ৰাইজখনে যেতিয়া একেলগে কান্দে
🔹 ড০ পার্থসাৰথি মহন্ত
কিছুমান মানুহ যেতিয়া এই পৃথিৱীখনৰ পৰা গুচি যায়, আমাৰ পৃথিৱীৰ এটা অংশও লগতে লৈ যায়৷ তেওঁলোক নোহোৱা হোৱাৰ লগে লগে এনে লাগে যেন আমাৰ নিজৰ কাহিনীৰ এটা টুকুৰাও শেষ হৈ গ’ল৷ জীৱনত এনে কিছুমান মুহূর্ত আহে যেতিয়া এজন ব্যক্তিৰ মৃত্যুৱে– আমি হয়তো কেতিয়াও লগেই পোৱা নাই– আমাক কান্দিবলৈ বাধ্য কৰে৷ আমি তেওঁক হয়তো কেৱল মঞ্চ বা টিভিতহে দেখিছোঁ৷ অথচ সেই ব্যক্তিজন নোহোৱা হ’লে আমাৰ ভিতৰৰ কিবা এটা নীৰৱে ভাঙি যায়৷ এখন সমাজ শোকত স্তব্ধ হৈ যায়৷
এনে বিয়োগ হৈ পৰে ব্যক্তিগত ক্ষতি আৰু শোক সামূহিক৷
ব্যক্তিগত ক্ষতি– কাৰণ আমি সেই মানুহজনৰ লগত নিজা ধৰণে সংযোগ কৰোঁ আৰু অন্তৰংগ অনুভৱ কৰোঁ৷ প্রতিজন মানুহেই ভিতৰত এখন আৱেগিক জগত কঢ়িয়াই লৈ ফুৰে৷ সময়ৰ লগে লগে কিছুমান বিশেষ মানুহ সেই অন্তর্জগতৰ অংশ হৈ পৰে, যদিও আমি তেওঁলোকক কেতিয়াও লগ নাপাওঁ৷ শিল্পকলাৰ মাধ্যমেৰে, সমাজত সৃষ্টি কৰা প্রভাৱৰ জৰিয়তে তেওঁলোকে আমাৰ জীৱনত প্রৱেশ কৰে, আমাৰ আৱেগৰ নীৰৱ সংগী হৈ পৰে৷ আমাৰ যন্ত্রণাক কণ্ঠ দিয়া এজন গায়কৰ মাতটো শুনিলে বা হাঁহিটো চিনাকি লগা এজন অভিনেতাক দেখিলে আমি অজানিতে এক আৱেগিক বান্ধোনৰ সৃষ্টি কৰোঁ৷
তেওঁলোকৰ উপস্থিতিয়ে আমাৰ অনুভৱক গঢ় দিয়ে৷ আমি কেতিয়াও ক’ব নোৱাৰা কথাবোৰ তেওঁলোকে কয়৷ আমি কেতিয়াও প্রকাশ কৰিব নোৱাৰা কথাবোৰ তেওঁলোকে গায়৷ গতিকে তেনে এজনৰ যেতিয়া মৃত্যু হয়, আমাৰ নিজৰ আত্মাৰ এটা টুকুৰা হেৰুৱাই পেলোৱা যেন লাগে৷ আমি অনুভৱ কৰা বিষটো কেৱল তেওঁলোকৰ বাবে নহয়, এই বিষ আমাৰ ভিতৰত তেওঁলোকে প্রতিনিধিত্ব কৰা সকলো বস্তুৰ বাবে– আমাৰ যৌৱন, আমাৰ প্রেম, আমাৰ নিঃসংগতা, আমাৰ অকথিত সপোন৷
তেওঁলোকৰ অনুপস্থিতিয়ে ব্যক্তিগত স্মৃতিবোৰ পুনৰ মুকলি কৰি দিয়ে৷ খ্যাতিয়ে আমাক তেওঁলোকৰ সৈতে সংযোগ নকৰে৷ পৰিচিতিয়ে কৰে৷ আমি তেওঁলোকক চিনি পাইছিলোঁ আৰু তেওঁলোকে আমাক বুজি পাইছিল বুলি থকা ধাৰণাটোৱে কৰে৷ সঁচা কথা ক’বলৈ গ’লে শিল্পকলাৰে তেওঁলোকে আমাৰ লগত এখন আত্মিক দলং নির্মাণ কৰে আৰু সেইবাবে তেওঁলোক কায়িকভাৱে নোহোৱা হ’লেও হূদয়ৰ সংযোগটো সজীৱ হৈ থাকি যায়৷
কেৱল কাৰোবাক হেৰুৱাই পেলোৱাৰ কাৰণেই শোক নহয়৷ আমাৰ শোকৰ কাৰণ হ’ল আমি নিজৰ এটা অংশ হেৰুৱাই পেলোৱা যেন অনুভৱ কৰোঁ৷ আমি যেতিয়া আমাৰ চিন্তা বা আৱেগক গঢ় দিয়া ব্যক্তি এজনক হেৰুৱাও আমি কোন তাৰ প্রতিফলনো যেন হেৰুৱাই পেলাওঁ৷ সেই কাৰণেই এজন গায়কৰ মৃত্যুত ‘মোৰ ঈশ্বৰ শেষ হৈ গ’ল’ বা ‘মোৰ কলেজীয়া দিনবোৰ শেষ হ’ল’ যেন আমাৰ বোধ হয়৷ তেওঁৰ গান শুনি আমি ডাঙৰ হৈছোঁ৷ তেওঁৰ গীতৰ কথাৰে প্রেম কৰিছোঁ, তেওঁৰ সুৰেৰে কান্দিছোঁ৷ তেওঁৰ মৃত্যুৱে আমাক এইটোও সোঁৱৰাই দিয়ে যে সময় আগবাঢ়িছে, জীৱনটো সলনি হৈছে৷ এই অর্থত শোক হৈ পৰে দাপোণ৷ এই শোকে আমাৰ জীৱনৰ গতিপথ প্রতিফলিত কৰে৷ সকলোবোৰ ক্ষণস্থায়ী– আমাক এই উপলব্ধি কৰায়৷ মৃত্যুৰ সৈতে হঠাৎ হোৱা এই মুখামুখিয়ে আমাক সাংঘাতিক ধৰণে জোকাৰি যায়৷ এই দুখৰ এভাগ বিদায়ী আত্মাৰ বাবে, আনভাগ নিজৰ বাবে৷
কিছুমান মানুহে আমাৰ মগজুত আৱেগিক চাপ এৰি যায়৷ কিছুমান কথা আমাৰ মনত খোদিত হৈ থাকি যায়৷ আনন্দ, দুখ, প্রেম, অহংকাৰ যিকোনো প্রবল আৱেগকে আমি কিছুমান বিশেষ ব্যক্তি বা অভিজ্ঞতাৰ সৈতে জড়িত কৰোঁ৷ কোনো গায়কৰ কণ্ঠ যদি সুখৰ দিনত আমাৰ লগ হৈছিল বা তেওঁলোকৰ কথাই দুখৰ সময়ত আমাক সান্ত্বনা দিছিল, আমাৰ মগজুৱে সেই আৱেগবোৰক সেই ব্যক্তিজনৰ লগত সংযুক্ত কৰি ৰাখে, তেওঁ হৈ পৰে কিছুমান বিশেষ অনুভূতিৰ প্রতীক৷ ব্যক্তিজনৰ মৃত্যুৱে এই আৱেগিক সংযোগটো বিঘ্ণিত কৰে৷ গীতবোৰ, শব্দবোৰ, স্মৃতিবোৰৰ কোনো জীৱিত উৎস নোহোৱা হৈ পৰে৷ সেইকাৰণেই সেই প্রিয় গায়কৰ গান বহুদিনৰ পাছত শুনিলেও আমাৰ চকুপানী সৰে৷ সেই কণ্ঠই আমাৰ প্রেম আৰু আমি কি হেৰুৱালোঁ সেয়া পুনৰ মনত পেলাই দিয়ে৷
মানুহ সকলোৰে লগত থাকিব বিচাৰে৷ অন্তর্ভুক্ত হৈ থাকিব বিচাৰে– পৰিয়াল, সম্প্রদায়, সমাজ, সংস্কৃতিৰ৷ আমাৰ সামাজিক সত্তা, আমাৰ পৰিচয়বোধ গঢ় লয় এই সামূহিক আৱেগৰ পৰা৷ যেতিয়া এজন ব্যক্তিয়ে এই আৱেগক প্রতিনিধিত্ব কৰে তেওঁ সেই সামূহিক অভিজ্ঞতাৰ প্রতীক হৈ পৰে৷ তেনে ব্যক্তিৰ মৃত্যু হৈ পৰে সামূহিক শোক৷ মানুহবোৰ যেতিয়া গোট খায়, শোক কৰে, গান গায়, কান্দে– সেই সময়খিনিত শ্রেণী, ধর্ম, ভেদাভেদ নোহোৱা হৈ যায়– থাকে কেৱল আৱেগ৷ এয়া হ’ল সামূহিক আত্মাক কঢ়িয়াই ফুৰা কোনোবাই আমাক অকলে এৰি যোৱাৰ অনুভৱ৷
সমাজত কিছুমান বিশেষ ব্যক্তিয়ে নিজৰ পেছাতকৈও ডাঙৰ এক মানসিক ভূমিকা পালন কৰে৷ এজন গায়ক কেৱল গায়ক হৈ নাথাকে, তেওঁ হৈ পৰে এটা প্রজন্মৰ কণ্ঠ৷ এজন অভিনেতা হৈ পৰে স্বপ্ণবাহক৷ এজন নেতা হৈ পৰে অভিভাৱক ব্যক্তিত্ব৷ এওঁলোকৰ ওপৰত মানুহে নিজৰ ইচ্ছা, আদর্শ আৰু আৱেগ প্রক্ষেপ কৰে৷ সমাজত কি অভাৱ তাৰ ওপৰত নির্ভৰ কৰি তেওঁলোক হৈ পৰে আশা, বিদ্রোহ আৰু ক্ষমতাৰ প্রতীক৷ এনে লোকৰ মৃত্যু হ’লে মানুহে পথ প্রদর্শক, বন্ধু বা জীৱনৰ প্রতিবিম্ব দেখা পোৱা দাপোণ এখন হেৰুওৱাৰ অনুভৱ কৰে, এক আৱেগিক আৰু আধ্যাত্মিক শূন্যতা অনুভৱ কৰে৷ সেইবাবে অতি যুক্তিবাদী ব্যক্তিয়েও মনে মনে কান্দে৷ কাৰণ আৱেগিকভাৱে তেওঁৰ মনোজগতত সেই মানুহজন সোমাই আছিল৷ মৃত্যু হঠাৎ বা কৰুণ হ’লে সেই শোক বেছি প্রবল হয়৷ মনটো প্রস্তুত নাছিল৷ মনে মানি ল’বলৈ অস্বীকাৰ কৰে৷
হাজাৰ হাজাৰ লোক যেতিয়া অন্ত্যেষ্টিক্রিয়াৰ শোভাযাত্রাৰ বাবে গোট খায় সেয়া হৈ পৰে সামূহিক শোকৰ এক বৃহৎ প্রকাশ৷ এয়া হ’ল আৱেগৰ সামূহিক বিশুদ্ধকৰণ, অনুভূতিৰ মুক্তি৷ এনে মুহূর্তত ব্যক্তিয়ে অকলে প্রকাশ কৰিব নোৱাৰা কথা সমাজে প্রকাশ কৰে৷ অদৃশ্য বিষাদক যেন আকৃতি দিয়ে৷ শোভাযাত্রাটোৱে কেৱল একেলগে খোজকাঢ়িয়েই নাযায়, একেলগে কান্দেও৷ বহুতে সেই সামূহিক শোকত সান্ত্বনা বিচাৰি পায়৷ সকলো সংস্কৃতিতে অন্ত্যেষ্টিক্রিয়া সেয়েহে ৰাজহুৱা৷ কাৰণ মৃত্যু ব্যক্তিগত, কিন্তু শোক সামাজিক৷
এই আৱেগিক সত্যই স্পষ্ট হৈ পৰিছিল জুবিন গার্গৰ অন্তিম যাত্রাত– সেয়া আছিল হূদয়ৰ গতি৷ কিয় ইমানবোৰ মানুহে তেওঁৰ কাৰণে কান্দিছিল? সমগ্র ৰাজ্যখন কিয় শোকত ভাগি পৰা এটা পৰিয়ালৰ দৰে হৈ পৰিছিল? কাৰণ তেওঁ মানুহৰ পৰা আঁতৰত নহয়, মানুহৰ মাজত আছিল৷ তেওঁলোকৰ ভাষা কৈছিল, তেওঁলোকৰ দুখ অনুভৱ কৰিছিল আৰু তেওঁলোকৰ সপোনবোৰ গাইছিল৷ মানুহৰ বাবে তেওঁ ‘তাৰকা শিল্পী’ নাছিল– তেওঁ আছিল তেওঁলোকৰ বাবে গান গোৱা বন্ধু, তেওঁলোকৰ হৈ থিয় দিয়া ককায়েক আৰু নিজৰ শিপা নাপাহৰা একে মাটিৰ সন্তান৷ গতিকে যেতিয়া তেওঁ নাই বুলি খবৰ আহিল মানুহে বিশ্বাসেই কৰিব নোৱাৰিলে, এনে লাগিল যেন জীৱনৰ ৰেডিঅ’টো হঠাত নিস্তব্ধ হৈ পৰিল৷ সেইকাৰণেই জুবিনৰ অন্তিম যাত্রা আছিল সামূহিক ঐক্যৰ এক মানসিক মুহূর্ত৷ মানুহে বিভাজন পাহৰি গ’ল৷ একমাত্র পৰিচয় হৈ ৰ’ল আৱেগ৷
শেষত ৰৈ যায় স্মৃতি৷ চকুপানী শুকাই যায়, সংগীত ৰৈ যায়৷ দুখ গৌৰৱত পৰিণত হয়৷ মানুহে যেন মৃত্যু বুজি পোৱা হৈ যায়৷ সেইবাবেই ‘মায়াৱিনী ৰাতিৰ বুকুত’ বুলি কৰা গুণগুণনিত জুবিন জীয়াই থাকে৷
কিছুমান মানুহৰ মৃত্যু নহয়৷ তেওঁলোক হৈ পৰে কেতিয়াও শেষ নোহোৱা গীত৷
ফোন : ৯৪৩৫০–৪৮৪৮০