২০২৫ চনৰ পদার্থবিজ্ঞানৰ ন’বেল বঁটা আজি ছুইডেনৰ ষ্টকহোমত অৱস্থিত ৰয়েল ছুইডিছ একাডেমি অৱ ছায়েন্সে ঘোষণা কৰিছে। এই বছৰ পদার্থ বিজ্ঞানৰ ন’বেল বঁটা প্ৰদান কৰা হৈছে- কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়, বাৰ্কলিৰ জন ক্লাৰ্ক, ইয়েল বিশ্ববিদ্যালয় আৰু ক্যালিফোৰ্নিয়া বিশ্ববিদ্যালয়, ছান্টা বাৰ্বাৰাৰ মিচেল এইচ. ডেভোৰেট আৰু কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়, ছান্টা বাৰ্বাৰাৰ জন এম. মার্টিনিছক।
এই কেইগৰাকী বিজ্যানীক বৈদ্যুতিক পৰিবৃত্তিত মাইক্ৰ’স্কপিক কোৱান্টাম প্ৰপঞ্চ (macroscopic quantum phenomena) — বিশেষকৈ কোৱান্টাম টানেলিং আৰু শক্তিৰ পৰিমাণীকৰণ (energy quantisation)ৰ যুগান্তকাৰী প্ৰদৰ্শনৰ বাবে সন্মানিত কৰা হৈছে।
তেওঁলোকৰ এই গুৰুত্বপূর্ণ গৱেষণাই ইঞ্জিনীয়াৰ্ড ছিষ্টেমত কোৱান্টাম মেকানিকছক সমৃদ্ধ কৰিছে আৰু ভবিষ্যতৰ কোৱান্টাম প্ৰযুক্তিৰ ব্যৱহাৰক্ষেত্ৰ উন্মোচন কৰিছে বুলি দাবী কৰা হৈছে।
পদার্থ বিজ্ঞানৰ নবেল বঁটা প্ৰতিবছৰে ৰয়েল ছুইডিছ একাডেমি অৱ ছায়েন্সে প্ৰদান কৰে। এই বঁটা পদার্থ বিজ্ঞানে গভীৰ প্ৰভাৱ পেলোৱা ব্যক্তিক সন্মানিত কৰিবলৈ প্ৰদান কৰা হয়। ১৯০১ চনত প্ৰতিষ্ঠিত এই বঁটা তাত্ত্বিক পদার্থবিজ্ঞান, কোৱান্টাম মেকানিকছ, পদাৰ্থ বিজ্ঞান আৰু জ্যোতিষশাস্ত্ৰৰ দৰে ক্ষেত্ৰত অসাধাৰণ অৱদানৰ বাবে প্ৰদান কৰা হয়।
নিয়মীয়া বাৰ্তা ডেস্ক, ৭ অক্টোবৰ