নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল (২০ অক্টোবৰ)

২০ অক্টোবৰ ২০২৫ তাৰিখটো বহু ৰাশিৰ বাবে নতুন আশা আৰু সম্ভাৱনাৰে ভৰিপূৰ্ণ হ’ব। কৰ্মজীৱন, ধন, স্বাস্থ্য আৰু পৰিয়াল জীৱনত কোনে লাভ পাব আৰু কোনে সাৱধান থাকিব লাগিব — চাওঁ আহক দিনটোৰ ৰাশিফল।

মেষ ৰাশি

আজিৰ দিনটোত আপোনাৰ ফঁচি থকা ধন উভতি আহিব পাৰে, ফলত আপুনি বহু সুখী হ’ব, যদিও সেই ধন দীঘলীয়া সময়ৰ বাবে আপোনাৰ ওচৰত নাথাকিব। চাকৰিজীৱী আৰু ব্যৱসায়ীয়ে সাৱধানে কাম কৰিব লাগিব আৰু বিনিয়োগৰ পৰা আঁতৰি থাকিব। পৰিয়ালৰ পৰা কোনো আহ্লাদজনক উপহাৰ লাভ হ’ব পাৰে। কোনো জ্ঞানী বা আধ্যাত্মিক ব্যক্তিৰ সৈতে সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে, যাৰ পৰা উপদেশ আৰু লাভ দুয়ো পোৱা যাব।

ভাগ্যশালী সংখ্যা:
ভাগ্যশালী ৰং: ৰঙা
উপায়: হনুমানজীক গুৰ আৰু চানাৰ ভোগ দিয়ক।

বৃষ ৰাশি

দীর্ঘদিন ধৰি অসুস্থ থাকিলে চিন্তা নকৰিব— এতিয়া আৰোগ্যত উন্নতি হ’ব। পৰিয়াল আৰু পৰিচিতসকলে সকলো ক্ষেত্ৰত সহায় কৰিব, ধনলাভো সম্ভৱ। মনৰ নকৰাত্মক চিন্তা আঁতৰাই ভাল বিষয়বোৰৰ প্ৰশংসা কৰিব। সংগীত শুনিলে শান্তি লাভ হ’ব। চাকৰিজীৱী আৰু ব্যৱসায়ীৰ লাভৰ সম্ভাৱনা আছে। সন্ধিয়া সময় কোনো ধৰ্মীয় স্থানত কটাব।

ভাগ্যশালী সংখ্যা:
ভাগ্যশালী ৰং: গোলাপী
উপায়: মা লক্ষ্মীক পদুম ফুল অৰ্পণ কৰক।

মিথুন ৰাশি

যিসকলে উচ্চ শিক্ষা বা বিদেশ যোৱাৰ চিন্তা কৰিছে, তেনেহলে আজিৰ দিনটো শুভ হব পাৰে। ধৰ্মীয় কামত মন লাগিব আৰু অন্যক সহায় কৰি আনন্দ পাব। চাকৰিজীৱীয়ে অন্য কোম্পানীৰ পৰা অফাৰ পাব পাৰে। পৰিয়ালৰ সহায় পাব আৰু বন্ধুসকলৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা হ’ব। সন্তানৰ পৰা সুখৰ সংবাদ পাব।

ভাগ্যশালী সংখ্যা:
ভাগ্যশালী ৰং: সেউজীয়া
উপায়: গণেশজীক দূবৰি অৰ্পণ কৰক আৰু ভোগ দিয়ক।

কর্কট ৰাশি

সফলতা বিচাৰিলে ভাগ্যৰ ওপৰত নির্ভৰ নকৰিব, পৰিশ্ৰম কৰিব লাগিব — সফলতা নিশ্চিত। খৰচ নিয়ন্ত্ৰণ কৰক আৰু বুদ্ধিমত্তাৰে বিনিয়োগ কৰক। ব্যৱসায়ীয়ে গ্ৰাহকৰ বাবে সমস্যা ভোগ কৰিব পাৰে। প্ৰেমজীৱনত সাৱধান থাকিব। আজিৰ দিনত কোনো বিশেষ ব্যক্তি আপোনাৰ যত্ন ল’ব পাৰে।

ভাগ্যশালী সংখ্যা:
ভাগ্যশালী ৰং: বগা
উপায়: চন্দ্ৰদেৱক গাখীৰ মিশ্ৰিত পানী অৰ্পণ কৰক।

সিংহ ৰাশি

ফঁচি থকা ধন লাভ হ’ব আৰু বিনিয়োগৰ পৰা লাভ সম্ভৱ। সন্তানৰ সৈতে সময় কাটাব পাৰিব। অংশীদাৰী ব্যৱসায়ত লাভ সম্ভৱ। ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে পৰিয়ালৰ পৰামৰ্শ লওক। জীৱনসঙ্গীৰ সৈতে সময় সুখময় হ’ব।

ভাগ্যশালী সংখ্যা :
ভাগ্যশালী ৰং: সোণালী
উপায়: সূৰ্যদেৱক গুৰ মিশ্ৰিত পানী অৰ্পণ কৰক।

কন্যা ৰাশি

ছিংগল ব্যক্তিসকলে আজি নিজৰ প্ৰেম প্ৰকাশ কৰিব পাৰে। চাকৰিজীৱীৰ সহকৰ্মীৰ সৈতে সম্পর্ক ভাল থাকিব। বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা আছে। ব্যৱসায়ীয়ে ডাঙৰ চুক্তি সম্পন্ন কৰিব পাৰে। ঘৰতে ধৰ্মীয় অনুষ্ঠান হ’ব পাৰে।

ভাগ্যশালী সংখ্যা:
ভাগ্যশালী ৰং: আকাশী নীলা
উপায়: মা দুর্গাক ৰঙা ফুল আৰু মিঠাই অৰ্পণ কৰক।

তুলা ৰাশি

বন্ধুসকলৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা হ’ব পাৰে। পুৰণি ৰোগত উন্নতি দেখা যাব। জীৱনত প্ৰেম আৰু সন্মান বৃদ্ধি পাবে। ব্যৱসায়ত লাভ হ’ব। পৰিয়ালৰ দায়িত্বৰ মাজত নিজৰ বাবে সময় লওক।

ভাগ্যশালী সংখ্যা:
ভাগ্যশালী ৰং: বগা
উপায়: মা সৰস্বতীৰ পূজা কৰক আৰু শিক্ষাৰ্থীক পুথি দান কৰক।

বৃশ্চিক ৰাশি

পুৰণি কাম সম্পন্ন হ’ব। দিনটো ব্যস্ত থাকিব, কিন্তু পৰিয়ালৰ বাবে সময় উলিওৱা প্ৰয়োজন। ধন লেনদেনত সাৱধান নহ’লে ক্ষতি হ’ব পাৰে। শহুৰ-পক্ষৰ সৈতে মতভেদ সম্ভৱ। প্ৰেমজীৱনত সুখ বৃদ্ধি পাব।

ভাগ্যশালী সংখ্যা:
ভাগ্যশালী ৰং: গাঢ় ৰঙা
উপায়: মহাদেৱক পানী আৰু বেলপাত অৰ্পণ কৰক।

ধনু ৰাশি

বন্ধুসকলৰ সৈতে কোনো বিশেষ ব্যক্তিৰ সাক্ষাৎ হ’ব পাৰে, যাৰ পৰা প্ৰেৰণা লাভ হ’ব। প্ৰেম সম্পর্কত সময় দিয়ক। অনাবশ্যক কথাত নালাগিব। বিবাদৰ পৰা আঁতৰি থাকিব। সন্ধিয়া পৰিয়ালৰ সৈতে সময় কটাব।

ভাগ্যশালী সংখ্যা:
ভাগ্যশালী ৰং: হালধীয়া
উপায়: কলগছত পানী দিয়ক আৰু বৃহস্পতিবাৰে দান কৰক।

মকৰ ৰাশি

স্বাস্থ্যৰ যত্ন লওক আৰু সাৱধানে বাহন চালাওক। পুৰণি বন্ধু সাক্ষাৎ কৰিবলৈ আহিব পাৰে। প্ৰেমজীৱন সুখময় থাকিব। সন্তানৰপৰা আনন্দ লাভ হ’ব। চাকৰি আৰু ব্যৱসায় স্বাভাৱিক থাকিব। জীৱনসঙ্গীৰ সৈতে মতভেদ সম্ভৱ।

ভাগ্যশালী সংখ্যা: ১০
ভাগ্যশালী ৰং: ক’লা
উপায়: শনিদেৱক সৰিষা তেলৰ দীপ জ্বালাওক।

কুম্ভ ৰাশি

পৰিয়ালৰ কোনো পুৰণি সদস্যৰ সৈতে সাক্ষাৎ হ’ব পাৰে। আয়ৰ নতুন উৎস উদ্ভৱ হ’ব। বিবাহৰ প্ৰস্তাৱ আগবঢ়িব পাৰে। জীৱনধাৰাত উন্নতি আনক। সন্ধিয়া পৰিয়ালৰ সৈতে আলোচনা হ’ব।

ভাগ্যশালী সংখ্যা: ১১
ভাগ্যশালী ৰং: নীলা
উপায়: শিৱলিঙ্গত পানী অৰ্পণ কৰক আৰু “ওঁ নমঃ শিৱায়” জপ কৰক।

মীন ৰাশি

ঘৰত বিশেষ অতিথি আহিব পাৰে। বিনিয়োগৰ পৰা লাভ হ’ব। সন্তানৰ স্বাস্থ্যৰ চিন্তা থাকিব পাৰে। চাকৰিজীৱীসকলে সাক্ষাৎকাৰ দিব পাৰে। ব্যৱসায়ত লাভ আৰু চৰকাৰী সহায় লাভ হ’ব।

ভাগ্যশালী সংখ্যা: ১২
ভাগ্যশালী ৰং: পাতল হালধীয়া
উপায়: তুলসীমাতাক প্রদক্ষিণ কৰক আৰু দীপ জ্বলাওক।

You might also like