নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মোক শান্তিৰ ন’বেল বঁটা নিদিয়াটো আমেৰিকাৰ প্রতি অপমান : ক্ষুণ্ণ ট্রাম্প

নিউজ ডেস্ক, ৪ অক্টোবৰ : শান্তিৰ ন’বেল বঁটাক লৈ পুনৰ অভিমান প্রকাশ কৰিছে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ ন’বেল কমিটীৰ ওপৰতো ক্ষুণ্ণ হৈছে মার্কিন ৰাষ্ট্রপতি ট্রাম্প৷

ৱাশ্বিংটনত এক অনুষ্ঠানত অংশগ্রহণ কৰি ৰাষ্ট্রপতি ট্রাম্পে কয়– মোক শান্তিৰ ন’বেল বঁটা নিদিয়াটো আমেৰিকাৰ প্রতি অপমান৷ কমিটীয়ে কাক ন’বেল বঁটা দিব যিয়ে একোৱে কৰা নাই বুলি ন’বেল কমিটীকো আক্রণৰ লক্ষ্য কৰি লয় মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে৷ ক্ষুণ্ণ ট্রাম্পে দাবী কৰিছে যে সম্প্রতি বিশ্বত চলি থকা কেইবাখনো যুদ্ধৰ তেওঁ অৱসান ঘটাইছে৷ ট্রাম্পে প্রকাশ কৰা মতে, তেওঁ এতিয়ালৈকে সাতখন যুদ্ধৰ সমাপ্তি ঘটাইছে৷ গাজা যুদ্ধক লৈ ইতিমধ্যে ২০ দফীয়া প্রস্তাৱ আগবঢ়াইছে৷ যদি এই প্রস্তাৱত সন্মত হৈ ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ বন্ধ হয় তেতিয়াহ’লে তেওঁ আঠখন যুদ্ধ বন্ধ কৰাৰ কৃতিত্বৰ অধিকাৰী৷ এনেধৰণৰ শান্তিৰ বাবে কাম কোনোৱে কৰা নাই৷ কিন্তু ইয়াৰ পাছতো তেওঁক ন’বেল বঁটা নিদিয়ে৷ কমিটীয়ে কোনো কাম নকৰা লোকক বঁটাটো দিব৷

তদুপৰি ট্রাম্পে কয়– ন’বেল বঁটা মোক নিদিলে আমেৰিকাক অপমান কৰা হ’ব৷ বঁটাটো মই নিজৰ কাৰণে বিচৰা নাই, দেশৰ কাৰণে বিচাৰিছোঁ৷ ন’বেল বঁটা এনে ব্যক্তিক দিয়া হয় যিয়ে সমাজৰ কাৰণে মহান কাম কৰে৷ উল্লেখ্য যে ৰাষ্ট্রপতি ট্রাম্পে শান্তিৰ ন’বেল বঁটাৰ বাবে যুদ্ধ বন্ধ কৰাৰ দাবী কৰি আহিছে৷ আনকি বিভিন্ন দেশৰ পৰা এই সন্দর্ভত মনোনয়নো পৰোক্ষভাৱে প্রেৰণৰ ব্যৱস্থা গ্রহণ কৰিছে৷

You might also like