নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজস্বী যাদৱেই হ’ব বিহাৰৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী, আনুষ্ঠানিক ঘোষণা

“আপোনালোকে কওক, আপোনালোকৰ নেতা কোন হ’ব?”

মহাজোঁটবন্ধনৰ ফালৰ পৰা আজি এখন যৌথ সংবাদ মেলৰ আয়োজন কৰি ঘোষণা কৰা হয় যে তেজস্বী যাদৱেই হব বিহাৰৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী।

সপ্তাহজুৰি চলা মন্ত্ৰণা আৰু তীব্ৰ আলোচনাৰ অন্তত RJD নেতা তেজস্বী যাদৱক মহাজোঁটবন্ধনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হয়, যাক প্ৰতিপক্ষই শক্তি প্ৰদৰ্শনৰ মঞ্চত পৰিণত কৰে। আসন-বণ্টন সন্দৰ্ভত কঠোৰ আলোচনা কৰা বিকাশশীল ইনছান পাৰ্টি (VIP)-ৰ সভাপতি মুকেশ সাহানীক ঘোষণা কৰা হয় উপ-মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে।

এই সময়ত কংগ্ৰেছ নেতা অশোক গেহলটে NDAক প্ৰশ্ন কৰিছিল— “আপোনালোকে কওক, আপোনালোকৰ নেতা কোন হ’ব?”

সকলো জ্যেষ্ঠ নেতাৰ সৈতে আলোচনা কৰাৰ পাছত আমি সিদ্ধান্ত লৈছোঁ যে আগন্তুক বিহাৰ নিৰ্বাচনত তেজস্বী যাদৱেই মহাজোঁটবন্ধনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব। তেওঁৰ আগত দীঘল ৰাজনৈতিক ভৱিষ্যত আছে বুলি কয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অশোক গেহলটে।

নিয়মীয়া বাৰ্তা ডেস্ক, ২৩ অক্টোবৰ

You might also like