শুভ-আৰম্ভত কেণা! গিলৰ প্ৰথমটো অধিনায়কত্বতে শৃংখলা হেৰুৱালে টীম ইণ্ডিয়াই
বহুদিনৰ পিছত ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন কৰা ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ প্ৰত্যাৱৰ্তন সুখকৰ নহল
এডিলেইডত অনুষ্ঠিত দ্বিতীয় এদিনীয়াত মেথিউ শ্বৰ্ট আৰু কুপাৰ কনোলীৰ শক্তিশালী প্ৰদৰ্শনৰ জৰিয়তে অষ্ট্ৰেলিয়াই ভাৰতক ২ উইকেটত পৰাস্ত কৰিছে। এই জয়ৰ জৰিয়তে অষ্ট্ৰেলিয়াই তিনিখন খেলৰ চিৰিজত ২-০ত আগবাঢ়ি আছে। ভাৰত প্ৰথমে বেট কৰি ৫০ অভাৰত ৯ উইকেটত ২৬৪ ৰান কৰিছিল। তাৰ উত্তৰ হিচাপে কেংগাৰু বাহিনীয়ে ২২টা বল বাকী থাকোঁতে ৮ উইকেট হেৰুৱাই বিজয় সাব্যস্ত কৰে। উল্লেখ্য যে ১৭ বছৰৰ পাছত এডিলেইডত ভাৰতীয় দল এদিনীয়া খেলত পৰাস্ত হৈছে।
শুভমন গিলৰ বাবে এদিনীয়াৰ অধিনায়ক হিচাপে আৰম্ভণি ভাল হোৱা নাই। অধিনায়ক হিচাপে তেওঁ নিজৰ প্ৰথম ছিৰিজ হেৰুৱালে। ভাৰতীয় বলাৰসকলে ২৬৪ ৰান ৰক্ষা কৰিবলৈ বিফল হৈছে। ভাৰতীয় দলৰ হৈ ৰোহিত শর্মাই ৭৩ আৰু শ্ৰেয়াস আয়াৰে ৬১ ৰান কৰে।
২৬৫ ৰানৰ লক্ষ্যৰ পিছ লৈ খেলা অষ্ট্ৰেলিয়ান দলৰ আৰম্ভণি ভাল হোৱা নাছিল। অধিনায়ক মিচেল মাৰ্শ্ব ১১ ৰানত আৰু ট্ৰেভিছ হেড ২৮ ৰানত আউট হৈছিল। অভিজ্ঞতাহীন মিডল অৰ্ডাৰ লক্ষ্যৰ দিশত ভাৰতীয় বলাৰসকলে অষ্ট্ৰেলিয়ান বেটছমেনক ৰোধ কৰিব পাৰিব বুলি ভাবিছিল, কিন্তু তৃতীয় নম্বৰত থকা মেট শ্বৰ্টে প্ৰথমে মেট ৰেনস্ব’ (৩০)ৰ সৈতে তৃতীয় উইকেটৰ বাবে ১৫৫ ৰানৰ যুটি বান্ধি দলক বিপদৰ পৰা মুক্ত কৰিলে।
ৰেনশ্ব’ আউট হোৱাৰ পিছত এলেক্স কেৰীয়ে মাত্ৰ ৯ ৰানত পেভেলিয়নলৈ উভতি গৈছিল। কেংগাৰু বাহিনীৰ ৪ উইকেটত ১৩২ ৰান হৈছিল। কিন্তু কুপাৰ কনোলীয়ে ভাৰতীয় দলৰ মনৰ আশা ভঙি দিলে। শ্বৰ্টে ৭৮ বলত ৪ চাৰি আৰু ২ ছিক্সাৰৰ সহায়ত ৭৪ ৰান কৰি আউট হৈছিল।
উল্লেখ্য যে বহুদিনৰ পিছত ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন কৰা ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ প্ৰত্যাৱৰ্তন সুখকৰ নহল। যদিও আজি ৰোহিত শৰ্মাই এক অৰ্ধশতকীয় ইনিংছ খেলে, বিৰাট কোহলিয়ে দুয়োখন খেলতে ০ ৰানত আউট হয়।
নিয়মীয়া বাৰ্তা ডেস্ক, ২৩ অক্টোবৰ