বাংলাদেশ-ৰ মাদ্রাছাত হিন্দুবিদ্বেষৰ পাঠদান, তছলিমা নাছৰিনৰ ছ’চিয়েল মিডিয়াত পোষ্ট
ধর্ম ইছলাম হ’লেও ধর্মীয় মৌলবাদৰ ঘোৰ বিৰোধিতা কৰি আহিছে বাংলাদেশ-ৰ বিতর্কিত লেখিকা তছলিমা নাছৰিনে৷ শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াৰ এক পোষ্টত দেশৰ পৰা বিতাড়িত হৈ বিদেশত স্থায়ীভাৱে বসতি স্থাপন কৰা লেখিকাগৰাকীয়ে বাংলাদেশৰ মাদ্রাছাত আনুষ্ঠানিকভাৱে শিক্ষার্থীসকলক হিন্দুৰ বিৰুদ্ধে ঘৃণা, হিংসা আৰু সাম্প্রদায়িকতাৰ শিক্ষা দিয়া হয় বুলি বিস্ফোৰক মন্তব্য কৰিছে৷
ফেচবুকত তছলিমাই শ্বেয়াৰ কৰা ৰীলত দেখা গৈছে এখন মাদ্রাছাত শিশুসকলক পাঠদান কৰি থকা হৈছে৷ পাঠদানৰ সময়ত শিশুসকলক হিন্দুৰ পূজাত গ’লে মুছলমান লোকসকলৰ কি ক্ষতি হয় সেই বিষয়ে শিক্ষা প্রদান কৰা হৈছে৷ ৰীলত স্পষ্টভাৱে শুনা গৈছে যে শিক্ষকগৰাকীয়ে শিক্ষার্থীসকলক হিন্দুৰ ধর্মীয় উৎসৱত অংশগ্রহণ কৰিলে ইছলাম লোকসকল দুর্বল হৈ পৰে৷ কণ কণ শিশুসকলক শপত বাক্য পাঠ কৰোৱাৰ দৰে সেই শাৰীকেইটা বাৰে বাৰে আওৰাবলৈ দিয়া হৈছে৷
তেওঁ কয়– এই শিক্ষা নিঃসন্দেহে হিন্দুবিৰোধী৷ ফেচবুকত ৰীলটো শ্বেয়াৰ কৰি লেখিকাগৰাকীয়ে উল্লেখ কৰে যে বাংলাদেশৰ মাদ্রাছাসমূহত হিন্দুৰ বিৰুদ্ধে হিংসা–ঘৃণা, অভব্য আচৰণ, বর্বৰতা আৰু সাম্প্রদায়িকতাৰ পাঠ শিকোৱা হয়৷ মন কৰিবলগীয়া যে বাংলাদেশত ইছলামী উগ্রবাদৰ উত্থান স্পষ্ট হৈ পৰিছে৷ হিন্দুসকলৰ ওপৰত নির্যাতন দিনক দিনে বৃদ্ধি পাইছে৷
বাংলাদেশত বসবাস কৰা সংখ্যালঘু লোকসকলে প্রতিটো মুহূর্তত ভয়তে কটাবলগীয়া হৈছে৷ এই সন্দর্ভত আন্তঃৰাষ্ট্রীয় পর্যায়তো মঃ ইউনিছৰ অন্তর্ৱর্তীকালীন চৰকাৰ সমালোচনাৰ সন্মুখীন হৈছে৷ মঃ ইউনিছে দেশখনত হিন্দুৰ ওপৰত চলা অত্যাচাৰ নস্যাৎ কৰিলেও শেহতীয়া দৃশ্যাৱলীয়ে দেশখনত সংখ্যালঘু লোকসকলৰ অনিশ্চিত ভৱিষ্যতকে সূচাইছে৷
লেখিকাগৰাকীয়ে কয়– প্রকৃত শিক্ষাই সকলোকে উদাৰ হ’বলৈ শিকায়৷ সকলোকে মানৱতাৰ শিক্ষাৰে শিক্ষিত কৰি ধর্মৰ অন্ধকাৰ দিশটো আঁতৰাই জ্ঞানৰ পোহৰেৰে আলোকিত কৰাটোৱেই প্রকৃত শিক্ষা৷ কিন্তু ইয়াৰ হুবহু বিপৰীত ছবি দেখা গৈছে বাংলাদেশৰ মাদ্রাছাসমূহত৷ তছলিমা নাছৰিনে এই কথাৰ তীব্র বিৰোধিতা কৰি এনে শিক্ষাক গৰিহণা দিবলৈ আহ্বান জনায়৷
নিয়মীয়া বাৰ্তা ডেস্ক, ৮ অক্টোবৰ