নগৰবেৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লাৱণ্য বড়োক বিদায় সম্বৰ্ধনা
ডিমা হাছাও জিলালৈ বদলীকৰণ আৰক্ষী বিষয়াগৰাকীক
কামৰূপ জিলাৰ বকো-ছয়গাঁও সমষ্টিৰ অন্তৰ্গত নগৰবেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লাৱণ্য বড়োক বিভাগীয় কৰ্তৃপক্ষই নগৰবেৰা আৰক্ষী থানাৰ পৰা ডিমা হাছাও জিলালৈ বদলি কৰাত আৰক্ষী বিষয়া গৰাকীক বিপুল সম্বৰ্ধনাৰ জৰিয়তে বিদায় সম্ভাষণ জনোৱা হয়।
আৰক্ষী বিষয়া গৰাকীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে থানা প্ৰাংগণত এক গাম্ভীৰ্যপূৰ্ণ বিদায় সম্বৰ্ধনা সভাৰ অনুষ্ঠিত কৰা হয়। আৰক্ষী উপ পৰিদৰ্শক সমৰজ্যোতি দত্তৰ সভাপতিত্বত অনুষ্ঠিত বিদায় সম্বৰ্ধনা সভাত সভাত নগৰবেৰা আঞ্চলিক মৌজা কমিটিৰ প্ৰাক্তন সভাপতি উদয় শংকৰ মেধি, নগৰবেৰা আৰক্ষী থানা নাগৰিক কমিটিৰ সভাপতি দিলীপ দাস, সীমান্ত আৰক্ষীৰ এছ আই যোগেশ নাথ, নগৰবেৰা আৰক্ষী থানাৰ ইউ বি লেন্স নায়ক ছাইফুল আলী, ৱাৰলেছ অপাৰেটৰ’ কুমুদ কলিতা, নগৰবেৰা আৰক্ষী থানা এলেকাধীন গাঁওৰক্ষী বাহিনীৰ সভাপতি আব্দুল বাতেন,সাংবাদিক আহমেদ ইমতিয়াজ বুলবুল,আবুল হুছেইন ,হাছানুল আহমেদ আদিৰ উপৰি যুৱনেতা ফজলুৰ ৰহমান, মাধৱ দাস, আদি বহুকেইগৰাকী লোকে আৰক্ষী বিষয়া লাৱণ্য বড়োৰ দুবছৰীয়া কৰ্ম ৰাজীৰ ওপৰত বহল ভিত্তিত আলোকপাত কৰে।
আৰক্ষী বিষয়াগৰাকীয়ে বিগত কাৰ্যকালত সমাজৰ আইন শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি সুস্থ আৰু শৃংখলাবদ্ধ আলোচনাৰ মাধ্যমেৰে যিকোনো সমস্যা সমাধান কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে বক্তা সকলে।
সভাত আৰক্ষী বিষয়া লাৱণ্য বড়োৱে বৃহত্তৰ নগৰবেৰা আৰক্ষী থানা এলেকাৰ বিভিন্ন দল সংগঠন, সাংবাদিক, সমাজকৰ্মীৰ লগতে যুৱচামৰ পৰা বিগত দিন সমূহত পোৱা অকুণ্ঠ মৰম, স্নেহ আৰু ভালপোৱাৰ কথা কৈ ভাষণত ভৱিষ্যতেও অঞ্চলটোৰ ৰাইজক প্ৰয়োজনীয় সহযোগিতা কৰিব বুলি কয়।
সভাত বিভিন্ন জনে আৰক্ষী বিষয়া লাৱণ্য বড়োক শৰাই, গামোচা,জাপি আদিৰে বিপুল ভাৱে বিদায় সম্বৰ্ধনা যাঁচে। সভাত বিভিন্ন পৰ্যায়ৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তিও উপস্থিত থাকে।
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ১৫ অক্টোবৰ