নিউজ ডেস্ক, ২ অক্টোবৰ : অৱশেষত ছিংগাপুৰৰ পৰা ভাৰতলৈ আহিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। ছিংগাপুৰ আৰক্ষীয়ে ভাৰতক প্ৰদান কৰিলে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। ভাৰতৰ উচ্চায়ুক্তক ছিংগাপুৰ আৰক্ষীয়ে আনুষ্ঠানিকভাৱে প্ৰদান কৰিলে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন।
উল্লেখ্য যে ১৯ ছেপ্টেম্বৰত ছিংগাপুৰৰ সাগৰত হিয়াৰ আমঠু জুবিনৰ দেহাৱসানৰ পিছত সমগ্ৰ ঘটনাটো ৰহস্যজনক হৈ পৰাত প্ৰাণৰ শিল্পীগৰাকীৰ Autopsy কৰা হৈছিল ছিংগাপুৰতে। তেতিয়াৰে পৰা জুবিনৰ মৃত্যু ৰহস্য উদঘাটনৰ বাবে সকলোৱে ছিংগাপুৰত কৰা Autopsyৰ প্ৰতিবেদনৰ বাবে ৰৈ আছিল। অৱশেষত ছিংগাপুৰ আৰক্ষীয়ে ভাৰতীয় উচ্চায়ুক্তক আনুষ্ঠানিকভাৱে এই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰদান কৰে। উল্লেখ্য যে ছিংগাপুৰত Autospy কৰিলেও প্ৰাণৰ শিল্পীগৰাকীৰ নশ্বৰ দেহ অসমলৈ অনাৰ পিছত বিভিন্নজনৰ দাবীত জিএমচিএইচতো কৰা হৈছিল জুবিনৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা।
এতিয়া ভাৰতীয় উচ্চায়ুক্তই অসম চৰকাৰলৈ প্ৰেৰণ কৰিছে ছিংগাপুৰ আৰক্ষীয়ে প্ৰস্তুত কৰা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। এই প্ৰতিবেদনৰ প্ৰতিলিপি গৰিমা শইকীয়া গাৰ্গকো অৰ্পণ কৰিব অসম চৰকাৰে। গৰিমা শইকীয়া গাৰ্গ যোৰহাটৰ পৰা গুৱাহাটীলৈ উভতি অহাৰ পাছতেই প্ৰদান কৰা হ’ব ছিংগাপুৰৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। অৱশ্যে, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা নকৰিবলৈ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গক অনুৰোধ জনাইছে আৰক্ষীয়ে।