প্ৰাণৰ শিল্পী তথা হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই সমগ্ৰ ৰাজ্যৰ লগতে আজি ধেমাজি জিলা বিজেপিৰ উদ্যোগতো এমহীয়া তিথি পালন কৰে ৷ জিলাখনৰ তিনিটা বিধানসভা সমষ্টিৰ অন্তগৰ্ত ভাৰতীয় জনতা পাৰ্টীৰ ৯খন মণ্ডল সমিতিয়ে পৃথকে পৃথকে মহান শিল্পীগৰাকীক শ্ৰদ্ধা জনাই আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰে ৷
জিলা বিজেপিৰ উদ্যোগত আৰু ধেমাজি নগৰ মণ্ডল বিজেপিৰ সহযোগত ধেমাজি নগৰস্হিত জিলা বিজেপিৰ কাৰ্যালয় চৌহদত আয়োজিত আদ্যশ্ৰাদ্ধত পুৱা জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই পৰম্পৰা অনুসৰি গীতাপাঠ, সৰ্বধৰ্ম প্ৰাৰ্থনা, নাম-প্ৰসংগ কৰা হয় ৷ স্থানীয় ৰাইজৰ লগতে জিলা বিজেপিৰ সভানেত্ৰী ৰূপা কামান, জিলা বিজেপিৰ সহ-প্ৰভাৰী ঘনশ্যাম দলে, মণ্ডল সভাপতি বলীন গগৈৰ উপৰি দলীয় কাৰ্যকৰ্তাসকল উপস্থিত থাকে ৷ ইয়াৰ সমান্তৰালভাৱে ভাৰতীয় জনতা পাৰ্টীৰ চিচিবৰগাঁও আৰু চিলাপথাৰ মণ্ডলৰ উদ্যোগত আয়োজিত আদ্যশ্ৰাদ্ধত সাংসদ প্ৰদান বৰুৱাই উপস্থিত থাকি মহান শিল্পীগৰাকীলৈ সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি জনায় ৷ একেদৰে জিলাখনৰ মাছখোৱা, গোগামুখ, চিচিটঙানী, জোনাইতো বিজেপিৰ সংশ্লিষ্ট মণ্ডল সমিতিয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ এমহীয়া ৰাজহুৱা আদ্যশ্ৰাদ্ধ আয়োজন কৰি শ্ৰদ্ধাঞ্জলি জনায়৷