বিশেষ বাৰ্তা, শুৱালকুছি, ২ অক্টোবৰ : শুৱালকুছিত আৰম্ভ হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুৰুজনাৰ ৫৭৭ সংখ্যক জন্মোৎসৱ ৷ অসমীয়া প্ৰাণ প্ৰতিষ্ঠা, একশৰণ হৰিনাম ধৰ্মৰ প্ৰৱৰ্তক, অসমীয়াৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে শুৱালকুছিৰ ঐতিহাসিক শ্ৰীশ্ৰী শংকৰদেৱ মন্দিৰ আৰু শ্ৰীশ্ৰীশংকৰদেৱ ধামৰ উদ্যোগত সুকীয়া সুকীয়াকৈ কালিৰে পৰা অনুষ্ঠিত হোৱা জন্মোৎসৱ উপলক্ষে কালি পুৱা ঊষা কীৰ্তনৰে চাৰিদিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ ইয়াৰ পিছতে নগৰত ছাত্ৰ-ছাত্ৰী আৰু স্বেচ্ছাসেৱকৰ শোভাযাত্ৰা উলিওৱা হয় ৷
পুৱা ৯ বজাত নগৰত অনুষ্ঠিত হয় গুৰুজনাৰ অমৰ সৃষ্টি বাটৰ ভাওনা প্ৰদৰ্শন ৷ শুৱালকুছিৰ ৰাজপথৰ প্ৰতিটো চ’কতে প্ৰদৰ্শিত ভাওনা প্ৰদৰ্শনে শত-সহস্ৰজনক মুগ্ধ কৰি তোলে ৷ ৰামায়ণ, মহাভাৰত আদিৰ কিছু কাহিনীভাগক লৈ কৰা বাটৰ ভাওনাই নতুন প্ৰজন্মক যথেষ্ট আকৰ্ষিত কৰা পৰিলক্ষিত হয় ৷ দিনৰ ১০ বজাত উন্মোচন হয় শ্ৰীশ্ৰীশংকৰদেৱ মন্দিৰৰ মুখপত্ৰ ’শ্ৰীমন্ত শংকৰ প্ৰকাশ’ ৷ উন্মোচন কৰে সভাপতি বিমল চন্দ্ৰ মেধিয়ে ৷ সন্ধিয়া অনুষ্ঠিত বন্তি প্ৰজ্বলন কাৰ্যসূচীত শুৱালকুছিৰ মহাপুৰুষীয়া ধৰ্মৰ প্ৰতিটো পৰিয়ালৰ পদূলিত অস্থায়ীভাৱে ৰোপণ কৰা কলগছত বন্তি জ্বলোৱা দৃশ্যই এক নৈসৰ্গিক পৰিৱেশৰ সৃষ্টি কৰে ৷
সমগ্ৰ শুৱালকুছি বন্তিৰ পোহৰত আলোকিত হৈ পৰে ৷ নিশা অনুষ্ঠিত হোৱা মহিলাৰ নাগাৰা নামত হিয়ামণি ভূঞা আৰু লিজা বৰ্মন দাসে পৰিৱেশন কৰা নাগাৰ নামে ৰাইজক আপ্লুত কৰে ৷ উল্লেখ্য যে ৪ অক্টোবৰত সামৰণি পৰিব গুৰুজনাৰ জন্মোৎসৱৰ কাৰ্যসূচী ৷