বৰপেটাৰোড ৰেল ষ্টেচনত উদ্ধাৰ বৃহৎ পৰিমাণৰ জীৱ-জন্তুৰ ছাল, অংগ
বৰপেটাৰোড ৰেলৱে ষ্টেচনত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ জীৱ-জন্তুৰ ছাল। Narcotics Control Bureau (NCB) আৰু 64 BN SSB হাউলী আৰু বৰপেটাৰোড বন বিভাগে গোপন সূত্ৰৰ ভিত্তিত উজনিমুৱা যাত্ৰীবাহী ট্ৰেইনৰ পৰা অভিযানত উদ্ধাৰ কৰা হয় এই নিষিদ্ধ সামগ্ৰী।
এই সামগ্ৰীসমূহৰ ভিতৰত প্ৰায় ২২০ কেজি বনৰৌৰ ছাল, আৰু অংগ পতঙ্গ আছে। অভিযানত মহিলাসহ তিনি সৰবৰাহকাৰীক আটক কৰা হয়। তিনিও গৰাকীৰ ঘৰ চেন্নাইত। তেওঁলোকৰ নাম ক্ৰমে মুথাইয়া ৰামালিংগম, পালানিমুৰুগান, এম শলিশ্বৰী। তিনিওগৰাকীৰ পৰা ৮টাকৈ বেগ উদ্ধাৰ কৰে।
ইতিমধ্যে বৰপেটাৰোড বন বিভাগে তদন্ত অব্যাহত ৰাখিছে। জব্দ কৰা অংগ, ছালখিনিৰ আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকা হব বুলি অনুমান কৰা হৈছে।
নিয়মীয়া বাৰ্তা ডেস্ক, ১৩ অক্টোবৰ