আইচিচি মহিলা এদিনীয়া বিশ্বকাপ ক্রিকেট : গুৱাহাটীত আজি ইংলেণ্ড-বাংলাদেশৰ যুঁজ
নিউজ ডেস্ক, ৭ অক্টোবৰ : গুৱাহাটীৰ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত আজি হ’বলগীয়া আইচিচি মহিলা এদিনীয়া বিশ্বকাপৰ মেচখনত মুখামুখি হ’ব ইংলেণ্ড আৰু বাংলাদেশ৷ প্রতিযোগিতাখনৰ প্রথমখন মেচতে সহজ বিজয় সাব্যস্ত কৰি আত্মবিশ্বাস তুংগত থকা ইংৰাজ বাহিনীয়ে আজি গুৱাহাটীত ক্রমাগত দ্বিতীয়টো জয়ৰ সোৱাদ ল’বলৈ সম্পূর্ণৰূপে সাজু হৈছে৷
যোৱা ৩ অক্টোবৰত বর্ষাপাৰাত অনুষ্ঠিত মেচখনত ইংলেণ্ডে দক্ষিণ আফ্রিকাক হেলাৰঙে ১০ উইকেটত পৰাস্ত কৰিছিল৷ আজিৰ মেচখনক লৈ আত্মবিশ্বাসী ইংলেণ্ড দলটোৱে পইণ্ট তালিকাৰ শীর্ষস্থানলৈ উন্নীত হোৱাৰ লক্ষ্যৰে নামিব৷
ইফালে, বাংলাদেশেও নিজৰ প্রথমখন মেচত বিজয় সাব্যস্ত কৰি মনোবল বৃদ্ধি কৰি তুলিছে৷ আজি ইংৰাজ বাহিনীৰ সকলো প্রত্যাহ্বান গ্রহণ কৰিবলৈ সাজু আছে বাংলাদেশ দলটো৷ ইংলেণ্ডে কালি দুপৰীয়া ২ বজাৰ পৰা ৫ বজালৈ এচিএ ক্রিকেট গ্রাউণ্ডত অনুশীলন চলোৱাৰ বিপৰীতে বাংলাদেশে সন্ধিয়া ৬ বজাৰ পৰা নিশা ৯ বজালৈ অনুশীলন চলায়৷
উল্লেখ্য যে আজি অসমবাসীয়ে বর্ষাপাৰা ষ্টেডিয়ামত বিশ্বকাপৰ তৃতীয়খন মেচ উপভোগ কৰাৰ সুযোগ লাভ কৰিব৷ খেলৰ সময় : দিনৰ ৩ বজা৷