নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

CID কাৰ্যালয়ত হাজিৰ জুবিন গাৰ্গৰ সহযোগী শিল্পী শতাব্দী বৰা

বিশেষ বাৰ্তা, ১১ অক্টোবৰ : মহানগৰীৰ উলুবাৰীৰ CID কাৰ্যালয়ত শনিবাৰে হাজিৰ হয় গায়িকা শতাব্দী বৰা। জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত সোধা-পোছাৰ বাবে তলব কৰা হৈছে শতাব্দী বৰাক। দীৰ্ঘদিন ধৰি জুবিন গাৰ্গৰ সৈতে গীত গাইছিল শতাব্দী বৰাই। ২০১৪ চনৰ পৰা জুবিন গাৰ্গৰ সহযোগী শিল্পী হিচাপে আছিল শতাব্দী বৰা।

উল্লেখ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছৰে পৰা সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিছে শতাব্দীয়ে। CIDত সিদ্ধাৰ্থক জেৰা চলি থকাৰ মাজতে শনিবাৰে CID কাৰ্যালয়ত উপস্থিত হয় গায়িকা শতাব্দী বৰা। জুবিন গাৰ্গৰ টকা সিদ্ধাৰ্থই আত্মসাত কৰাৰ অভিযোগ কৰিছিল শতাব্দীয়ে। ইয়াৰ পৰিপ্ৰেক্ষিতত সিদ্ধাৰ্থ আৰু শতাব্দীক মুখামুখিকৈ বহুৱাই জেৰা চলাব SIT-এ।

You might also like