নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পূজা চাবলৈ গৈ পথ দুৰ্ঘটনাত পতিত বৃদ্ধাসহ জী-জোঁৱাই

নিয়মীয়া বাৰ্তা, কুকুৰমাৰা, ২ অক্টোবৰ : দক্ষিণ কামৰূপ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ভাগৱতীপাৰাৰ জিঅ’  পেট্ৰল পাম্পৰ সন্মুখত দুৰ্গাপূজাৰ নৱমীৰ দিনা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুখন চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাত আহত হয় এগৰাকী  বৃদ্ধাৰ  লগতে বৃদ্ধা গৰাকীৰ জী আৰু জোঁৱাই ।

প্ৰাপ্ত তথ্য অনুসৰি, পলাশবাৰীৰ হেমন্ত কলিতা নামৰ ব্যক্তিগৰাকীয়ে  নিজৰ এ এছ-০১ ডি পি-৭৯৬৫ নম্বৰৰ ওমনি বাহনখনত নিজৰ পত্নী আৰু শাহুৰ লগত ছয়গাঁৱৰ পৰা আহি আছিল নিজৰ গৃহ অভিমুখে। তেনেতে হঠাৎ ভাগৱতীপাৰাৰ পেট্ৰল পাম্পৰ পৰা ওলাই আহে  এ এছ-০১ বি জেদ-৪৮৮২ নম্বৰৰ ডাষ্টাৰ বাহনখন। লগে লগে দুয়োখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয় আৰু চূৰ্ণ-বিচূৰ্ণ হৈ পৰে দুয়োখন বাহন।

ঘটনাস্থলীত উপস্থিত থকা লোকৰ তৎপৰতাত উক্ত ঘটনাত আহত হোৱা বৃদ্ধাগৰাকীৰ লগতে হেমন্ত কলিতা আৰু তেওঁৰ পত্নীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। আনহাতে, ডাষ্টাৰ বাহনখনৰ আৰোহীকেইগৰাকীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ইফালে, ঘটনাস্থলীত উপস্থিত হয় বিজয়নগৰ আৰক্ষী। উল্লেখ্য যে দুৰ্ঘটনাগ্ৰস্ত ডাষ্টাৰ বাহনখনৰ পৰা উদ্ধাৰ হৈছে তিনি কাৰ্টন বিলাতী সুৰা ।

You might also like