নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

AIৰ আগ্রাসন : ভাৰতসহ ৬ ৰাষ্ট্রত বিলুপ্ত হ’ব ৭% চাকৰি

নিউজ ডেস্ক, ১২ অক্টোবৰ : একবিংশ শতিকাৰ আধুনিক বিজ্ঞান–প্রযুক্তিবিদ্যাৰ যুগত কৃত্রিম বুদ্ধিমত্তা (এআই)–ই বিশ্বৰ চাকৰিৰ বজাৰত ঋণাত্মক প্রভাৱ পেলোৱাৰ আশংকা নিতৌ ঘনীভূত হৈ আহিছে৷ ইয়াৰ মাজতে এইবাৰ খোদ বিশ্ব বেংকে প্রকাশ কৰিলে অনুৰূপ সম্ভাৱনা৷ অকল সম্ভাৱনাই নহয়, তৰুণ প্রজন্মলৈ অশনি সংকেত কঢ়িয়াই বিশ্ব বেংকে শেহতীয়াকৈ প্রস্তুত কৰিছে এক প্রতিবেদন৷ য’ত ভাৰতসহ দক্ষিণ এছিয়াৰ ৬খন দেশত এআইৰ ব্যৱহাৰৰ ফলত ৭ শতাংশ চাকৰি বিলুপ্ত হোৱাৰ কথা স্পষ্টভাৱে উল্লেখ কৰা হৈছে৷

দৈনন্দিন জীৱনত কৃত্রিম বুদ্ধিমত্তাৰ প্রয়োগৰ লগে লগে চাকৰিৰ বজাৰ তথা কর্মসংস্থাপনলৈ নামি আহিছে উদ্বেগ৷ কিয়নো এই আধুনিক প্রযুক্তিবিদ্যাই যন্ত্রৰ দৰে কাম কৰাৰ সমান্তৰালভাৱে মানুহৰ নিচিনাকৈ মগজু খটোৱাৰো প্রয়াস সর্বক্ষণ চলাই গৈছে৷ এক মুহূর্তৰ ভিতৰতে কোনো প্রশ্ণৰ উত্তৰ দিয়াটো বাদেই, জৰুৰী বৈঠক বা পাৱাৰপইণ্ট প্রেজেণ্টেচন অনায়াসে কৰিবলৈ সক্ষম এআই৷ এনে প্রেক্ষাপটত এআইৰ ব্যৱহাৰৰ প্রৱণতাই শ্রম বজাৰত ব্যাপক প্রভাৱ পেলোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ বিশ্ব বেংকৰ ‘ছাউথ এছিয়া ডেভেলপমেণ্ট আপডেট–জবছ–এআই এণ্ড ট্রেড’ শীর্ষক প্রতিবেদনখন মূলতঃ প্রস্তুত কৰা হৈছে ভাৰতৰ উপৰি বাংলাদেশ, নেপাল, ভূটান, মালদ্বীপ আৰু শ্রীলংকাক লৈ৷ চাকৰিৰ বজাৰৰ ক্ষেত্রত এই ৬খন ৰাষ্ট্র সন্দর্ভত উদ্বেগজনক তথ্য সন্নিৱিষ্ট হোৱা প্রতিবেদনখনত উল্লেখ কৰা অনুসৰি এআইৰ দৰে অত্যাধুনিক প্রযুুক্তিবিদ্যাৰ ব্যৱহাৰৰ পৰিণতিত মূলতঃ ব্যৱসায়িক সংস্থা আৰু তথ্য–প্রযুক্তি খণ্ডৰ ‘মধ্যমীয়া শিক্ষিত’ তথা তৰুণ প্রজন্মৰ কর্মীসকলেই সংকটৰ সন্মুখীন হ’ব লাগিব৷ স্বয়ংক্রিয় প্রযুক্তি ব্যৱস্থাৰ কাৰণে বিশ্বৰ উন্নয়নশীল অর্থনীতিৰ ১৫ শতাংশ চাকৰিয়েই বিলুপ্ত হোৱাৰ কথাও উল্লেখ কৰা হৈছে একেখন প্রতিবেদনত৷

উল্লেখ্য যে স্বয়ংক্রিয় প্রযুক্তিয়ে শেহতীয়াকৈ সংকুচিত কৰি আহিছে শ্রম বজাৰক৷ ‘জেনেৰেটিভ এআই’ তেনে স্বয়ংক্রিয় প্রযুক্তি ব্যৱস্থাৰেই উন্নততৰ মাধ্যম৷ অ’পেন এআইৰ ‘চ্যাটজিপিটি’ হ’ল একধৰণৰ জেনেৰেটিভ এআই৷ উদাহৰণস্বৰূপে কোনো প্রবন্ধ বা লেখা লিখিবলৈ তথ্যৰ প্রয়োজন হ’লে গুগল ছার্চ ইঞ্জিন ব্যৱহাৰ কৰা হয়৷ গুগলৰ পৰাই লেখকে প্রয়োজনীয় তথ্যখিনি আহৰণ কৰিব পাৰে৷ কিন্তু এআইৰ দৰে উন্নত প্রযুক্তিত নিজৰ প্রয়োজনীয় বিষয়টো জনালেই হ’ল৷ তাৰ ছিষ্টেমেই তথ্যসমৃদ্ধভাৱে সমগ্র প্রবন্ধ বা লেখাটো প্রস্তুত কৰি দিয়ে৷ এআই নিজেই ছবি আঁকিবলৈ–কবিতা লিখিবলৈ সক্ষম৷ যদিহে অংকন বা লেখা পছন্দ নহয়, মুহূর্তৰ ভিতৰতে তাৰ বিকল্পও প্রস্তুত কৰি দিব পাৰে৷ এই সমগ্র প্রক্রিয়াত নতুন প্রযুক্তিটোৱে নিজকে ক্রমশঃ শিক্ষিত কৰি তুলিছে৷ চাকৰিক লৈ উদ্বেগজনক তথ্য সন্নিৱিষ্ট বিশ্ব বেংকৰ প্রতিবেদনখনত দাবী কৰা অনুসৰি এআইৰ প্রৱণতাই কার্যালয়ৰ কাম (হোৱাইট ক’লাৰ জব) অধিকাংশই হ্রাস কৰি পেলাব৷ যিসকলে হিচাপ–নিকাচ বা গ্রাহক সহায়তা সেৱাৰ দৰে কর্মক্ষেত্রত নিযুক্ত, তেওঁলোকক লৈয়েই এআয়ে অধিক আশংকা কঢ়িয়াই আনিছে৷ তদুপৰি উচ্চ উপার্জন আৰু অধিক দক্ষতাৰ পদত যিসকলে চাকৰি কৰে, তেওঁলোকেও কর্মসংস্থাপন হেৰুওৱাৰ সম্ভাৱনা বেছি৷ ইয়াৰ বিপৰীতে নিম্ন উপার্জনৰ চাকৰিজীৱীসকল তুলনামূলকভাৱে কিছু নিৰাপদ বুলি বিশ্ব বেংকৰ তৰফৰ পৰা কোৱা হৈছে৷ অৱশ্যে এইক্ষেত্রত অগ্রাধিকাৰ দিয়া হৈছে অভিজ্ঞতাক৷ বিশেষকৈ যিসকল নিজৰ কর্মক্ষেত্রত অভিজ্ঞ, তেওঁলোকে চাকৰি হেৰুওৱাৰ সম্ভাৱনা কম৷ কিন্তু অভিজ্ঞতাহীন অর্থাৎ তৰুণ প্রজন্মৰ চাকৰিয়ালসকলে এআইৰ প্রভাৱত নিজৰ কর্মসংস্থাপন হেৰুৱাব পাৰে৷

প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে বিশ্ববিশ্রুত গণিতবিদ এলেন ট্যুৰিঙৰ কম্পিউটিং মেচিনাৰী এণ্ড ইণ্টেলিজেঞ্চ (১৯৫০) শীর্ষক গৱেষণা–পত্রৰ আঁত ধৰি এআইৰ সম্ভাৱনাৰ বীজ ৰোপণ কৰা বুলি বিজ্ঞান বিশ্বত প্রচলিত৷ এই প্রখ্যাত গৱেষণা–পত্রখনৰ আৰম্ভণিতে এটা প্রশ্ণ আছিল– ‘কেন মেচিন থিংক’ অর্থাৎ যন্ত্রই চিন্তা কৰিব পাৰেনে? বিশেষজ্ঞসকলৰ মতে, বর্তমান পর্যন্ত এই বহুচর্চিত প্রশ্ণটোৰ উত্তৰ ‘নহয়’৷ এআইৰ দুর্দান্ত দক্ষতা থাকিলেও মানুহৰ নিউৰেল নেটৱর্কৰ অকল্পনীয় ক্ষমতাৰ অধিকাৰী হ’ব নোৱাৰে৷ যাৰ বাবে চাকৰিৰ বজাৰক এই অত্যাধুনিক প্রযুক্তিয়ে সম্পূর্ণৰূপে সংকুচিত কৰাৰ আশংকাক অমূলক বুলি বিশেষজ্ঞসকলে দাবী কৰি আহিছে৷ কিন্তু এটা কথা আজিৰ তাৰিখত মানি ল’ব লাগিব যে বিভিন্ন ক্ষেত্রত ক্রমশঃ বহুলভাৱে ব্যৱহাৰ হ’ব ধৰিছে এআই৷ এনে অৱস্থাত বিশ্ব বেংকৰ উক্ত প্রতিবেদনখনৰ তথ্যক একেআষাৰতে উলাই কৰিব নোৱাৰি৷

You might also like