নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেইজিঙত ৩০ খ্রীষ্টান নেতাক গ্রেপ্তাৰ জিনপিং চৰকাৰৰ

🔹 উইঘুৰ মুছলিমৰ পাছত এইবাৰ খ্রীষ্টান ধর্মাৱলম্বীৰ ওপৰত দমন আৰম্ভ চীনৰ

নিউজ ডেস্ক, ১৭ অক্টোবৰ : উইঘুৰ মুছলিমৰ ওপৰত কঠোৰ দমন গ্রহণৰ বাবে চীন বিশ্বজুৰি নিন্দিত হৈ থকাৰ সময়তে এইবাৰ খ্রীষ্টানৰ ওপৰত আগ্রাসন আৰম্ভ কৰিছে৷ উইঘুৰৰ মুছলিমক অকথ্য নির্যাতন চলোৱাৰ লগতে ধর্মৰ নিয়ম পালনত কঠোৰ প্রতিৰোধ লগোৱা জিনপিং চৰকাৰে বিগত সপ্তাহৰ পৰা বেইজিঙত খ্রীষ্টানৰ ওপৰত আগ্রাসন চলাইছে৷

তথ্য মতে, বেইজিঙত ৩০ খ্রীষ্টান নেতাক গ্রেপ্তাৰ কৰা হৈছে৷ এই গ্রেপ্তাৰ কৰা খ্রীষ্টান নেতাকেইজন বেইজিঙৰ বিখ্যাত চার্ছ নেটৱর্কৰ সদস্য৷ মানৱ অধিকাৰ সংস্থাই প্রকাশ কৰা মতে, বিগত কেইবা দশকৰ পাছত একেলগে কেইবাজনো খ্রীষ্টান নেতাক গ্রেপ্তাৰ কৰাটো চীনত প্রথম ঘটনা৷ তথ্য মতে, শীঘ্রেই জিনপিং চৰকাৰে আৰু অধিক খ্রীষ্টান নেতাক গ্রেপ্তাৰ কৰাৰ সম্ভাৱনা আছে৷

উল্লেখ্য যে শেহতীয়াভাৱে চীনত এখন নতুন আইন বলৱৎ কৰা হৈছে৷ এই আইন অনুসৰিয়ে গির্জাৰ কার্যকলাপসমূহ ৰোধ কৰাৰ বাবে খ্রীষ্টান নেতাৰ ওপৰত চাপ সৃষ্টি কৰিবলৈ জিনপিং প্রশাসনে নেতাক গ্রেপ্তাৰৰ প্রক্রিয়া আৰম্ভ কৰিছে৷ কমিউনিষ্ট চীনত খ্রীষ্টানৰ সংখ্যা তুলনামূলকভাৱে দেশখনত বেছি আছে৷ চৰকাৰী হিচাপ মতে, ৩ কোটি ৮০ লাখ প্রটেষ্টাণ্ট আৰু ৬০ লাখ কেথলিক খ্রীষ্টান বেইজিঙত আছে৷ সকলো মিলি ৰাজধানী বেইজিঙত প্রায় ৪ কোটি খ্রীষ্টান লোক আছে৷ আনপিনে গৱেষকৰ মতে, এই সংখ্যা আৰু অধিক৷ প্রশাসনৰ ভয়তে কোটি কোটি খ্রীষ্টান লোকে গোপনে গির্জাত উপসনা কৰি আহিছে৷ উইঘুৰ মুছলিমৰ পাছত দেশখনত খ্রীষ্টান লোকক দমনৰ লক্ষ্য ইতিমধ্যে জিনপিং প্রশাসনে আৰম্ভ কৰিছে৷ আণ্ডাৰগ্রাউণ্ড চার্ছত উপসনা কৰা খ্রীষ্টানসকলকো চিনাক্ত কৰিবলৈ ব্যৱস্থা গ্রহণ কৰিছে৷

লক্ষণীয় যে চীন চৰকাৰৰ পৰা অনুমতি গ্রহণ কৰি গির্জাবোৰ স্থাপন কৰা হয় যদিও চৰকাৰৰ অনুমতি নোলোৱাকৈ কিছুসংখ্যক চার্ছ স্থাপন কৰা হৈছে৷ এই চার্ছকেই আণ্ডাৰগ্রাউণ্ড চার্ছ আখ্যা দিয়া হৈছে৷

You might also like