নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : সপ্তমী–অষ্টমী-নৱমী আৰু দশমী পূজাৰ তাৎপর্য আৰু তাত্ত্বিক দিশ

ড০ সুশান্ত কুমাৰ কাশ্যপ

হিন্দু ধর্মত দেৱীশক্তিৰ পূজা বিশেষভাৱে গুৰুত্বপূর্ণ৷ শক্তি উপাসনাৰ মাজেৰে মানুহে নিজৰ নিজৰ ভিতৰৰ ভয়, শংকা, অজ্ঞতা আৰু অশুভ প্রবৃত্তিৰ ওপৰত জয়লাভ কৰিবলৈ চেষ্টা কৰে৷ দুর্গাপূজা শৰৎকালত অনুষ্ঠিত হোৱা এক অতি গুৰুত্বপূর্ণ শক্তি পূজা৷ এহ পূজাৰ মূল আধ্যাত্মিক অর্থ হৈছে দেৱীৰ বাহ্যিক মূর্তিৰ দ্বাৰা মানৱ অন্তৰত সুপ্ত হৈ থকা দিৱ্যশক্তি জাগ্রত কৰা৷

পাঁচদিনীয়াকৈ পালন কৰা দুর্গাপূজাৰ আৰম্ভণি হয় ষষ্ঠীৰে৷ সিদিনা দেৱীক মণ্ডপত প্রতিষ্ঠা কৰা হয়৷ ষষ্ঠীৰ পৰা চাৰি দিন ক্রমে সপ্তমী, অষ্টমী, নৱমী আৰু বিজয়া দশমীত দেৱীক পূজা–অর্চনা কৰা হয়৷ দুর্গাপূজাৰ সপ্তমী, অষ্টমী, নৱমী আৰু দশমীৰ আচাৰ–অনুষ্ঠানসমূহে গুৰুত্বপূর্ণ আধ্যাত্মিক বার্তা প্রদান কৰে৷ সপ্তমীৰ দিনা অন্তৰত শক্তিৰ আহ্বান, অষ্টমী শুভ–শুভৰ সন্ধিক্ষণ, নৱমীত অশুভ শক্তিৰ পূর্ণ বিনাশ আৰু দশমীত শুভ শক্তিৰ বিজয় আৰু দেৱত্বৰ সার্বজনীন উপলব্ধি৷

শাস্ত্রত উল্লিখিত মতে, ষষ্ঠীত প্রতিষ্ঠা কৰা দেৱীক সপ্তমীৰ দিনা কলহ বা ঘট্ স্থাপন আৰু নৱপত্রিকা প্রৱেশৰ জৰিয়তে আহ্বান কৰা হয়৷ কলহক সমৃদ্ধি, শুভ, মংগলৰ প্রতীক বুলি গণ্য কৰা হয়৷ পূজাত জলভর্তি কলহৰ ওপৰত আমৰ পাত আৰু নাৰিকল স্থাপন কৰি ‘পূর্ণ কলহ’ ৰূপে প্রতিষ্ঠা কৰা হয়৷ ইয়াক দেৱ–দেৱীৰ আসন, শক্তি আৰু অক্ষয় সম্পদৰ প্রতীক হিচাপে ধৰা হয়৷ তেনেদৰে নৱপত্রিকা কৃষি জীৱনৰ উর্বৰতা আৰু প্রকৃতিৰ শক্তিৰ প্রতীক হিচাপে গণ্য কৰা হয়৷ ইয়াৰ তাত্ত্বিক বোধ হ’ল মানৱ জীৱনে নিজৰ হৃদয়ত দেৱীশক্তিক প্রতিষ্ঠা কৰি হৃদয়স্থিত দিব্যশক্তি জাগ্রত কৰাৰ প্রচেষ্টা কৰে৷

অষ্টমী পূজা বা মহাষ্টমী পূজাৰ দিনটোতেই দুর্গাপূজাৰ মূল গাম্ভীর্যতা প্রকাশ পায়৷ এই দিনটোৰ অন্তত অনুষ্ঠিত ‘সন্ধিপূজা’ই এক বিশেষ স্থান লাভ কৰে৷ সন্ধিপূজা মানে অষ্টমী আৰু নৱমীৰ সন্ধিক্ষণত অনুষ্ঠিত হোৱা এক বিশেষ পূজা৷ এই পূজাত ১০৮টা চাকি, পদ্ম আৰু বেলপাতেৰে দেৱীক আহ্বান কৰা হয়৷ সন্ধি মানেই হৈছে সংযোগ আৰু এই পূজাৰ জৰিয়তে শুভ আৰু অশুভ, পোহৰ আৰু আন্ধাৰ, সৃষ্টি আৰু ধ্বংসৰ সংযোগ প্রতিফলিত হয়৷ অষ্টমী আৰু নৱমীৰ সন্ধিক্ষণত দুর্গাদেৱীক ‘চামুণ্ডা’ নামেৰে জনা যায়৷ এই সময়তে দেৱী মহিষাসুৰমর্দিনীয়ে চামুণ্ডা ৰূপে ‘চণ্ড’ আৰু ‘মুণ্ড’ নামৰ দুজন অসুৰক বিনাশ কৰিছিল৷ এই পূজাৰ অন্তর্নিহিত তত্ত্ব হ’ল দেৱীৰ শক্তিৰ জৰিয়তে অশুভ শক্তিৰ বিনাশৰ কামনা কৰা হয়৷ দৰাচলতে সন্ধিপূূজা কেৱল এক পূজার্চনা নহয়, ই অন্ধকাৰৰ পৰা পোহৰলৈ, অশুভৰ পৰা শুভলৈ, অজ্ঞতাৰ পৰা জ্ঞানলৈ উত্থানৰ এক প্রতীক৷

নৱমী মানেই হৈছে সম্পূর্ণতা৷ নৱমীৰ দিনত পূজা সম্পূর্ণ হয়৷ শাস্ত্র অনুসৰি নৱমীৰ দিনা হোমযজ্ঞই বিশেষ গুৰুত্ব লাভ কৰে৷ যজ্ঞৰ অগ্ণিত অর্ঘ্য অর্পণৰ মাধ্যমেৰে পঞ্চতত্ত্ব অর্থাৎ পৃথিৱী, জল, অগ্ণি, বায়ু আৰু আকাশৰ সৈতে দেৱীশক্তিৰ মিলন কামনা কৰা হয়৷ ই অশুভ শক্তিৰ সম্পূর্ণ বিনাশ আৰু শুভ শক্তিৰ পূর্ণ বিকাশক প্রতিফলিত কৰে৷

দশমী পূজা, যাক বিজয়া দশমী বুলি কোৱা হয়, দুর্গাপূজাৰ অন্তিম পর্যায়৷ হয়াৰ সৈতে সম্পূর্ণ হয় দেৱীশক্তিৰ আহ্বান, পূজা আৰু বিসর্গৰ আধ্যাত্মিক যাত্রা৷ দশমীৰ দিনা দেৱীৰ বিসর্গ কৰা হয়৷ বিসর্গ মানে বিসর্জন৷ ষষ্ঠীৰ দিনা আহ্বান কৰা শক্তিক পুনৰ প্রকৃতিত মিলাই দিয়া হয়৷ শাস্ত্র মতে, দেৱী কোনোধৰণৰ মূর্তিত সীমাবদ্ধ নহয়, তেওঁ সকলোতে, সকলো সময়তে বিদ্যমান৷ ই কেৱল ধর্মীয় অনুষ্ঠান নহয়, ই হৈছে শুভশক্তিৰ বিজয়ৰ প্রতীক যিয়ে মানৱ জীৱনত নৈতিক আৰু আধ্যাত্মিক জয়লাভৰ বোধক প্রতিফলিত কৰে৷

মানৱ জীৱনৰ মূল সাধনা হৈছে অন্তৰৰ শক্তিক জাগ্রত কৰি অশুভক দমন কৰি শুভৰ বিজয় ঘটোৱা৷ দুর্গাপূজা মানে কেৱল বাহ্যিক আয়োজন নহয়, ই হৈছে দেৱত্বপ্রাপ্তিৰ বাবে অন্তৰৰ সাধনা আৰু সমাজ জীৱনত শুভশক্তিৰ বিস্তাৰৰ এক আধ্যাত্মিক দর্শন৷

ফোনঃ ৭০০২১–১০৬৮৩

You might also like