‘মোদী মোৰ বন্ধু’ : পাক প্ৰধানমন্ত্ৰী শ্বাহবাজৰ সন্মুখতে ট্ৰাম্পৰ মুখত মোদীৰ প্ৰশংসা!
নিউজ ডেস্ক, ১৪ অক্টোবৰ : পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ সন্মুখতে ট্ৰাম্পৰ মুখত মোদীৰ প্ৰশংসা! শুল্কযুদ্ধ অতিক্ৰমি ভাৰত-আমেৰিকাৰ দ্বিপাক্ষিক সম্পৰ্ক কিছু স্বাভাৱিক হৈছে। সেই কাৰণে গাজাৰ শান্তি সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ‘ভাল বন্ধু’ বুলি সম্বোধন কৰিলে ড’নাল্ড ট্ৰাম্পে।
সোমবাৰে গাজাৰ শান্তি সন্মিলনলৈ মোদী আৰু শ্বাহবাজ শ্বৰীফ দুয়োকে আমন্ত্ৰণ জনোৱা হৈছিল। কিন্তু শেষত প্ৰধানমন্ত্ৰী মোদী এই সন্মিলনত উপস্থিত নাছিল। তথাপি আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ মুখত মোদীৰ প্ৰশংসা । শান্তি সন্মিলনৰ মঞ্চত ভাষণ দিওঁতে ট্ৰাম্পে কয়- “ভাৰত এখন মহান দেশ। ভাৰতৰ নেতৃত্বত যিজন আছে, তেওঁ মোৰ অতি ভাল বন্ধু। নেতা হিচাপে তেওঁ অসাধাৰণ কাম কৰি আছে। মোৰ মতে ভাৰত আৰু পাকিস্তানে এতিয়াৰ পৰা অতি ভালদৰে সু-সম্পৰ্ক বজাই ৰাখিব।”
ট্ৰাম্পে এই কথা কওঁতে তেওঁৰ ঠিক পিছফালে থিয় হৈ আছিল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কথা শুনি শ্বাহবাজৰ মুখত হাঁহি পৰিলক্ষিত হয়। তাকে দেখি শ্বাহবাজক উদ্দেশ্যি ট্ৰাম্পৰ প্ৰশ্ন- “ভাৰতৰ সৈতে সু-সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি সহায় কৰিবনে?” উত্তৰত শ্বাহবাজে কেৱল হাঁহি মুখেৰে মূৰ জোকাৰে।
পিছত পাক প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ভাষণত কয়- “ট্ৰাম্প নাথাকিলে ভাৰত-পাকিস্তানৰ যুদ্ধ কেনে পৰ্যায়লৈ গ’লহেঁতেন, তাক কল্পনাও কৰিব নোৱাৰি। হয়তো যুদ্ধৰ অভিজ্ঞতা বৰ্ণনা কৰিবলৈ কোনোৱে জীয়াই নাথাকিলহেঁতেন।”
উল্লেখ্য যে গাজাৰ যুদ্ধবিৰতিৰ সময়তো ভাৰত-পাক সংঘৰ্ষ বন্ধ কৰাৰ কৃতিত্ব ল’বলৈ নাপাহৰিলে ট্ৰাম্পে ।