নিয়মীয়া বাৰ্তা, বনগাঁও, ১৬ অক্টোবৰ : এফালে শাৰীৰিক বাধা, আনফালে পাঁচজনীয়া পৰিয়ালটো পোহপাল দিয়াৰ চিন্তা। সাগৰসম সমস্যাৰে যুঁজি মাজুলীৰ ভকতিদুৱাৰ গাঁৱৰ মনোৰঞ্জন কলিতাই চৰকাৰী নিযুক্তি লাভ কৰাৰ খবৰে অঞ্চলটোতে আনন্দৰ জোৱাৰ তুলিছে।
সদ্যঘোষিত চতুৰ্থ বৰ্গৰ নিযুক্তি ফলাফলত মনোৰঞ্জন কলিতাই চতুৰ্থ বৰ্গৰ চাকৰি লাভ কৰাত বিশেষভাৱে আনন্দিত হোৱাৰ মূলতে হৈছে চাৰি বছৰ আগতে এক দুৰ্ঘটনাত পতিত হৈ মনোৰঞ্জনৰ সোঁ-হাতখন একেবাৰে কাম নাইকিয়া হৈ গৈছিল। যাৰ বাবে মনোৰঞ্জনে বাঁওহাতেৰে যিকোনো কাম কৰিব লগা হৈ আহিছিল। ইফালে, দিনহাজিৰা কৰি পৰিয়াল কোনোমতে পোহপাল দিয়া মনোৰঞ্জন কলিতাই চতুৰ্থ বৰ্গৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাত মুখ্যমন্ত্ৰীক প্ৰশংসাৰে ওপচাই পেলাইছে পৰিয়ালটোৱে।