নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালগুৰিৰ ভূটান সীমান্তৰ ডিমাকুছিত হাতী পোৱালি উদ্ধাৰ

ওদালগুৰি জিলাৰ ভূটান সীমান্তৰ দাঁতিকাষৰীয়া অঞ্চল সমূহত হাতী-মানুহৰ সংঘাতে জনজীৱন বিপৰ্যস্ত কৰি তোলাৰ সময়তে আজি জিলাখনৰ ভূটান সীমান্তৱৰ্তী নালাপাৰাত মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰা এটা প্ৰায় ডেৰ বছৰীয়া হাতী পোৱালি উদ্ধাৰ কৰে বন বিভাগে৷

বৰনদী বণ্যপ্ৰাণী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ জাকৰ পৰা বিচ্ছিন্ন হৈ পৰা কণমানি হাতীৰ পোৱালিটো আজি ২ নং বৰঙাজুলি নালাপাৰাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে৷ ৰাইজৰ খৱৰৰ ভিত্তিত বনবিভাগে হাতী পোৱালিটো উদ্ধাৰ কৰি বৰনদী অভয়াৰণ্যৰ বনবিষয়াৰ কাৰ্যালয়ত ৰখাৰ ব্যৱস্থা কৰে৷

বনবিভাগে টংলা পশু চিকিৎসালয়ৰ চিকিৎসকৰ দ্বাৰা হাতী পোৱালিটোৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰে৷ দীপাৱলীৰ দিনটোতে উদ্ধাৰ হোৱা হাতী পোৱালিটোক বনবিভাগৰ কৰ্মী সকলে মৰমতে দিপাৱলী ওৰফে দিপালী নাম ৰাখে৷ হাতী পোৱালিটো উদ্ধাৰৰ পাছতে মৰমলগা পোৱালিটো প্ৰত্যক্ষ কৰিবলৈ বনবিভাগৰ কাৰ্যালয়লৈ মানুহৰ সোঁত বয়৷

কালি আকৌ এবাৰ বন্যহস্তী পোৱালিটোৰ স্বাস্থ্য পৰীক্ষা কৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানত মুকলি দিয়া হ’ৱ বুলি জানিবলৈ দিছে বনবিভাগে৷

নিয়মীয়া বাৰ্তা, ডিমাকুছি, ২১ অক্টোবৰ

You might also like