বিধায়ক অখিলৰ অভিযোগক ভিত্তিহীন আখ্যা মন্ত্ৰী পীয়ুষ-ৰ
তেওঁ কয়, অখিল গগৈয়ে তথ্যসহ এই কথা ৰাজহুৱা কৰিব নোৱাৰিলে ক্ষমা খোজক। জুবিন গাৰ্গ আমাৰ মাজত নাই। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত ৰাজনীতি কৰা বুলি শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰে মন্ত্ৰীগৰাকী।
নৰ্থ ইষ্ট ফেষ্টিভেলত ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগৰ পৰা ৩০ লাখকৈ ধন আগবঢ়োৱা কথাটো ভিত্তিহীন- এই দাবী কৰিছে মন্ত্ৰী পীয়ুষ হাজৰিকাই। মন্ত্ৰী পীযুষ হাজৰিকাই অখিল গগৈক এই প্ৰত্যাহ্বান জনায় জাগীৰোডত।
তেওঁ কয়, অখিল গগৈয়ে তথ্যসহ এই কথা ৰাজহুৱা কৰিব নোৱাৰিলে ক্ষমা খোজক। জুবিন গাৰ্গ আমাৰ মাজত নাই। জুবিন গাৰ্গৰ মৃত্যুৰ পিছত ৰাজনীতি কৰা বুলি শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰে মন্ত্ৰীগৰাকী।
মন কৰিব লগা যে নৰ্থ ইষ্ট ফেষ্টিভেলত ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগৰ পৰা ৩০ লাখকৈ ধন আগবঢ়োৱা বুলি অভিযোগ আনিছিল বিধায়ক অখিল গগৈয়ে।
উল্লেখ্য যে অৰুণোদয় ৩.০ৰ উদ্বোধনী অনুষ্ঠানত জাগীৰোডৰ বাঘজাপৰ ১৫১নং বুথত অংশ লৈ এই মন্তব্য কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই।
ইফালে অসমৰ সৰ্ববৃহৎ আঁচনিখনৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায় মন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে অৰুণোদয় ৩.০ আঁচনিৰ অধীনত এইবাৰ ৰাজ্যৰ ৩৮ লাখ মহিলাক সামৰি লোৱা হৈছে আৰু মাহত ১২৫০ টকাকৈ প্ৰতিটো পৰিয়ালে লাভ কৰিব।
নিয়মীয়া বাৰ্তা ডেস্ক, ৭ অক্টোবৰ