নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ দেশজুৰি লকডাউন অব্যাহত থকাৰ সময়তে এইবাৰ সাধাৰণ জনৰ প্ৰতি সকাহ কঢ়িয়াই শক্তি মন্ত্ৰণালয়ৰ এক ঘোষণাই । লকডাউনৰ সময়ত দেশত বহু পৰিমাণে কমিব বিদ্যুতৰ ব্যৱহাৰ । ফলত সকলোক্ষেত্ৰত আৰ্থিক মন্দাই দিয়ালৈ লক্ষ্য ৰাখি আগন্তুক তিনিমাহলৈ বিদ্যুত বিতৰণকাৰী সংস্থাসমূহক সকাহ দিয়াৰ সিদ্ধান্ত ঘোষণা কৰিলে শক্তি মন্ত্ৰণালয়ে ।
আগন্তুক ৩১ মাৰ্চ পৰ্যন্ত বিদ্যুত বিতৰণকাৰী সংস্থাসমূহৰ ছিকিউৰিটি মানি জমা কৰাৰ ক্ষেত্ৰত ৫০ শতাংশ ৰেহাই দিয়া হ’ল । বিদ্যুত সৰবৰাহৰ ক্ষেত্ৰত এই সংস্থাসমূহ যাতে কোনো সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা হৈছে এই পদক্ষেপ । ইফালে, আগন্তুক তিনিমাহলৈ টকা দিয়াৰ ক্ষেত্ৰত পলম হ’লেও কোনোধৰণৰ অতিৰিক্ত মাচুল লোৱা নহ’ব ।
ইতিমধ্যে কেন্দ্ৰ আৰু ৰাজ্যৰ বিদ্যুত সৰবৰাহকাৰী সংস্থাসমূহলৈ প্ৰেৰণ কৰা হৈছে এই নিৰ্দেশনা । সাধাৰণ মানুহৰ বিদ্যুত ব্যৱহাৰৰ ক্ষেত্ৰত যাতে কোনোধৰণৰ ব্যাঘাত নহয় সেই আশ্বাসো প্ৰদান কৰিছে মন্ত্ৰণালয়ে ।
অল ইণ্ডিয়া পাৱাৰ ইঞ্জিনিয়াৰ্ছ এছ’চিয়েচনৰ অধ্যক্ষ শৈলেন্দ্ৰ ডুবেই কৈছে যে, দেশৰ প্ৰায় সকলো ৰাজ্যতে এতিয়া ২০-৩০ শতাংশকৈ হ্ৰাস পাইছে বিদ্যুতৰ ব্যৱহাৰ । ৰেল, কল-কাৰখানা, কাৰ্যালয় আদিত বাণিজ্যিক চাহিদা নাই বুলিলেও ভুল নহয় । সেয়ে বিল সংগ্ৰহো কমি গৈছে প্ৰায় ৮০ শতাংশ । ফলত পৰিশোধৰ ক্ষেত্ৰত সমস্যা হোৱাটো স্বাভাৱিক বুলি উল্লেখ কৰে অধ্যক্ষ গৰাকীয়ে ।