ডিজিটেল ডেস্ক, ৬ অক্টোবৰ : নলবাৰী জিলাৰ মুগকুছি গাঁৱৰ প্ৰতিভাসম্পন্ন যুৱক তথা শংকৰ-আজান পুথিভঁৰালৰ পৰিচালক আইনুল হকে ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰি সমগ্ৰ নলবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিছে।
উল্লেখ্য যে আইনুলে অসমীয়াৰ স্বাভিমান গামোচাত নিজে ৰচনা কৰা ১১টাকৈ কবিতা লিখি ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হয় । আইনুলৰ এনে সাফল্যত বিভিন্ন দল-সংগঠন তথা ব্যক্তিবিশেষে শুভেচ্ছা জ্ঞাপন কৰিছে । ইয়াৰ পূৰ্বে আইনুলে গছৰ পাতত অসমৰ জাতীয় সংগীতটো লিখি ব্যতিক্ৰমী কৰ্মৰে অসম বুক অৱ ৰেকৰ্ডছত ইতিমধ্যে নিজৰ নাম সন্নিৱিষ্ট কৰি থৈছে।
জিজ্ঞাসা মানুহৰ মনত উদয় হোৱা এক ধনাত্মক শক্তি। যি শক্তিয়ে মানুহক ইচ্ছাৰে সৈতে আগুৱাই যোৱাত অৰিহণা যোগায়। মানুহৰ মনৰ মাজত অনবৰতে জাগি থকা ইচ্ছা, স্পৃহা, সপোন আদি বিশেষৰ বাবে এগৰাকী ব্যক্তি আন এগৰাকীৰ পৰা পৃথক হোৱাই নহয়, ই ব্যক্তিগৰাকীৰ ব্যক্তিত্বৰ অলংকাৰো হৈ পৰে। তেনে এজন যুৱক আইনুল হক। স্নাতকোত্তৰ উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ অবাবত সময় নষ্ট নকৰি ওচৰ-চুবুৰীয়াৰ কণ কণ ল’ৰা-ছোৱালীক পাঠদান কৰিবলৈ লয়। চহৰৰ দুখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত পাঠদান কৰাৰ উপৰি ঘৰুৱা শিক্ষকৰ দায়িত্বও পালন কৰে। তদুপৰি আইনুল হকে নিজৰ সামান্য উপাৰ্জনেৰে সু-পৰিকল্পিতভাৱে একক প্ৰচেষ্টাৰে নিজ গৃহৰ সন্মুখত সৰুকৈ ঘৰ এটা সাজি শংকৰ-আজান নামেৰে পুথিভঁৰালটোও জন্ম দিয়ে। পুথিভঁৰাললৈ অহা ল’ৰা-ছোৱালীবোৰক পঢ়াৰ সুবিধা দিয়াৰ লগতে নিজেও সিহঁতক পঢ়ুৱায়। গাঁৱৰ বিভিন্নজন শিক্ষাৰ্থী পঢ়িবলৈ উপস্থিত হয় তেওঁৰ পুথিভঁৰালত। বৰ্তমান পুথিভঁৰালটোৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অধিক। আইনুল হকে শিক্ষকতাৰ ধন পুথিভঁৰালৰ নামত খৰচ কৰি উদাৰ মনৰ পৰিচয় দাঙি ধৰিছে।
ইয়াৰ উপৰি তেওঁ হাতে লিখা বহুকেইখন কবিতা পুথি আৰু আলোচনীও প্ৰস্তুত কৰি ছাত্ৰ-ছাত্ৰীক পঢ়িবলৈ সুবিধা কৰি দিছে। বৰ্তমান সময়ত নিবনুৱা সমস্যাৰ বাবে একাংশ যুৱক-যুৱতী চৰম হতাশাৰ সন্মুখীন হোৱাৰ পাছতো আইনুলৰ দৰে শিক্ষিত যুৱকে ব্যতিক্ৰমী চিন্তা-চৰ্চাৰে সমাজলৈ বিশেষ বাৰ্তা কঢ়িয়াইছে। নলবাৰীৰ আইনুল হকৰ ব্যতিক্ৰমী প্ৰচেষ্টাৰ বাবে তেওঁ নলবাৰীবাসীৰ লগতে ৰাজ্যৰ বিভিন্নজনৰ মাজত এটা চিনাকি নাম। আইনুল মুগকুছি গাঁৱৰ বাবুল আলী আৰু মীনা বেগমৰ কনিষ্ঠ পুত্ৰ ।