সুকন্যা : প্রতি শৰতৰ প্রভাতী ফুলে…
কুমুদ তালুকদাৰ
…প্রতি শৰতৰ প্রভাতী ফুলে
ক’ব তোমাকেই মোৰ কথা
প্রতি মেঘালী নিশা জোনে
ক’ব তোমাকেই মোৰ বেথা…
শৰৎ ঋতু প্রকৃততে নিজে এটি গীতি–কবিতা৷ যি কবিতাৰ মাজত জিলিকি উঠে এখন বর্ণময় চিত্র৷ সেইবাবে শিল্পীৰ কণ্ঠত আৰু কবিৰ কবিতাত প্রস্ফুটিত হয় শৰতৰ মোহনীয় ছবি৷ কিন্তু সেই শৰতৰ ছবি আঁকিবলৈ আমাৰ মাজত নাই শাৰদ কোঁৱৰ জুবিন গার্গ৷ অসমৰ জাতীয় জীৱনৰ আপুৰুগীয়া সম্পদ জুবিন গার্গৰ কণ্ঠতো নিগৰিত হৈছিল শৰতৰ স্নিগ্ধ সুবাস৷ জুবিনবিহীন অসমলৈ এইবাৰো পৰম্পৰা অনুসৰিয়েই নামি আহিছে শৰৎ৷ জুবিনৰ সুৰেৰেই আজি অসমবাসীয়ে অনুভৱ কৰিছে যে এতিয়া হয়তো শৰৎ কালৰ প্রভাতী ফুলবোৰেই তেওঁৰ কথা ক’ব৷
স্নিগ্ধ আকাশৰ নির্মল মেঘৰ মাজৰ জোনে ক’ব আমাৰ জুবিনৰ মনৰ বেথা৷ এতিয়া অসমীয়াৰ হিয়াৰ আমঠু জুবিন গার্গ কায়িকভাৱে আমাৰ মাজত নাই৷ শতসহস্র অনুৰাগীক শোকৰ সমুদ্রত পেলাই থৈ চিৰনিদ্রাত নিদ্রিত মহান শিল্পীগৰাকী৷ জুবিন গার্গ অবিহনে যেন ম্লান হৈ পৰিছে শাৰদীয় দুর্গোৎসৱৰ সকলো উৎসাহ–উদ্দীপনা৷ মহানায়কৰ মহাপ্রয়াণত ম্রিয়মাণ শৰৎ৷ নৱৰাত্রি আৰম্ভ হোৱাৰ প্রাক্মুহূর্ততে এই ধৰা ধাম এৰি চিৰদিনলৈ বিদায় ল’লে সুৰৰ সম্রাটগৰাকীয়ে৷ যি সময়ত ঢ়াকৰ শব্দত চৌদিশ মুখৰ হ’ব লাগিছিল, সেই সময়তে চাৰিওফালে জুবিন গার্গৰ আটাইতকৈ প্রিয় গীত ‘মায়াৱিনী ৰাতিৰ বুকুত’ চকুলো হৈ বাগৰিছে৷ এইগৰাকী আজন্ম শিল্পী সত্তাৰ আকস্মিক বিদায়ত স্থবিৰ হৈ পৰিছে সময়৷
…মই যদি ঈশ্বৰ হ’লোঁহেঁতেন/আজিৰ মানুহ সৃষ্টি কৰা বন্ধ কৰি দিলোঁহেঁতেন/নতুনকৈ সৃষ্টি কৰিলোঁহেঁতেন/আৰু এবিধ মানুহৰ দৰে জন্তু, যি…মাৰি–কাটি/খায়–বৈ শুই জীয়াই নাথাকি/আৰু বহুত কিবাকিবি/কৰিলোঁহেঁতেন…৷ ভগৱান মানিব নিবিচৰা অথচ নিজেই ঈশ্বৰ হ’ব বিচৰা অসমীয়া জাতিৰ অমৃত সন্তান, জনশিল্পী জুবিন গার্গৰ কবিতাৰ এটি পংক্তি এয়া৷ মোৰ জাতি নাই, ধর্ম নাই, মই কাঞ্চনজংঘা বুলি কৈ অসমৰ সকলো জাতি–ধর্মৰ লোকক একতাৰ এনাজৰীৰে বান্ধি ৰাখিছিল এইগৰাকী শিল্পীয়ে৷ আচলতে ১৯ ছেপ্টেম্বৰৰ দিনটো অসমবাসীৰ বাবে আছিল এটি অভিশপ্ত দিন৷
এই দিনটোতে অসমলৈ আহিছিল শতিকাৰ অন্যতম দুখবৰটো৷ অসমীয়া সংগীতক বিশ্ব মঞ্চত পৰিচয় কৰাই দিয়া প্রাণৰ শিল্পী জুবিন গার্গে ছিংগাপুৰত সাগৰৰ বক্ষত চিৰদিনৰ বাবে শুই পৰাৰ খবৰটোৱে কেৱল অসম অথবা উত্তৰ–পূর্বাঞ্চলৰ সংগীত অনুৰাগীকে নহয়, সমগ্র দেশৰ লগতে বিশ্বৰ অগনিত লোকক শোকবিহ্বল কৰি তুলিছিল৷ ‘সাগৰতলিত শুবৰে মন’ বুলি ভগৱান প্রদত্ত যাদুকৰী কণ্ঠৰে লক্ষ লক্ষ অনুৰাগীক মন্ত্রমুগ্ধ কৰা কিংবদন্তি শিল্পীগৰাকীৰ সাগৰৰ বক্ষতে ঘটা আকস্মিক, অভাৱনীয় আৰু ৰহস্যজনক মৃত্যুৰ মর্মান্তিক খবৰ বিয়পি পৰাৰ লগে লগে হঠাতে স্তব্ধ হৈ পৰিছিল অসম তথা উত্তৰ–পূর্বাঞ্চলৰ জনজীৱন৷
প্রিয় শিল্পীগৰাকী অকস্মাতে এই ধৰাৰ পৰা নাইকিয়া হৈ যোৱা বুলি প্রচাৰিত খবৰ কোনেও প্রথমতে বিশ্বাসেই কৰিব পৰা নাছিল৷ কিন্তু এই বুকু বিদীর্ণ কৰা খবৰটোৱে সঁচা বুলি জনাৰ পিছত সকলোৰে খোৱা–শোৱা হেৰাই গৈছিল৷ জনতাৰ কণ্ঠগৰাকীক শ্রদ্ধাঞ্জলি জনাবলৈ স্বতঃস্ফূর্তভাৱে সকলো ৰাজপথলৈ ওলাই আহিল৷ কিছুবছৰৰ পৰা প্রায়ে নিজৰ মৃত্যুৰ কথা চর্চা কৰা শিল্পীগৰাকীয়ে ছয় বছৰ পূর্বে ৰাজহুৱাভাৱে আবেদন জনাইছিল যে তেওঁৰ মৃত্যুৰ পিছত সমগ্র ৰাজ্যবাসীয়ে তেওঁৰ আটাইতকৈ গভীৰ আৰু প্রাণময় গীতবোৰৰ অন্যতম ‘মায়াৱিনী ৰাতিৰ বুকুত’ গীতটো বজাব লাগিব৷
সেইবাবেই তেওঁৰ মৃত্যুৰ অপ্রত্যাশিত খবৰ বিয়পি পৰাৰ পিছতে অসমৰ বিভিন্ন প্রান্তৰ অনুৰাগীসকলে ফুটপাথ, ৰাজপথ, বন্ধ দোকানৰ সন্মুখ, স্কুল–কলেজ, বিশ্ববিদ্যালয়, অফিচ আদিত দিনে–নিশাই গালে, গোৱালে আৰু বজালে ‘ধুমুহাৰ স’তে মোৰ বহু যুগৰে নাচোন’৷ ইয়াৰ পিছতে আৰম্ভ হ’ল এক অপেক্ষা৷ ছিংগাপুৰৰ পৰা হিয়াৰ আমঠু জুবিন গার্গৰ চিৰশায়িত নিথৰ দেহ শেষবাৰলৈ প্রত্যক্ষ কৰাৰ অপেক্ষা আছিল এয়া৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দেশৰ প্রথমগৰাকী মুখ্যমন্ত্রী হিচাপে এগৰাকী শিল্পীৰ কফিন দিল্লী বিমান বন্দৰত চমজি ল’লে৷
সেই সময়তো মুখ্যমন্ত্রীগৰাকীয়ে গাই গ’ল শিল্পী জুবিন গার্গৰ– ‘মায়াৱিনী ৰাতিৰ বুকুত’৷ ইয়াৰ পিছতে আৰম্ভ হয় মৰমৰ শিল্পীগৰাকীৰ নিজৰ জন্মভূমিলৈ ওভতনি যাত্রা৷ গোটেই নিশা হাজাৰ হাজাৰ অনুৰাগীয়ে পথলৈ ওলাই আহি দেৱদূতৰ আগমনলৈ অপেক্ষা কৰিলে৷ উত্তৰ–পূর্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰ প্রায় প্রতিটো প্রান্তৰ শিশুৰ পৰা বৃদ্ধালৈ নিশাই গুৱাহাটীলৈ যাত্রা কৰিলে মৰমৰ শিল্পীগৰাকীক শেষ শ্রদ্ধা জনাবলৈ৷ শেষ নিশা গুৱাহাটীৰ বিমান বন্দৰত উপস্থিত হৈ তেওঁৰ নিজানে–নিতালে শুই থকা পার্থিৱ শৰীৰ৷ লগে লগে বিৰল ইতিহাসৰ সাক্ষী হৈ ৰ’ল অসমৰ লগতে সমগ্র বিশ্বৰ অগণন জনতা৷
উত্তৰ–পূর্বাঞ্চলৰ এখন পিছপৰা ৰাজ্যৰ এগৰাকী শিল্পীয়ে স্তম্ভিত কৰিলে দেশৰ লগতে বিশ্ববাসীক৷ টাইম্ছ অৱ ইণ্ডিয়া, ইণ্ডিয়ান এক্সপ্রেছ, দ্য হিন্দু আদিৰ দৰে ৰাষ্ট্রীয় কাকতসমূহৰ শিৰোনাম দখল কৰায়েই নহয়, নিউয়র্ক টাইম্ছৰ দৰে বিশ্বৰ আগশাৰীৰ কাকততো স্থান পালে অসমৰ অমৃত পুত্রই৷ আনকি বিশ্বৰ শতাধিক দেশে গুগলত ছার্চ কৰিলে জুবিন গার্গৰ বিষয়ে জানিবৰ বাবে৷ টেলিভিছনৰ পর্দাত দিনে–নিশাই বহি থকা লক্ষ লক্ষ লোকেও প্রত্যক্ষ কৰিলে কোনোকালে নেদেখা বহু বিৰল দৃশ্য৷ জুবিন গার্গৰ মৃতদেহ কঢ়িয়াই অনা বিশেষ বিমানখন গুৱাহাটী বিমান বন্দৰত অৱতৰণ কৰাৰ লগে লগে তাত কর্মৰত প্রায় সকলো কর্মীয়ে প্রট’কল ভাঙি দৌৰি গৈছিল ৰানৱেলৈ৷
শিল্পীগৰাকীৰ নিথৰ দেহ গৃহাভিমুখে আনিবলৈ পুষ্পসজ্জিত বাহনত উঠোৱাৰ লগে লগে তেওঁৰ কফিন সাবটি কান্দোনত ভাঙি পৰে বিমান বন্দৰত কর্মৰত ভক্তসকল৷ ইতিমধ্যে বিমানকোঠৰ বাহিৰত সৃষ্টি হৈছিল জনসমুদ্র৷ একো একোটা দগ্ধ হূদয়েৰে শৱযাত্রাত অংশ লোৱা অনুৰাগীৰ সংখ্যাই ইতিহাস ৰচিছিল৷ বিমান বন্দৰৰ পৰা মৃতদেহ ঘৰলৈ অনাৰ পথত অশ্রুসিক্ত নয়নেৰে উবুৰি খাই পৰিছিল আবাল–বৃদ্ধ–বনিতা৷ তেওঁলোকৰ মুখত জুবিনৰ গান আৰু চকুত আছিল চকুলো৷ জনতাৰ এনে মৰমৰ বাবে জুবিনৰ নাম উচ্চাৰিত হ’ল বিশ্ববিশ্রুত পপ গায়ক মাইকেল জেকছনৰ সৈতে৷ জুবিনে অতিক্রম কৰিলে পোপ ফ্রান্সিছ আৰু ৰাণী দ্বিতীয় এলিজাবেথৰ সীমাহীন জনপ্রিয়তা৷
ভাৰতবর্ষত এই পর্যন্ত কোনো লোকৰ মৃত্যু সমদলত ইমান বিশাল সমাগম হোৱা নাছিল৷ জনতাৰ ভিৰৰ বাবে বিমানকোঠৰ পৰা নশ্বৰ দেহ নিজৰ ঘৰত উপস্থিত হওঁতে প্রায় ৭ ঘণ্টা সময়ৰ প্রয়োজন হৈছিল৷ ইপিনে আগদিনাৰ পৰা স্বতঃস্ফূর্তভাৱে বন্ধ হৈ পৰিছিল অসমৰ সকলো দোকান–পোহাৰ৷ সাগৰেও কাঢ়ি নিব নোৱাৰা এইগৰাকী শিল্পী বীৰৰ দৰে প্রৱেশ কৰিছিল স্বভূমিত৷ সদায় মানুহৰ মাজত থাকি ভাল পোৱা অসমৰ ৰূপহ কোঁৱৰ অহা সমগ্র বাটছোৱাই হৈ পৰিল জনসমুদ্র৷ জনতাৰ মহাসমুদ্রত বিলীন হৈ গ’ল প্রাণৰ শিল্পীগৰাকী৷
এই জনসমুদ্রৰ মাজেৰে স্ব–গৃহৰ পৰা অনা হ’ল অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পলৈ৷ ইতিমধ্যে ষ্টেডিয়ামত হাজাৰ–বিজাৰ লোকে পূর্বৰ পৰা মৃত্যু জিনা শিল্পীগৰাকীক শেষ শ্রদ্ধা জনাবলৈ নিশাৰ পৰা ভিৰ কৰিছিল৷ মৃত্যুৰ শীতল কোলাত শুই পৰা মানস পুত্রক শেষবাৰৰ বাবে ওচৰৰ পৰা চাবলৈ লক্ষ লক্ষ অনুৰাগীয়ে সিক্ত কৰিলে সৰুসজাই৷ তিনি দিন ধৰি জনসমুদ্রৰ চকুলোৰে তিতি থাকিল সৰুসজাই ষ্টেডিয়ামৰ চৌহদ৷ সকলোৰে এষাৰে প্রার্থনা– চকু মেলা, সাৰ পোৱা, মোলে চোৱা/আকৌ এবাৰ কথা কোৱা, মোৰ হোৱা৷ সৰুসজাইত শিল্পীগৰাকীৰ নশ্বৰ দেহ উপস্থিত হোৱাৰ পিাছতে কেৱল সেই অঞ্চলটোত মুষলধাৰ বৰষুণ আৰম্ভ হৈছিল৷ যেন প্রিয়জনৰ বিদায়ত ক্রন্দনৰত হৈছিল বিশাল আকাশ৷ আকাশত ৰামধেনু ওলাইছিল৷ এয়া যেন ভগৱানৰ এক বিৰল সংযোগ৷
জীৱন কালত কেতিয়াও অকলশৰীয়া হোৱা নাছিল জুবিন গার্গ৷ জুবিন গার্গ বুলি ক’লে চৌদিশে আৱৰি থাকে অসংখ্য অনুৰাগীয়ে৷ ঘৰৰ বাহিৰ ওলালেই মানৱদৰদী শিল্পীগৰাকীৰ চৌপাশ মানুহেৰে ভৰি পৰে৷ জুবিন গার্গৰ প্রতিটো সংগীতানুষ্ঠানত বিৰ দি বাট নোপোৱা অৱস্থা হয়৷ পৃথিৱীৰ পৰা বিদায় লোৱাৰ পিছতো যেন তাৰ ব্যতিক্রম নহ’ল৷ মৰতৰ পৰা সৰগলৈ এই যাত্রাতো তেওঁক সংগ দিলে জনসমুদ্রই৷ সমগ্র দেশৰ সংগীত জগত বিস্মিত হৈ ৰ’ল জুবিন গার্গৰ প্রতি থকা মানুহৰ এই মৰম আৰু ভাল পোৱা দেখি৷ শিশুৰ পৰা বৃদ্ধলৈ সকলো বয়সৰ লোকেই আছিল জুবিন গার্গৰ একান্ত অনুৰাগী৷
সময় আগবঢ়াৰ লগে লগে সৰুসজাইতো বৃদ্ধি পাইছিল অনুৰাগীৰ ভিৰ৷ হিয়াৰ আমঠু শিল্পীগৰাকীক এবাৰ কাষৰ পৰা চাবলৈ প্রচণ্ড ৰ’দতো ঘণ্টাৰ পিছত ঘণ্টা ধৰি শাৰী পাতিছিল জনতাই৷ কেৱল দিনতেই নহয়, ওৰে নিশা শিল্পীগৰাকীক শেষ শ্রদ্ধা জনোৱা অনুৰাগীৰ সোঁত বৈছিল সৰুসজাইলৈ৷ অৱশেষত সকলোৰে হূদয় চুই যোৱা গীতেৰে শ্রোতাক মন্ত্রমুগ্ধ কৰি অহা শিল্পীগৰাকীৰ শেষ যাত্রাৰ সময় আহিল৷ সোণাপুৰৰ কমাৰকুছিত অনন্ত শয়নৰ বাবে স্থিৰ কৰা হৈছিল জুবিন গার্গৰ শেষ ঠিকনা৷ শ্মশান যাত্রাৰ পথতো একেই পৰিৱেশ৷ হাজাৰ–বিজাৰ লোকে সংগ দিছিল তেওঁৰ অন্তিম যাত্রাত৷ এনেদৰেই জুইৰ লেলিহান শিখাৰ মাজত হেৰাই গ’ল অসমৰ সর্বকালৰ সর্বাধিক জনপ্রিয় শিল্পীগৰাকী৷
আচলতে তেওঁ আছিল অসমৰ প্রতিটো পৰিয়ালৰে এগৰাকী সদস্য৷ সেইবাবে তেওঁৰ প্রাণস্পন্দনহীন নিথৰ দেহটো দেখি সকলো শোকত ভাগি পৰিছিল৷ অসমবাসীৰ বাবে তেওঁ এগৰাকী শিল্পীয়েই নহয়, প্রতিগৰাকী অসমীয়াৰ বাবে জুবিন আছিল আৱেগ৷ মহান শিল্পীগৰাকী আছিল অসমৰ হূদস্পন্দন৷ সংগীত আৰু শিল্পৰ জৰিয়তে কেইবা দশক ধৰি অস্থিৰ হৈ থকা অসম আৰু উত্তৰ–পূর্বাঞ্চলক তেওঁ ঐক্যবদ্ধ কৰিব বিচাৰিছিল৷ ১৯৯২ চনত এই শৰততে মুক্তি লাভ কৰা তেওঁৰ প্রথমটো শ্রব্য কেছেট ‘অনামিকা’ৰ জৰিয়তে জুবিন গার্গে সমগ্র অসমৰ সংগীতপ্রেমীৰ হূদয় জয় কৰিছিল৷
ইয়াৰ পিছৰে পৰা তিনিটা দশকৰো অধিক কাল তেওঁ গানেৰে সৃষ্টি কৰে এক প্রচণ্ড ধুমুহাৰ৷ জুবিন গার্গ হৈ পৰিল অসমৰ সর্বসাধাৰণ জনতাৰ আশা৷ সেইগৰাকী স্পষ্টবাদী মানৱদৰদী শিল্পীয়ে পুৰণিকলীয়া সামাজিক ৰীতি–নীতি, পৌৰাণিক ধর্মীয় মতবাদ আৰু অস্থিৰ ৰাজনৈতিক কর্তৃপক্ষৰ বিৰুদ্ধে জনতাৰ মাজত থাকি প্রবল প্রতিবাদ গঢ়ি তুলিছিল৷ বিষ্ণুপ্রসাদ ৰাভা আৰু চে গুৱেভাৰা আছিল তেওঁৰ আদর্শ ব্যক্তি৷ জুবিনে আন্তৰিকতাৰে বিশ্বাস কৰিছিল শিল্পীসকলে সমাজ গঢ়িব পাৰে আৰু সংগীতে জনসাধাৰণৰ অনুভূতি প্রকাশ কৰিব লাগিব৷ সেইবাবেই তেওঁ সাহসেৰে ঘোষণা কৰিব পাৰিছিল যে তেওঁৰ কোনো জাতি, ধর্ম নাই, তেওঁ কেৱল এজন মানুহ৷ অন্য শিল্পীসকলতকৈ জুবিন আছিল ব্যতিক্রম৷ সাধাৰণ লোকৰ দৰে জুবিনে সমাজৰ সৰু সৰু মানুহৰ সৈতে একাত্ম হৈ পৰিছিল৷
আকাশলংঘী খ্যাতি আৰু জনপ্রিয়তাই জুবিন গার্গক কেতিয়াও সলনি কৰিব পৰা নাছিল৷ মুম্বাইত আৰু কিছুবছৰ থকা হ’লে হয়তো তেওঁ হিন্দী চলচ্চিত্রৰ নেপথ্য শিল্পীৰূপে বলীউডত একছত্রী সম্রাট ৰূপে প্রতিষ্ঠা লাভ কৰিব পাৰিলেহেঁতেন৷ মুম্বাইলৈ যোৱাৰ কিছুদিনৰ পিছতে ‘গেংষ্টাৰ’ ছবিৰ বাবে গোৱা ‘য়া আলি’ গীতটোৰ জৰিয়তে সমগ্র দেশত নিশাৰ ভিতৰতে জুবিন গার্গ হৈ পৰিছিল এটি চিনাকি নাম৷ ২০০৬ চনত এই গীতটোৰ বাবে তেওঁ বহু তাৰকা শিল্পীক অতিক্রমি শ্রেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱার্ড’ বঁটা লাভ কৰিছিল৷ ইয়াৰ পিছতো তেওঁ কেইবাটাও জনপ্রিয় গীতত কণ্ঠদান কৰি বলীউডত প্রতিষ্ঠা লাভ কৰিছিল৷
কিন্তু মুম্বাইৰ জনপ্রিয়তা আৰু সাফল্যই জন্মভূমি অসমৰ প্রতি থকা তেওঁৰ প্রেম আৰু ভালপোৱা স্তিমিত কৰিব পৰা নাছিল৷ এদিন মুম্বাই এৰি জুবিনে অসমীয়া সংগীত, অসমীয়া জনতা আৰু অসমীয়া সংস্কৃতিৰ মাজত নিজকে নিমজ্জিত কৰে৷ পৰৱর্তী সময়ছোৱাত তেওঁ অসংখ্য সমধুৰ গীতেৰে অবিশ্বাস্য সফলতা অর্জন কৰি সংগীতৰ উচ্চ শিখৰত উপনীত হয়৷ প্রায় সকলো বাদ্যযন্ত্র সংগত কৰিব পৰা জুবিনে ৪০টা ভাষাত গীত গাই তেওঁৰ ঈশ্বৰপ্রদত্ত সুষম কণ্ঠৰে নতুন প্রজন্মৰ মাজত হার্টথ্র’ব হৈ পৰে৷ জীৱন কালত ৩৫ হাজাৰৰো অধিক গীত গাই ইতিহাস সৃষ্টি কৰাৰ বাবেই তেওঁ অনুৰাগীৰ হূদয় স্পর্শ কৰিব পাৰিছিল৷ জুবিনে প্রায় অকলশৰে অসমৰ সংগীত আৰু চলচ্চিত্র জগতক পুনৰ জীৱন দান কৰিছিল৷
প্রকৃততে জুবিন আছিল এগৰাকী সাংস্কৃতিক বিপ্লৱী৷ সংগীতৰ জৰিয়তে তেওঁ নিজৰ ভাষা–সংস্কৃতিক উজ্জীৱিত কৰাৰ চেষ্টা চলাইছিল৷ আঞ্চলিক কণ্ঠস্বৰ ৰুদ্ধ কৰিব বিচৰা বাণিজ্যিক হিন্দী সংগীতৰ প্রবল ঢ়ৌৰ বিৰুদ্ধে জুবিন আছিল এক বিপ্লৱী সত্তা৷ সেইবাবেই তেওঁ ছবি নির্মাণ, ছবি পৰিচালনা, অভিনয় আদিৰ ওপৰতো মনোনিৱেশ কৰিছিল৷ জুবিনৰ মৃত্যুৰ লগে লগে অসমে হেৰুৱালে এক প্রতিষ্ঠানবিৰোধী কণ্ঠস্বৰ৷ জীৱন কালত তেওঁ কোনো ৰাজনৈতিক মতবাদত বিশ্বাসী নাছিল আৰু কালৈকো ভয় কৰা নাছিল৷ এটি সাক্ষাৎকাৰত জুবিনে কৈছিল– ‘মই ভয় কৰোঁ ঘড়ীটোক৷ ভয় কৰোঁ সময়ক৷ কাৰণ সময় মোৰ বাবে মূল্যৱান৷’
সেইবাবে মহাসমুদ্রৰ বুকুত লাইফ জেকেট পৰিধান নকৰাকৈ সাঁতুৰিবলৈ ভয় কৰা নাছিল এইগৰাকী ৰাজপুত্রই৷ তেওঁ ভগৱানক ভয় কৰা নাছিল অথবা বিশ্বাসো কৰা নাছিল৷ তেওঁ আছিল একপ্রকাৰ নাস্তিক৷ কিন্তু নাস্তিক ৰূপে নিজকে পালিত কৰা এইগৰাকী শিল্পীৰ মৃত্যু ঘটিছিল ভগৱানৰ দৰে৷ He was born and atheist but died like a god’. এতিয়া জুবিন অবিহনে অসমবাসীয়ে প্রথমটো শৰৎ অতিবাহিত কৰিব৷ আজি মৰমৰ শিল্পীগৰাকী নাই, কিন্তু সকলোৰে মনত বাজি আছে এটি গীতৰ কলি– ‘মই নথকাৰ অনুভৱ/যিদিনা হ’ব তোমাৰ/সিদিনা অশ্রু নিগৰিবনে কোৱা…৷’
ফোনঃ ৮৬৩৮৪–১৪৯৫৪