নিউজ ডেস্ক, ৫ অক্টোবৰ : দেশজুৰি ই–কমার্চ সংস্থাসমূহে কেছ অন ডেলিভাৰীত অতিৰিক্ত চার্জ লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিছে গ্রাহকে৷ এইক্ষেত্রত কেন্দ্রীয় চৰকাৰে গ্রাহকৰ অভিযোগক গুৰুত্ব আৰোপ কৰি অতিৰিক্ত চার্জ লোৱা ই–কমার্চ সংস্থাসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণৰ প্রক্রিয়া আৰম্ভ কৰিছে৷
কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীয়ে জানিবলৈ দিয়া মতে, ইতিমধ্যে ই–কমার্চ সংস্থাসমূহে কেছ অন ডেলিভাৰীত অতিৰিক্ত চার্জ লোৱা বিষয়টো চৰকাৰে পুংখানুপুংখভাৱে বিশ্লেষণ কৰিছে৷ ক্রেতাৰ অধিকাৰক উলংঘন কৰা এনে ই–কমার্চ সংস্থাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব৷
উল্লেখ্য যে অনলাইনযোগে সামগ্রী অর্ডাৰ দিয়াৰ পাছত অতিৰিক্তভাৱে ই–কমার্চ সংস্থাসমূহে চার্জ লৈ আহিছে৷ এই অতিৰিক্ত চার্জ ক্রেতাই ভৰি অহাটো ক্রেতাৰ অধিকাৰ উলংঘন বুলি দেশৰ বিভিন্ন প্রান্তৰ ক্রেতাই চৰকাৰৰ ওচৰত অভিযোগ উত্থাপন কৰিছে৷ ইয়াৰ পৰিপ্রেক্ষিততে ই–কমার্চ সংস্থাসমূহে ক্রেতাক অন্ধকাৰত ৰাখি লোৱা অতিৰিক্ত চার্জৰ বাবে ব্যৱস্থা গ্রহণ কৰিব৷