভেণ্টৰ মাননিৰ পৰা আৰম্ভ কৰি সকলো লেনদেন তদাৰক কৰিছিল৷ স্বাভাৱিকতে উক্ত একাউণ্টকেইটাৰ তথ্য পোহৰলৈ আহিলে সকলো স্পষ্ট হৈ পৰিব বুলি ধাৰণা কৰা হৈছে৷

ইপিনে, এছআইটিৰ মুখ্য তদন্তকাৰী বিষয়া তথা চিএম ভিজিলেঞ্চৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ড০ ৰ’জী কলিতাৰ নেতৃত্বত এটা বৃহৎ দলে কালি দিনৰ প্রায় ১ বজাত শ্যামকানু মহন্তৰ গীতানগৰৰ বাসভৱনত উপস্থিত হয়৷ দলটোৱে শ্যামকানু মহন্তৰ ঘৰত প্রায় ৭ ঘণ্টাজুৰি অভিযান চলাই ৭টা ম’বাইল, ২টা লেপটপ, ফাইল আৰু হার্ডডিস্ক জব্দ কৰিছিল৷ দলটোৱে ঘৰটোৰ কেইবাটাও বন্ধ কোঠাৰ তলা ভাঙি ৬ ঘণ্টাজুৰি তালাচী চলায়৷ সন্ধিয়া প্রায় ৬ বজাত দলটোৱে অভিযান সামৰে৷

আৰক্ষীৰ বিশেষ সূত্রৰ পৰা জানিব পৰা মতে, কালিৰ অভিযানত এছআইটিৰ দলটোৱে প্রায় ৩৫বিধ নথি–পত্রসহ বিভিন্ন সামগ্রী জব্দ কৰে৷ উক্ত সামগ্রীসমূহৰ ভিতৰত ভূমি সম্পর্কীয় নথি, ব্যৱসায়িক অংশীদাৰিত্বৰ চুক্তিপত্র, প্রায় ৭খন পানকার্ড, দুটা লেপটপ, কেইবাটাও পেনড্রাইভ, হার্ডডিস্ক আৰু বহুকেইখন চিডি জব্দ কৰে৷ তদুপৰি আন এটা বৃহৎ ট্রাংকত বহু নথিপত্রও এছআইটিৰ দলে জব্দ কৰে৷

সূত্রটোৱে সদৰী কৰা মতে, উক্ত নথিসমূহৰ ভিতৰত ব্যৱসায়ী শ্যামকানু মহন্তৰ ব্যৱসায়িক বহু নথি আছে৷ যিবোৰৰ দ্বাৰা পৰৱর্তী সময়ত ক’ৰ পৰা কিদৰে ৰাজহ ফাঁকি দি বৃহৎ মুনাফা দালালটোৱে সংগ্রহ কৰি আছিল, সেই সন্দর্ভত এছআইটিয়ে তদন্ত কৰাত সুবিধা হ’ব৷

উল্লেখ্য যে পৰহি অভিযানৰ সময়ছোৱাত মানপাৰাৰ অর্কিড হিলভিউ এপার্টমেণ্টত থকা সিদ্ধার্থ শর্মাৰ ফ্লেটত বহু হাজাৰ অনুৰাগীয়ে অপ্রীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল৷ যাৰ বাবে কালি যাতে তেনে পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ প্রতি লক্ষ্য ৰাখি আৰক্ষী–প্রশাসনে গীতানগৰৰ বিভিন্ন এলেকাৰ লগতে শ্যামকানু মহন্তৰ ঘৰলৈ যোৱা কেইবাটাও পথত বহুসংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰে৷

ইপিনে, পৰহি জালুকবাৰীৰ গাড়ীগাঁৱৰ পৰা আটক কৰা শিল্পী জুবিন গার্গৰ বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামীক পৰহি নিশাজুৰি চিআইডিৰ কার্যালয়ত তদন্তকাৰী দলে মাৰাথন জেৰা চলায়৷ উল্লেখ্য যে শিল্পীগৰাকীৰ মৃত্যুৰ পাছতে শেখৰজ্যোতি গোস্বামীয়ে সামাজিক মাধ্যমত কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল৷ হোৱাটছএপযোগে আন এজন লোকক শেখৰজ্যোতি গোস্বামীয়ে শিল্পীগৰাকী সন্দর্ভত বহু তথ্য অৱগত কৰিছিল৷ হোৱাটছএপ বার্তাটোত শেখৰজ্যোতি গোস্বামীয়ে শিল্পী জুবিন গার্গ শাৰীৰিকভাৱে সুস্থ একেবাৰে নাছিল বুলি মন্তব্য কৰাৰ লগতে ছিংগাপুৰত ঢুকাল যদিও গুৱাহাটীত থাকিলেও তেওঁৰ মৃত্যু হ’লহেঁতেন বুলি বিস্ফোৰক মন্তব্য কৰিছিল৷ ইয়াৰ মাজতে শিল্পী জুবিন গার্গৰ মেনেজাৰ সিদ্ধার্থ শর্মা সন্দর্ভতো বহু ভয়ংকৰ তথ্য অৱগত কৰিছিল শেখৰজ্যোতি গোস্বামীয়ে৷

বিশেষ সূত্রৰ পৰা জানিব পৰা মতে, হোৱাটছএপ বার্তাত উল্লেখ কৰা তথ্যৰ সত্যতা সন্দর্ভত এছআইটিৰ দলে বহু সময় ধৰি শেখৰজ্যোতি গোস্বামীক জেৰা চলায়৷ হোৱাটছএপ বার্তাটোত কোৱাৰ দৰেই এছআইটিৰ সন্মুখতো উক্ত বক্তব্য তেওঁ প্রদান কৰাৰ লগতে আন কেইবাটাও তথ্য এছআইটিক প্রদান কৰিছে৷ অৱশ্যে তদন্তৰ খাতিৰত আন তথ্যসমূহ বর্তমানলৈকে আনুষ্ঠানিকভাৱে কোৱাৰ পৰা সূত্রটো বিৰত থাকে৷

ইপিনে, শিল্পী জুবিন গার্গৰ ৰহস্যজনক মৃত্যুক লৈ অসম আৰক্ষী একচন মুডত থকাৰ সময়তে নতুন দিল্লীৰ অধিবক্তাৰ জৰিয়তে অগ্রিম জামিনৰ কুচকাৱাজ আৰম্ভ কৰিছে দালাল শ্যামকানু মহন্তই৷ সদৌ অসম উকীল সন্থাই ৰাজ্যজুৰি সকলো অধিবক্তাকে শিল্পী জুবিন গার্গৰ মৃত্যুত অভিযুক্ত কোনো লোকৰ গোচৰ নল’বলৈ আহ্বান জনোৱাৰ পৰিপ্রেক্ষিতত শ্যামকানু মহন্তই দিল্লীৰ অধিবক্তাৰ জৰিয়তে অগ্রিম জামিনৰ প্রস্তুতি চলাইছে৷ জানিব পৰা মতে, দিল্লীৰ অধিবক্তা অনিতা চাৰেণে শ্যামকানু মহন্তৰ বিৰুদ্ধে ৰুজু হোৱা এজাহাৰৰ প্রতিলিপিৰ লগতে এছআইটিয়ে তেওঁৰ ঘৰৰ পৰা জব্দ কৰা সামগ্রীৰ তালিকা সংগ্রহ কৰিছে৷ অভিযুক্তৰ হৈ অসমৰ অধিবক্তা সমাজে গোচৰ নোলোৱাৰ সিদ্ধান্তৰ পাছতে দিল্লীৱালা অধিবক্তাৰ জৰিয়তে হ’লেও শ্যামকানু মহন্তই বিপদৰ পৰা পৰিত্রাণ পোৱাৰ প্রস্তুতি চলাইছে৷

You might also like