নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হয়, মই বিশ্বকাপ খেলিব বিচাৰোঁ… অনুৰাগীলৈ বাৰ্তা হিটমেনৰ

“হয়, মই বিশ্বকাপ খেলিব বিচাৰোঁ।” শিশুটিৰ প্ৰশ্নৰ উত্তৰ দিওঁতে ৰোহিতে কয় যে এদিনীয়া বিশ্বকাপ জিকাটো মোৰ এটা ডাঙৰ সপোন।

ৰোহিত শর্মাই ২০২৭ চনৰ এদিনীয়া বিশ্বকাপ খেলাৰ বিষয়ে নিজৰ মতামত প্ৰকাশ কৰিছে। তেওঁ কৈছে যে তেওঁ ২০২৭ৰ বিশ্বকাপ খেলিব বিচাৰে। বৰ্তমানে ৰোহিত অষ্ট্ৰেলিয়াত আছে, য’ত কাইলৈৰ পৰা ভাৰতীয় দলে অষ্ট্ৰেলিয়াৰ বিপক্ষে তিনিখন এদিনীয়া মেচ খেলিব। ৰোহিতৰ লগতে বিৰাট কোহলিয়ে ২০২৭ৰ বিশ্বকাপত খেলিবনে নাই সেই বিষয়ে প্রশ্ন উঠিছিল, কিন্তু “হিটমেন”-এ নিজে এতিয়া বিশ্বকাপ খেলিবলৈ ইচ্ছা প্ৰকাশ কৰিছে।

ৰোহিত শর্মাই “Make a Wish Child” সংস্থাৰ সৈতে জড়িত হৈ এজন শিশুৰ সৈতে সাক্ষাৎ কৰিছে, যাৰ ভিডিঅ’ এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ৰোহিত শর্মাৰ নেতৃত্বত ভাৰতীয় দল ২০২৩ৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত ৬ উইকেটত পৰাজিত হৈছিল। ৰোহিতে বিশ্বকাপ ট্ৰফী উঠাবলৈ থকা অসম্পূৰ্ণ স্বপ্ন পূৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে।

ভিডিঅ’ত শিশুটিয়ে ৰোহিতক সোধে— “আগলৈ বিশ্বকাপ কেতিয়া?” ৰোহিতে উত্তৰ দিয়ে— “২০২৭”। শিশুটিয়ে পুনৰ সোধে— “আপুনি ২০২৭ৰ বিশ্বকাপ খেলিবনে?”

এই প্ৰশ্নৰ উত্তৰত ৰোহিতে যি কৈছে, সেয়া শুনি অনুৰাগীসকল আনন্দিত হৈছে। ৰোহিতে কৈছে— “হয়, মই বিশ্বকাপ খেলিব বিচাৰোঁ।” শিশুটিৰ প্ৰশ্নৰ উত্তৰ দিওঁতে ৰোহিতে কয় যে এদিনীয়া বিশ্বকাপ জিকাটো মোৰ এটা ডাঙৰ সপোন।

এতিয়ালৈকে ৰোহিত শর্মাই তিনিখন এদিনীয়া বিশ্বকাপ খেলিছে। এদিনীয়া বিশ্বকাপত তেওঁ ২৮খন খেলত ৬০.৫৭ গড়ৰে ১৫৭৫ ৰান কৰিছে, য’ত ৭টা শতক আৰু ৬টা অৰ্ধশতক অন্তৰ্ভুক্ত। ৰোহিতে ২০১৫, ২০১৯ আৰু ২০২৩ চনৰ এদিনীয়া বিশ্বকাপ খেলিছে। ২০২৩ চনত তেওঁৰ নেতৃত্বত ভাৰতীয় দল এখনো খেল নাহাৰি ফাইনেল খেলিছিল, কিন্তু ফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত ৬ উইকেটত পৰাস্ত হৈছিল।

নিয়মীয়া বাৰ্তা ডেস্ক, ১৮ অক্টোবৰ

You might also like