নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙামাটিত ৫২০০ গছি বন্তি প্ৰজ্বলনেৰে জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ

জুবিন গাৰ্গবিহীন এটা মাহ সম্পূৰ্ণ হল। অকালতে হেৰাই গ’ল অসমীয়াৰ প্ৰাণস্পন্দন, হিয়াৰ আমঠু কন্ঠ শিল্পী জুবিন গাৰ্গ। আজিও সমগ্ৰ ৰাজ্য শোকস্তব্দ। জুবিন গাৰ্গৰ মৃত্যুৰ লগত নাম সাঙোৰ খোৱা ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰি  কাৰাগাৰলৈ প্ৰেৰণ কৰিছে যদিও ন্যায়ৰ দাবীত অটল হৈ আছে ৰাজ্যবাসী।

গোলাঘাট জিলাৰ দেৰগাঁও থানাৰ অন্তৰ্গত বাদুলিপাৰৰ সমীপৰ ৰঙামাটি গাঁৱত ৰঙামাটি নাট্য মন্দিৰ প্ৰাঙ্গনত নৱগঠিত ৰঙামাটি জুবিন ফ্ৰেণ্ডছ ক্লাৱৰ উদ্যোগত চেউনী গাঁও, কমাৰগাঁও, ডেকা গাঁও, খুন্দামৰা চুক, বাঢ়নিয়া গাঁও, কৰুনাটিং গাঁও আৰু নৱজ্যোতি গাঁৱৰ জুবিন অনুৰাগীয়ে ৫২০০ গছি বন্তি প্ৰজ্বলনৰ যোগেৰে #JusticeForZubeenGarg লিখি আধ্যাত্মিকতাৰ মাজেৰে কৰিলে প্ৰতিবাদ।

ইয়াৰ উপৰি প্ৰাণৰ শিল্পীগৰাকী ৫২ বছৰত অকালতে অসমবাসীৰ মাজৰ পৰা আঁতৰি যোৱাত ম্ৰিয়মাণ হৈ ৫২ গজ আকাশ বন্তি প্ৰজ্বলন কৰি আকাশ মাৰ্গলৈ উৰুৱাই  জুবিন গাৰ্গৰ  কালজয়ী “মায়াবিনি” গীতটো দুই সহস্ৰাধিক লোকে একেলগে পৰিৱেশন কৰে।

বন্তি প্ৰজ্বলনৰ পিছতেই কন্ঠ শিল্পীগৰাকীৰ আত্মাৰ  চিৰ শান্তি কামণা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা জনায়। ইয়াৰ পিছতেই  অনুস্থিত হোৱা এক সভাত সমাজকৰ্মী অনিল বৰা আৰু  অতুল বৰাই তেঁওলোকৰ প্ৰয়াত পিতৃ স্বৰ্গীয় ললিত বৰাৰ স্মৃতিত ১ কঠা ভূমি নৱ গঠিত জুবিন ফ্ৰেণ্ডচ ক্লাৱক  দান কৰা কথা ৰাজহুৱা ভাৱে অৱগত কৰে । সভাত অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী প্ৰাঞ্জীমা বৰাই বিষয়ৰ সম্পৰ্কত বক্তব্য প্ৰদান কৰে।

নিয়মীয়া বাৰ্তা, দেৰগাঁও, ২১ অক্টোবৰ

You might also like