নিয়মীয়া বাৰ্তা, বইটামাৰী, ৪ অক্টোবৰ : বঙাইগাঁও জিলাৰ বইটামাৰী আৰক্ষী চকী এলেকাৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বৰখাতাত কালি আবেলিৰ ভাগত বাইক আৰু আলট্ৰা বাছৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত ঘটনাস্থলীতে এজন বাইক আৰোহীৰ মৃত্যু হোৱাৰ বিপৰীতে আনজন আৰোহীৰ কালি নিশাৰ ভাগত বঙাইগাঁওৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যু হোৱা আৰোহী দুজনৰ এজন বইটামাৰী অঞ্চলৰ পঞ্চগাঁৱৰ অনুপম ৰায় (১৮) আৰু আনজন বিদ্যাপুৰ অঞ্চলৰ বামুণীটিলা গাঁৱৰ কৌশিক ৰায় (১৭) বুলি চিনাক্ত কৰা হৈছে।
ঘটনা সন্দৰ্ভত জানিব পৰা মতে, দুৰ্গাপূজাৰ সপ্তমীৰ দিনা অনুপম ৰায়ৰ পিতৃ নীলাম্বৰ ৰায়ে তেওঁৰ পুত্ৰ অনুপম ৰায় ওৰফে অৰূপ ৰায়ক এখন বাইক কিনি দিছিল। নম্বৰ প্লেটহীন সেই বাইকখনেৰে কালি আবেলিৰ ভাগত অনুপমে বিদ্যাপুৰ অঞ্চলৰ বামুণীটিলা গাঁৱত থকা তেওঁৰ পেহীয়েকৰ পুত্ৰ কৌশিক ৰায়ক লগত লৈ বইটামাৰীৰ এটা পেট্ৰল পাম্পত তেল ভৰাবলৈ যায়। পাম্পটোত তেল ভৰাই দুয়ো উত্তৰ শালমাৰা অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা ধুবুৰী দিশে আহি থকা এ এছ-০১ এইচ চি-০১৬৮ নম্বৰৰ তীব্ৰবেগী আলট্ৰা বাছ এখনৰ লগত সংঘৰ্ষ লাগে। লগে লগে পথচাৰীয়ে ঘটনাস্থলীত উপস্হিত হৈ বইটামাৰী আৰক্ষী চকীৰ আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে।
আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্হিত হৈ দুয়োকে উদ্ধাৰ কৰি বঙাইগাঁও লৱাৰ আছাম হাস্পতালত ভৰ্তি কৰায় যদিও চিকিৎসকে ইতিমধ্যে অনুপম ৰায়ৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে। আনহাতে, সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ থকা কৌশিক ৰায়ৰ নিশা ৯.২০ মান বজাত মৃত্যু হয়। যুৱক দুজনৰ মৃত্যুত সমগ্ৰ বইটামাৰী আৰু বিদ্যাপুৰ অঞ্চলত শোকৰ ছাঁ বিয়পি পৰিছে।আজি দিনৰ ভাগত দুয়োজন যুৱকৰ মৃতদেহ বঙাইগাঁও অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয়। আৰক্ষীয়ে ইতিমধ্যে বাছখন জব্দ কৰিছে।