নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিঞাৰ আগ্রাসনৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ উপায় ছয় জনগোষ্ঠীৰ জনজাতিকৰণ : টাইপা

অহা ১, ২ আৰু ৩ নবেম্বৰত অসমৰ ১৬ স্থানত মুঠ ১ লাখ আহোম ৰাইজৰ অংশগ্ৰহণৰে বিশাল জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব

অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত আজি টাই আহোম যুৱ পৰিষদ, অসমৰ কেন্দ্রীয় সমিতিয়ে শিৱসাগৰ প্ৰেছ ক্লাৱত এক সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলত টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে টাই আহোমকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত ৰাজ্য আৰু কেন্দ্ৰৰ চৰকাৰে অযথা বিলম্ব কৰাৰ বাবে তীব্র ক্ষোভ প্রকাশ কৰে।

তেওঁ লগতে কয় যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত বিজেপি দল আৰু চৰকাৰৰ তিলমাত্ৰও ৰাজনৈতিক সদিচ্ছা নাই। বিগত তিনিটাকৈ লোকসভা নির্বাচন আৰু দুটাকৈ অসম বিধান সভা নির্বাচনত বিজেপিয়ে জনজাতিকৰণৰ প্রতিশ্রুতিৰেই অসমত নির্বাচন জয়ৰ ক্ষেত্ৰত সর্বাধিক সফলতা লাভ কৰিছিল।

কিন্তু প্রতিটো নির্বাচনত জয়লাভ কৰাৰ পাছত জনজাতিকৰণৰ যি নির্বাচনী প্রতিশ্রুতি প্রদান কৰিছিল তাক আজিও পূৰণ নকৰি চূড়ান্ত প্রতাৰণা কৰি আহিছে। এনে নির্বাচনী প্রতিশ্রুতি আৰু প্ৰতাৰণা বহুত হ’ল। টাই আহোমকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বাবে অনাগত অসম বিধান সভাৰ নিৰ্বাচনৰ আগতেই আৰু শীতকালীন অধিবেশনত সংসদৰ উভয় সদনত আইন প্রণয়নৰ ব্যবস্থা কৰিব লাগিব বুলি টাইপাৰ সভাপতিগৰাকীয়ে সকীয়নি প্রদান কৰে।

বিজেপি দলে যি অবৈধ বাংলাদেশী মিঞাৰ আগ্রাসনৰ ফলত অসমৰ খিলঞ্জীয়া ৰাইজ সংকটত পৰা বুলি সততে উল্লেখ কৰে তাৰ একমাত্ৰ পৰিত্ৰাণৰ উপায় ছয় জনগোষ্ঠীৰ জনজাতিকৰণ। অসমত খিলঞ্জীয়াৰ ৰাজনৈতিক প্রভূত্ব ৰক্ষাৰ একমাত্র বিজ্ঞানসন্মত আৰু সাংবিধানিক উপায়েই হ’ল জনজাতিকৰণ।

সেই কাৰণে ন্যস্ত স্বার্থ জড়িত ৰাজনৈতিক মহলৰ গোপন ইংগিতত খিলঞ্জীয়া জনগোষ্ঠীৰ বিপৰীতে কাম নকৰিবলৈ ট্রাইবেল সংঘ আৰু আদিত্য খাকলাৰীক টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে সঁকীয়াই দিয়ে। সংবাদমেলত টাই আহোম সকলক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্রদানৰ দাবীত দাবীত টাইপাই এলানি ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে।

অহা ১, ২ আৰু ৩ নবেম্বৰত অসমৰ ১৬ স্থানত মুঠ ১ লাখ আহোম ৰাইজৰ অংশগ্ৰহণৰে বিশাল জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। কাৰ্যসূচীৰ অংশ স্বৰূপে ১ নবেম্বৰত শিৱসাগৰ, চৰাইদেউ, ডিব্রুগড়, গোলাঘাটত, ২ নবেম্বৰত মাৰ্ঘেৰিটা, তিনিচুকীয়া, শদিয়া, নাহৰকটীয়া, নাজিৰা, ধনশিৰিত আৰু ৩ নবেম্বৰত মৰাণ, ধেমাজি, লক্ষীমপুৰ, বিশ্বনাথ, কামৰূপ আৰু নগাঁৱত জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।

ইয়াৰ পিছতেই শীতকালীন অধিবেশনৰ প্ৰথম দিনা অসম বিধান সভা আৰু অসম সচিবালয় ঘেৰাও কাৰ্যসূচী, সংসদৰ শীতকালীন অধিবেশনত যন্তৰ-মন্তৰত ধর্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব। ইয়াৰ পাছতো চৰকাৰে টাইপাৰ দাবীসমূহ পূৰণ নকৰিলে অনির্দিষ্টকালীন অর্থনৈতিক অৱৰোধ আৰু সর্বাত্মক অসম বন্ধৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে সংবাদমেলখনত ঘোষণা কৰে।

আনহাতে টাইপাৰ নেতৃত্বই জুবিন গাৰ্গ মৃত্যুৰ তদন্ত ক্ষীপ্ৰ কৰি তেওঁৰ মৃত্যুৰ বাবে দোষীসকলক কঠোৰতম শাস্তিৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়। অসীম ধৈৰ্য্যৰে ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থা ৰাখি জুবিন গাৰ্গৰ ন্যায় বিচাৰি অপেক্ষা কৰি আছে, এই ক্ষেত্ৰত কোনো ধৰণৰ হেমাহি সহ্য কৰা নহ’ব বুলি টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে সংবাদ মেলত উল্লেখ কৰে। সংবাদমেলত টাইপাৰ কেন্দ্রীয় সমিতিৰ সহকাৰী সম্পাদক সুৰজ গগৈ, শিৱসাগৰ জিলা সমিতিৰ সভাপতি দীপক চেতিয়া, কাৰ্যকৰী সভাপতি জয়ন্ত বৰগোহাঁই, যুটীয়া সম্পাদকদ্বয় সৌৰভ নেওগ আৰু সত্যজিত বৰগোহাঁই উপস্থিত থাকে।

You might also like