নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাক্সাৰ দুৰ্ভাগ্যজনক ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ৰাষ্ট্ৰীয় উলেমা কাউঞ্চিল, অসমৰ সভাপতিৰ

‘মই মৌলানা, মই জুবিনৰ গান নুশুনো, তথাপি মই জুবিন অনুৰাগী৷ জুবিন গাৰ্গে ন্যায় পাবই লাগিব৷’- এই মন্তব্য ৰাষ্ট্ৰীয় উলেমা কাউঞ্চিল, অসমৰ সভাপতি মৌলানা উবাইদুৰ ৰহমান কাচিমীৰ। মৌলবীগৰাকীয়ে জুবিন গাৰ্গক ন্যায় দিবলৈ অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আহ্বান জনায়৷

এটা ভিডিঅ’ বাৰ্তাত মৌলানাগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় উলেমা কাউন্সিল প্ৰথম দিনাখনৰ পৰাই এটা কথাত অটুট আছে যে জুবিন গাৰ্গে ন্যায় পাবই লাগিব৷ সমগ্ৰ অসমবাসীয়ে জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছে৷ সামাজিক মাধ্যমত মিলিয়ন মিলিয়ন মানুহে জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছে৷ গতিকে জুবিন গাৰ্গে ন্যায় পাবই লাগিব৷

বাক্সাৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত জড়িত যিকেইজন আচামীক বাক্সা কাৰাগাৰলৈ অনাৰ সময়ত যি দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ’ল, সেয়া হ’ব নালাগিছিল৷ এনেধৰণৰ ঘটনা বা আক্ৰমণ-প্ৰত্যাক্ৰমণৰ ঘটনাৰ দ্বাৰা কোনো সমস্যা সমাধান নহয়৷ বিশেষকৈ অসমৰ ধৰ্মীয় সংখ্যালঘু লোকসকলৰ প্ৰতি আহ্বান জনাই তেওঁ কয় যে আপোনালোকে কাৰোবাৰ উচটনিত এনেধৰণৰ ঘটনাত সোমাই নপৰিব৷ বিতৰ্কিত মন্তব্যও নকৰিব৷ আজি আমি দেখিবলৈ পাইছোঁ যে শিলগুটি মাৰিছে কোনোবাই, নাম আহিছে কাৰোবাৰ৷ যেতিয়া মুছলমান মানুহৰ নাম আহে, তেতিয়া ডাঙৰ ডাঙৰ আখৰেৰে লিখা আহে৷ তাততো অকল মুছলমানে প্ৰতিবাদ কৰা নাছিল, তাত অসমীয়ায়ো প্ৰতিবাদ কৰিছে৷ জুবিন গাৰ্গ হ’ল অসমৰ আৱেগ৷ জুবিন গাৰ্গ অসমৰ সকলো মানুহৰ৷

তেওঁ পুনৰ কয় যে আমি মৌলানা মানুহ গান শুনো নেকি, কিন্তু জুবিন গাৰ্গৰ যেতিয়া মৃত্যুৰ বাতৰি আহিছিল প্ৰথম দিনাখনৰ পৰাই আমি আৱেগিক হৈ গৈছিলো৷ গান শুনিলেই জুবিন গাৰ্গৰ অনুৰাগী হয় নেকি বুলিও তেওঁ প্ৰশ্ন কৰে৷ জুবিন গাৰ্গক অকল মানুহেই ভাল পোৱা নাছিল, জুবিন গাৰ্গক জীৱ-জন্তু, চৰাই-চিৰিকটিয়েও ভাল পাইছিল৷ তেওঁক সকলো ধৰ্মৰ মানুহে ভাল পাইছিল৷ গতিকে জুবিন গাৰ্গে ন্যায় পাবই লাগিব বুলি তেওঁ মন্তব্য কৰে৷

You might also like