নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি দেওবাৰ… পুণ্যভূমি জুবিনক্ষেত্ৰলৈ ঢপলিয়াই আহিল হাজাৰ হাজাৰ অনুৰাগী

পৰিৱেশ একেই ৷ কি দিন, কি ৰাতি- কোনোগুণে হ্ৰাস পোৱা নাই সোণাপুৰৰ জুবিনক্ষেত্ৰত অনুৰাগীৰ সংখ্যা ৷ প্ৰতিগৰাকী অনুৰাগীয়ে বুকুত বেদনা লৈ জুবিনক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সোণাপুৰৰ জুবিনক্ষেত্ৰলৈ আহিছে ৷ প্ৰাণৰ শিল্পীগৰাকীৰ মহাপ্ৰয়াণৰ ৩৮টা দিনৰ পিছতো সোঁত বৈয়ে আছে জুবিনক্ষেত্ৰলৈ ৷ পুৱাৰে পৰা নিশালৈকে হাজাৰ হাজাৰ অনুৰাগীয়ে জুবিনক্ষেত্ৰলৈ আহি ধূপ-চাকি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হৈছে ৷

উল্লেখ্য যে আজি দেওবাৰ হোৱা বাবে হাজাৰ হাজাৰ অনুৰাগীৰ ভিৰ পৰিলক্ষিত হৈছে জুবিনক্ষেত্ৰত ৷ বন্ধ বাৰ হোৱা হেতুকে সকলোৱে এবাৰ প্ৰিয় শিল্পীগৰাকীৰ অন্তিম শয়নস্থলীলৈ আহি নিজকে কিছু সান্ত্বনা দিয়াৰ চেষ্টা চলাইছে। বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ অনুৰাগীৰ ভিৰত ২৭নং ৰাষ্ট্ৰীয় পথত যোৰাবাটৰ পৰা তীব্ৰ  যান-জঁটৰ সৃষ্টি হয়। জুবিনৰ শেষকৃত্য সম্পন্ন কৰাৰ পিছৰে পৰা বিগত এমাহ ধৰি অসম, উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ জুবিন অনুৰাগী, গুণমুগ্ধৰে ভৰি পৰিছে জুবিনক্ষেত্ৰ।

একাংশ অনুৰাগীয়ে ঘৰৰ দুখ-কষ্ট পাহৰি আপোন শিল্পীজনক বিচাৰি সোণাপুৰৰ কমাৰকুছিৰ হাতীমূৰা টিলাত থকা জুবিনক্ষেত্ৰলৈ ঢাপলি মেলিছে ৷ জুবিনৰ সমাধিক্ষেত্ৰ এতিয়া  হৈ পৰিছে পবিত্ৰ তীৰ্থভূমি ৷ উজনি-নামনিৰ পৰা অহা হাজাৰ হাজাৰ অনুৰাগীয়ে সমাধিত ধূপ-চাকি জ্বলাই সেৱা  লোৱা পৰিলক্ষিত হৈছে  ৷ এফালে নাম-কীৰ্তন, ভাগৱত পাঠ, সৰ্বধৰ্মীয় প্ৰাৰ্থনা, আনফালে জুবিনৰ চিৰসেউজ “মায়াবিনী” গাই সজীৱ কৰি ৰাখিছে জুবিনক্ষেত্ৰ ৷ জুবিনক্ষেত্ৰত উপস্থিত হৈ  আজিও হিয়া ঢাকুৰি কান্দিছে অনুৰাগীয়ে ৷ সকলো আৱেগিক হৈ পৰিছে ৷ পুণ্যভূমিত পৰিণত হৈছে জুবিনক্ষেত্ৰ ৷

নিয়মীয়া বাৰ্তা, সোণাপুৰ, ২৬ অক্টোবৰ 
You might also like