গোলকগঞ্জত আলু কঢ়িওৱা ট্ৰাকত ম’হ উদ্ধাৰ, আটক চালক-হেণ্ডিমেন
ধুবুৰী জিলাৰ গোলকগঞ্জত গোনা ম’হসহ ট্ৰাক জব্দ কৰে আৰক্ষীয়ে। জব্দকৃত ট্ৰাকৰ পৰা ১৬টা গোনা ম’হ উদ্ধাৰ হয়। অৱশ্যে ধৃত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক আটক কৰে গোলকগঞ্জ আৰক্ষীয়ে।
আজি দুপৰীয়া গোলকগঞ্জ আৰক্ষীয়ে গৌৰাং বজাৰৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ট্ৰাক এখন আটক কৰি ১৬টা গোনা ম’হ উদ্ধাৰ কৰে। উল্লেখ্য যে পশ্চিমবংগৰ পৰা আলুৰ বস্তাৰ আঁৰত কৌশল কৰি ১৬টাকৈ গোনা ম’হ AS-01 KC-9887 নম্বৰৰ ট্ৰাকেৰে গোৱালপাৰাৰ লক্ষীপুৰ অভিমুখে গৈ আছিল।
গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিৎ ৰায়ে গোপন সূত্ৰৰ ভিক্তিত গোলকগঞ্জৰ গৌৰাং বজাৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকখন আটক কৰে। বাহনখনত ম’হ থকা বুলি নিশ্চিত হোৱাত চালক আৰু হেণ্ডিমেনকো আটক কৰে।
আনহাতে ট্ৰাকখন থানালৈ নি তালাচী চলাই আলুৰ বস্তাৰ আঁৰত ১৬টা ম’হ উদ্ধাৰ কৰে। ধৃত ট্ৰাক চালক পোকালাগীৰ দেলৱাৰ হুচেইন আৰু হেণ্ডিমেন ছাগলীয়াৰ ৰয়েল হুচেইন বুলি নিজকে চিনাকি দিছে ।
নিয়মীয়া বাৰ্তা, আগমনি, ১৩ অক্টোবৰ