নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱৰ বঙালধৰাত ৰাষ্ট্ৰীয় ঘাইপথত জুবিন চ’ক মুকলি

🔹 জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ প্ৰস্তুতি

মৰিগাঁও জিলাৰ বঙালধৰাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত বঙালধৰা তিনিআলিটো আজি জুবিন চ’ক নামেৰে আনুষ্ঠানিকভাৱে নামকৰণ কৰা হয়। আজি পুৱাৰ ভাগত ৰাষ্ট্ৰীয় ঘাইপথৰ সোঁমাজত জুবিন চ’কৰ নামফলকখন ফিতা কাটি মুকলি কৰে ধৰমতুল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগান্ত মেধিয়ে। ইয়াৰ পূৰ্বে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে অঞ্চলটোৰ বয়োজ্যেষ্ঠ ব্যক্তি বলীন্দ্ৰ নাথ ভূঞাই। অনুষ্ঠানটোৰ আঁত ধৰে প্ৰাক্তন ৰঞ্জি ট্ৰফী খেলুৱৈ ডাঃ পাৰ্থসাৰথি হাজৰিকা আৰু সমাজকৰ্মী অৰূপ কুমাৰ ডেকাই।

উল্লেখ্য যে বঙালধৰা অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী ডাঃ পাৰ্থসাৰথি হাজৰিকা, প্ৰদীপ দেউৰী, ৰাজীৱ ডেকা, দিগন্ত ডেকা, মানসজ্যোতি ডেকা প্ৰমুখ্যে বৃহত্তৰ অঞ্চলটোৰ কেইজনমান লোকৰ নেতৃত্বত বঙালধৰা, পূব বঙালধৰা আৰু মিকিৰগাঁৱৰ ৰাইজৰ সৰ্বসন্মত সিদ্ধান্ত মৰ্মে এই গুৰুত্বপূৰ্ণ স্থানটুকুৰাৰ নাম জুবিন চ’ক ৰখা হয়।

আনহাতে, অঞ্চলটোৰ ৰাইজৰ দান-বৰঙণিৰে এই স্থানত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত শীঘ্ৰে জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তিৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰি প্ৰস্তুতি আৰম্ভ কৰা হৈছে। ইপিনে, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ৩০ দিন অৰ্থাৎ এমাহ হোৱা উপলক্ষে বৃহত্তৰ বঙালধৰা অঞ্চলৰ ৰাইজে আজি পুৱাৰ ভাগত বঙালধৰাৰ জুবিন চ’কত ৰাজহুৱাকৈ নাম-কীৰ্তন আদি এলানি মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰে। উল্লেখ্য যে মৰিগাঁও চহৰৰ পৰা চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থলী আঁহতগুৰি আৰু ধৰমতুলৰ মাজত অৱস্থিত এই বঙালধৰা তিনিআলি তথা জুবিন চ’কটো।

নিয়মীয়া বাৰ্তা, মৰিগাঁও, ১৯ অক্টোবৰ 

You might also like