নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰৰ আই ই ডি বিস্ফোৰণ, নাদাংগুৰি পাহাৰত আৰক্ষীৰে গুলীয়াগুলীত মাওবাদী নিহত

কোকৰাঝাৰত আৰক্ষী আৰু মাওবাদীৰ প্ৰচণ্ড গুলীয়াগুলীত এজন মাওবাদী নিহত হয়। কোকৰাঝাৰৰ ৰে’লপথত আই ই ডি বিস্ফোৰণৰ সৈতে জড়িত উগ্ৰপন্থীৰ সন্ধানত নাদাংগুৰিত আৰক্ষীয়ে এক অভিযান চলায়। এই অভিযানত ছালাকাটিৰ নাদাংগুৰি পাহাৰত গুলীয়াগুলী চলে। আৰক্ষীৰ অভিযানত এপিল মুৰ্মু ওৰফে ৰোহিত মুৰ্মু (৪০) নিহত হয় । নিহত মাওবাদীজন ২৩ অক্টোবৰৰ কোকৰাঝাৰ আৰু ছালাকাটিৰ মাজত সংঘটিত IED বিস্ফোৰণৰ মূল পৰিকল্পনাকাৰী আছিল বুলি ধাৰণা কৰা হৈছে। নিহত এপিল মুৰ্মু ঝাৰখণ্ডতো বোমা বিস্ফোৰণৰ স’তে জড়িত আছিল ।

যোৱা বছৰ অক্টোবৰ মাহত ঝাৰখণ্ডৰ ৰে’লপথত বোমা বিস্ফোৰণ কৰি তেওঁ অসমলৈ পলাই আহিছিল । ঝাৰখণ্ডত তেওঁ ৰোহিত মুৰ্মু বুলি পৰিচিত। আনহাতে কোকৰাঝাৰ জিলাৰ কচুগাঁও গ্ৰাহমপুৰৰ বাসিন্দা হিচাপে তেওঁ এপিল মুৰ্মু বুলি পৰিচিত। পূৰ্বতে তেওঁ নাছলা নামৰ উগ্ৰবাদী সংগঠনৰ সদস্য আছিল। নাছলাই আত্মসমৰ্পণ কৰাত তেওঁ আত্মসমৰ্পণ নকৰি ঝাৰখণ্ডলৈ পলাই গৈছিল আৰু তাতে নাছলা গোট খুলি কমাণ্ডেণ্ট হৈছিল । পিছত তেওঁ মাওবাদীৰে সম্পৰ্ক গঢ়ি তুলিছিল । ২০১৫ চনৰ পৰা ঝাৰখণ্ডত তেওঁ কূটাঘাতমূলক কাৰ্য সংঘটিত কৰি আহিছিল ।

উল্লেখ্য যে কোকৰাঝাৰৰ শেহতীয়া ৰে’ল লাইনৰ IED বিস্ফোৰণত জড়িত আছিল মাওবাদী। বিস্ফোৰণত মাওবাদী জড়িত থকাৰ কথা মুখ্যমন্ত্ৰীয়েও ব্যক্ত কৰিছিল। বিস্ফোৰণত জড়িত মাওবাদী এটাক চিনাক্ত কৰা হৈছিল। পূৰ্ব পৰিকল্পনা অনুসৰিয়েই কোকৰাঝাৰত IED বিস্ফোৰণ সংঘটিত কৰিছিল মাওবাদীয়ে। এই ঘটনাৰ পিছত মাওবাদীৰ বিৰুদ্ধে অভিযান চলায় আৰক্ষীয়ে। কোকৰাঝাৰৰ ৰে’ল লাইনত আই ই ডি বিস্ফোৰণৰ ঘটনাক লৈ চলোৱা অভিযানত আৰক্ষীৰ গুলীত এটা মাওবাদী গুৰুতৰভাৱে আহত হয়। আহত মাওবাদীটোক ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসালয়তে মৃত্যু হয় মাওবাদীটোৰ। ঘটনাস্থলীৰ পৰা পিষ্টল, গ্ৰেনেড, ভোটাৰ কাৰ্ড আৰু ঝাৰখণ্ডৰ আধাৰকাৰ্ড উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷

উল্লেখ্য যে ৮/ ১০ জনীয়া উগ্ৰপন্থীৰ দলে নাদাংগুৰিত বাহৰ পাতি আছিল আৰু আৰক্ষীৰ সৈতে গুলীয়াগুলীত ইয়াৰে এজন উগ্ৰপন্থী নিহত হোৱাৰ লগতে বাকীসকলে পলাই যায় ৷ আৰক্ষীয়ে অঞ্চলটোত তীব্ৰ অভিযান অব্যাহত ৰাখিছে ৷

নিউজ ডেস্ক, ২৫ অক্টোবৰ :

You might also like