নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৱানীপুৰত পাঞ্চালী মিনি থিয়েটাৰৰ নাট নিবেদনৰ শুভাৰম্ভ 

ভৱানীপুৰৰ পৰা আত্মপ্ৰকাশ কৰা দ্বিতীয় নাট্যবৰ্ষত পদাৰ্পণ কৰা ছবিৰঞ্জন মেধি প্ৰযোজিত “পাঞ্চালী মিনি থিয়েটাৰ”ৰ চলিত বৰ্ষৰ নাট নিবেদনৰ শুভাৰম্ভ হয়। ভৱানীপুৰৰ শংকৰদেৱ শিশু নিকেতন প্ৰাংগনৰ স্থায়ী মঞ্চত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় পাঞ্চালী মিনি থিয়েটাৰৰ নাট মঞ্চস্থ কাৰ্যসূচীৰ।

পাঞ্চালী মিনি থিয়েটাৰৰ নাট নিবেদন কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বজালীৰ জ্যেষ্ঠ অধিবক্তা তথা বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি গিৰিধৰ চৌধুৰীয়ে। পাঞ্চালী মিনি থিয়েটাৰৰ অভিনেতা দিপাংকৰ দাসে আঁত ধৰা আৰু সম্পাদক গোকুল তালুকদাৰে পৰিচালনা কৰা উদ্বোধনী অনুষ্ঠানত ভৱানীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ অজিত কুমাৰ চৌধুৰী, চিকিৎসা বিষয়া ডা: তাৰিফ হুছেইন,জেষ্ঠ সাংবাদিক তথা নাট্য শিল্পী ৰাজীৱ তালুকদাৰ, সাংবাদিক প্ৰশান্ত দাস, সমাজকৰ্মী প্ৰাক্তন ছাত্ৰ নেতা কিশোৰ কুমাৰ ডেকা,নিজ ভৱানীপুৰ গাওঁ পঞ্চায়তৰ কাউঞ্চিলৰ মামনি পাটগিৰি, নাট্য শিল্পী দিলীপ দাস,ভৱানীপুৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য গোপাল বায়ন, নাট্যশিল্পী প্ৰাঞ্জল কলিতা,বৰ্ষীয়াণ আলোক নিয়ন্ত্ৰণ শিল্পী কেশৱ কলিতাই অতিথিৰূপে উপস্থিত থাকে।

লগতে সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আৰু হাৰ্ট থ্ৰ’ৱ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে কাউঞ্চিলৰ মামনি পাটগিৰি আৰু নাট্যশিল্পী দিলীপ দাসে।উল্লেখ্য যে- পাঞ্চালী মিনি থিয়েটাৰৰ নাট নিবেদনৰ শুভাৰম্ভণিৰ দিনা নাট্যকাৰ সমৰেন্দ্ৰ বৰ্মনৰ ৰচিত সামাজিক নাট “ৰাম নৱমী” সফলতাৰে মঞ্চস্থ কৰে।

প্ৰাঞ্জল কলিতাই পৰিচালনা কৰা “ৰাম নৱমী”ত অভিনয় কৰে ক্ৰমে- নৱ কৃষ্ণ,দিপাংকৰ দাস,হৃষীকেশ দাস, অনুপম তালুকদাৰ,ৰাহুল কলিতা, দিপম, সুৰজিৎ কলিতা,কুসুম কলিতা,মধুস্মিতা খাটনিয়াৰ আৰু অনুষ্কা কলিতাই। নাটৰ সংগীত পৰিচালনা কৰিছে শয়ন গৌতম আৰু জিতুৱে।কণ্ঠশিল্পীৰূপে গীতত কণ্ঠদান কৰে অলকেশ অৰ্ণৱে। নৃত্য নিৰ্দেশনা বাবুলা বড়োৰ।আলোক নিয়ন্ত্ৰণ কৰে কেশৱ কলিতা আৰু ডিম্পল বৈশ্যই।উল্লেখ্য যে- পাঞ্চালী মিনি থিয়েটাৰে চলিত নাট্য বৰ্ষত বিভিন্ন স্থানত আগন্তুক ৰঙালী বিহুলৈকে নাট মঞ্চস্থ কৰিব বুলি সম্পাদক গোকুল তালুকদাৰে জানিবলৈ দিছে।

নিয়মীয়া বাৰ্তা, সৰুপেটা, ২১ অক্টোবৰ

You might also like