নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিংগাপুৰৰ পৰাই উচ্চতম ন্যায়ালয়ত শ্যামকানুৱে দাখিল কৰিছিল লেখ আবেদন

নিউজ ডেস্ক, ৩ অক্টোবৰ : প্ৰাণৰ শিল্পীৰ মৃত্যুৰ ঘটনাৰে নাম সাঙোৰ খোৱা ধৃত শ্যামকানু মহন্ত দ্বাৰস্থ হৈছিল উচ্চতম ন্যায়ালয়ৰ। সংস্কৃতিৰ বেপাৰী শ্যামকানুৱে ছিংগাপুৰৰ পৰাই নিজক বচোৱাৰ সম্ভৱপৰ সকলো চেষ্টা চলাইছিল। চালাক শ্যামকানুৱে জুবিনৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ পৰা নিজক বচোৱাৰ বাবে ছিংগাপুৰত থকা অৱস্থাতে উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছিল।

উল্লেখ্য যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শোকাৱহ ঘটনাৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তক ইতিমধ্যে ১ অক্টোবৰত গ্ৰেপ্তাৰ কৰিছে চি আই ডিয়ে। সমান্তৰালকৈ সেইদিনাই জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাকো চি আই ডিয়ে গ্ৰেপ্তাৰ কৰিছিল। তাৎপৰ্যপূৰ্ণ যে শ্যামকানুক গ্ৰেপ্তাৰৰ পাছতে পোহৰলৈ আহিছে আন এক কাহিনী। শেহতীয়াকৈ পোহৰলৈ অহা খবৰ অনুসৰি, প্ৰিয় শিল্পী জুবিনৰ মৃত্যুৰ গোচৰৰ পৰা পৰিত্ৰাণ পাবলৈ শ্যামকানুৱে ছিংগাপুৰৰ পৰাই উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল লেখ আবেদন। শ্যামকানুৱে অধিবক্তা ৰাজকমলৰ জৰিয়তে উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিল এই লেখ আবেদন। সম্ভৱত: অসমৰ পৰা গোচৰটো স্থানান্তৰ অথবা আগতীয়া জামিনৰ বাবে এই আবেদন দাখিল কৰা হৈছিল বুলি ধাৰণা কৰা হৈছে। উল্লেখ্যে যে এই আবেদনত অসম চৰকাৰ, CBI, NIA, DGPক বিপক্ষ হিচাপে উল্লেখ কৰা হৈছিল।

জানিব পৰা মতে, ছিংগাপুৰত থকাৰ সময়তে ৩০ ছেপ্টেম্বৰত শ্যামকানুৱে দাখিল কৰিছিল এই আবেদন। অৱশ্যে অধিবক্তাৰ জৰিয়তে দাখিল কৰা এই আবেদনত আসোঁৱাহ থকাৰ বাবে উচ্চতম ন্যায়ালয়ে নাকচ কৰিছিল শ্যামকানুৰ আবেদন।

You might also like