খৈৰাবাৰীত ওদালগুৰি জিলা লেখিকা সমাৰোহ সমিতিৰ অধিৱেশন সম্পন্ন
🔴৩ খন গ্ৰন্থ উন্মোচন
🔴নৃত্য, গীত-মাত, কবিতাৰে জীপাল অনুষ্ঠান
ওদালগুৰি জিলা লেখিকা সমাৰোহ সমিতিৰ প্ৰথম দ্বিবাৰ্ষিক অধিৱেশন আজি খৈৰাবাৰীত অনুষ্ঠিত হ’য়। খৈৰাবাৰী শাখাৰ আতিথ্যত খৈৰাবাৰী মহাবিদ্যালয় প্ৰেক্ষাগৃহত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত অধিৱেশনৰ মুকলি সভা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক পুনু ৰাম কলিতাই।
জিলা সভানেত্ৰী বিনু ডেকাৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভা উদ্বোধন কৰি সমাজৰ কল্যাণ সাধনত, সমাজ গঠনত লেখক -লেখিকা সকলে উল্লেখনীয় অৰিহণা যোগাই আহিছে বুলি মন্তব্য কৰে সাহিত্যিক কলিতাই।
নলিনী বালা দেৱী, নিৰ্মল প্ৰভা বৰদলৈৰ দৰে মহিয়সী নাৰীয়ে অসম সাহিত্য সভাৰ দৰে বৃহৎ জাতীয় অনুষ্ঠানৰ নেতৃত্ব বহন কৰাৰ কথা উল্লেখ কৰি ভাষা -সাহিত্য -সংস্কৃতিৰ উত্তৰণৰ মাজেৰে সমাজ খনক, জাতিটোক আগুৱাই নিয়াৰ বাবে ওলাই আহিবলৈ নাৰীসকলক উৎসাহিত কৰে বিশিষ্ট সাহিত্যিক গৰাকীয়ে।
খৈৰাবাৰী শাখাৰ সম্পাদিকা তথা খৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যাপিকা সুৱৰ্ণ দেৱীয়ে আদৰণি ভাষণ প্ৰদান কৰা গাম্ভীৰ্যপূৰ্ণ এই সভাত ভাগ লৈ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী ড° চাৰু চহৰীয়া নাথে নতুন প্ৰজন্মক সৃষ্টিশীল কৰ্মত আত্মনিয়োগ কৰাত গুৰুত্ব আৰোপ কৰে।
সাহিত্য অকাডেমীৰ স্বীকৃতপ্ৰাপ্ত এই নাৰী সংগঠনটোৰ প্ৰতিষ্ঠাপক সভানেত্ৰী পদ্মশ্ৰী শীলা বৰঠাকুৰৰ স্মৃতি চাৰণ কৰি তেওঁ কয় যে নাৰী সবলী কৰণ, নাৰীৰ প্ৰতিভা বিকাশ, বৌদ্ধিক বিকাশৰ আমি কাম কৰি যাব লাগিব। গীত-মাত, নৃত্য, কবিতাৰে জীপাল হৈ পৰা এই অনুষ্ঠানত বিনু শৰ্মাৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা মুখপত্ৰ ‘প্ৰৱাহিনী’ উন্মোচন কৰে ড° মোহিনী গোস্বামীয়ে ।
লেখিকা ক্ষীৰা শইকীয়া ডেকাৰ দুখনকৈ গ্ৰন্থ উন্মোচন কৰে ক্ৰমে ড° চাৰু চহৰীয়া নাথ আৰু অধ্যাপক ড° পবিত্ৰ শৰ্মাই । ‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক বৃন্দ গানেৰে আৰম্ভ হোৱা অনুষ্ঠানত চক্ৰ বিষয়া (কলাইগাঁও) প্ৰিয়ংকা বনিয়া, ওদালগুৰি জিলা সাহিত্য সভাৰ সম্পাদক দিবাকৰ বৰা, প্ৰাক্তন সভাপতি তাৰানাথ কলিতা, দৰং জিলা লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সম্পাদিকা এনি ডেকা, গ্ৰন্থাগাৰিক ৰূপালী শইকীয়াকে ধৰি ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। জিলা সম্পাদিকা ক্ষীৰা শইকীয়া ডেকাই আঁত ধৰা এই মনোজ্ঞ অনুষ্ঠানত টংলা, কলাইগাঁও, খৈৰাবাৰী, পানেৰী, মাজবাটকে ধৰি জিলাখনৰ ভিন্ন প্ৰান্তৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
ইয়াৰ পূৰ্বে পুৱাৰ ভাগত পতাকা উত্তোলন, গছপুলি ৰোপণ , অন্তৰংগ অনুষ্ঠানকে ধৰি ৰূপায়ণ কৰা হয় কেইবাটাও কাৰ্যসূচী। প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে খৈৰাবাৰী টাউন হাই স্কুলৰ প্ৰধান শিক্ষক কৰ্ণৰাম বড়োৱে। খৈৰাবাৰী শাখাৰ সভানেত্ৰী সবিতা দেৱীয়ে ৰূপায়ণ কৰে স্মৃতি তৰ্পণ কাৰ্যসূচী।
নিয়মীয়া বাৰ্তা, খৈৰাবাৰী, ১৯ অক্টোবৰ