নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাক্সাত উত্তপ্ত পৰিস্থিতি, RAF নিয়োগ প্ৰশাসনৰ

শান্ত বাক্সাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে Rapid Action Force (RAF) প্ৰেৰণ কৰা হৈছে। লগতে আৰক্ষীৰ অতিৰিক্ত বাহিনীৰ কেইবাটাও দল গুৱাহাটীৰ পৰা ৰাওনা হৈছে

বাক্সা কাৰাগাৰত জুবিন গাৰ্গৰ মৃত্যুত অভিযুক্তক থোৱাক লৈ আজি অস্থিৰ পৰিস্থিতিৰ সৃষ্টি হয়। কল্পনাতীতভাৱে জুবিন অনুৰাগীয়ে ভিৰ কৰে কাৰাগাৰৰ বাহিৰত। পৰিস্থিতি ইমানেই বেয়া হৈ পৰে যে সাংবাদিক, আৰক্ষী, সাধাৰণ লোক বিভিন্নজন আহত হিংসাত্মক ঘটনা। ইয়াৰ মাজতে আৰক্ষীৰ এখন বাহন জ্বলাই দিয়াৰ লগতে বাকী বহু বাহন ভাঙি চূৰমাৰ কৰে। আনহাতে সাংবাদিকৰ বাহনো ভাঙি তচনচ কৰে উপস্থিত লোকে।

কিন্তু পৰিস্থিতি আয়ত্তৰ বাহিৰলৈ যোৱাৰ পিছতে প্রশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছ। তাৰ বাবে বাক্সা জিলাত BNSSৰ ধাৰা ১৬৩ জাৰি কৰা হৈছে। এতিয়া ৫জনতকৈ অধিক লোকৰ সমাৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।

ইফালে অশান্ত বাক্সাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে Rapid Action Force (RAF) প্ৰেৰণ কৰা হৈছে। লগতে আৰক্ষীৰ অতিৰিক্ত বাহিনীৰ কেইবাটাও দল গুৱাহাটীৰ পৰা ৰাওনা হৈছে। গৃহ বিভাগৰ শীৰ্ষ বিষয়াসহ নলবাৰী, বৰপেটা আৰু দৰং জিলাৰ পৰা লগতে কেইবাটাও আৰক্ষীৰ দল বাক্সালৈ ৰাওনা হৈছে।

ইপিনে, কাৰাগাৰৰ সন্মুখত পুনৰ প্রতিবাদত বহি উত্তেজিত হৈ পৰে জনতা। প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ তিনিখন বাহনত অগ্নিসংযোগ কৰাৰ লগতে শিলাবৰ্ষণ আৰম্ভ কৰে।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠীচালনা আৰু কন্দুৱা গেছৰ প্ৰয়োগ কৰে। ইয়াৰ মাজতেই প্ৰতিবাদকাৰীয়ে চেটেলাইট চেনেলৰ এখন সংবাদ বাহনো জ্বলাই দিয়ে। বাক্সাৰ পৰিস্থিতি বৰ্তমানো অতি উত্তপ্ত অৱস্থাত আছে।

নিয়মীয়া বাৰ্তা ডেস্ক, ১৫ অক্টোবৰ

You might also like