সমালোচনাৰ প্ৰত্যুত্তৰ : ছিডনীত ৰোহিত-কোহলিৰ বেটৰ যাদু
অষ্ট্ৰেলিয়া ভ্ৰমণৰ আগতে দুয়ো খেলুৱৈৰ এদিনীয়া ক্ৰিকেটত ভৱিষ্যৎ সন্দেহত আছিল, কিন্তু এই জয়ে সকলো সন্দেহৰ অৱসান ঘটালে
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথম দুখন খেল হৰাৰ পিছত টীম ইণ্ডিয়াই ৰোহিত আৰু কোহলিৰ দৃঢ় বেটিঙেৰে চিৰস্মৰণীয় কামবেক কৰিলে। ৰোহিতে অপৰাজিত ১২১ ৰান আৰু কোহলিয়ে অপৰাজিত ৭৪ ৰান কৰি ভাৰতক ৯ উইকেটত জয়ী কৰালে।
উল্লেখ্য যে অষ্ট্ৰেলিয়া ভ্ৰমণৰ আগতে দুয়ো খেলুৱৈৰ এদিনীয়া ক্ৰিকেটত ভৱিষ্যৎ সন্দেহত আছিল, কিন্তু এই জয়ে সকলো সন্দেহৰ অৱসান ঘটালে।
কিয়নো প্ৰথম দুখন খেলত বিৰাট কোহলিয়ে শূন্যত আউট হোৱাৰ পিছত বিৰাটে এদিনীয়াৰ পৰাও অৱসৰ লব নেকি তাৰ জল্পনা-কল্পনা চলিছিল। পিছে সমালোচনাৰ প্ৰত্যুত্তৰ দি আজি এক আকৰ্ষণীয় ইনিংছেৰে বিৰাট আজি ফৰ্মত আছে তাৰ প্ৰমাণ দিলে। ইফালে ৰোহিতক অধিনায়ক পদৰ পৰা আঁতৰোৱাৰ পিছত ৰোহিতক লৈয়ো চলিছিল বহু গুণাগঁথা। পিছে এডিলেইডত হাৰিলেও দৰ্শনীয় অৰ্ধশতক কৰাৰ পিছত আজি চমকপ্ৰদ শতকেৰে সমালোচনাৰ যোগ্য প্ৰত্যুত্তৰ দিলে ৰোহিতে। প্ৰমাণ কৰিলে হিটমেন এতিয়াও দুৰ্দান্ত ফৰ্মত আছে।
ৰোহিত শর্মাৰ শেহতীয়া ১০টা ইনিংছত প্ৰদৰ্শন
- শেষৰ ১০টা এদিনীয়া ইনিংছত ৰোহিতে ৫০২ ৰান কৰিছে।
- ইয়াত ২টা শতক আৰু ২টা অৰ্ধশতক অন্তৰ্ভুক্ত।
- তেওঁৰ ষ্ট্ৰাইক ৰেট ১০০ৰ ওচৰত।
- ২০২৫ চনত ৰোহিত হৈছে ভাৰতৰ বাবে সৰ্বাধিক ৰানকৰ্তা (৫০৪ ৰান)।
এই সংখ্যাই প্ৰমাণ কৰে, ৰোহিত এতিয়া ফৰ্মত আছে।
বিরাট কোহলীৰ শেহতীয়া ১০টা ইনিংছত প্ৰদৰ্শন
- শেহতীয়া ১০ ইনিংছত কোহলিয়ে ৩৪৯ ৰান কৰিছে, গড় ৪৩.৬।
- এই সময়ছোৱাত ১টা শতক আৰু ৩টা অৰ্ধশতক কৰিছে।
- চেম্পিয়নছ ট্ৰফী ২০২৫ত ভাৰতৰ বাবে দ্বিতীয় সৰ্বাধিক ৰানকৰ্তা (২১৮ ৰান) আছিল।
- অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দুবাৰ শূন্যত আউট হোৱাৰ পিছত তেওঁৰ অৱসৰৰ গুজব উঠিছিল,
কিন্তু ছিডনীতত ৭৪ ৰানৰ ইনিংছ খেলে সেই সকলো সমালোচকক নিস্তব্ধ কৰিলে।
মন কৰিবলগা যে ৰোহিত শর্মা আৰু বিৰাট কোহলিয়ে পুনৰ দেখুৱালে বয়স বা সমালোচনা নহয়, ফৰ্ম আৰু আত্মবিশ্বাসেই আচল শক্তি। টীম ইণ্ডিয়াৰ বাবে দুয়ো এতিয়াও বিশাল স্তম্ভ হৈ আছে।
নিয়মীয়া বাৰ্তা ডেস্ক, ২৫ অক্টোবৰ