নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামচাইৰ পৰা গ্ৰেপ্তাৰ কাকপথাৰৰ সেনা ঘাটিত আক্ৰমণৰে জড়িত আলফা কেডাৰ

পূব অৰুণাচল প্ৰদেশত বিদ্ৰোহীবিৰোধী অভিযানত জড়িত সুৰক্ষা বাহিনীয়ে নিষিদ্ধ বিদ্ৰোহী সংগঠন আলফা (স্বা)ত এক মোক্ষম আঘাত হানিছে। অভিযানত জড়িত সুৰক্ষা বাহিনীয়ে নামচাইৰ পৰা আলফা (স্বা)ৰ এজন কেডাৰক গ্ৰেপ্তাৰ কৰি এক বৃহৎ সফলতা লাভ কৰিছে।

গ্ৰেপ্তাৰ হোৱা কেডাৰজনক থাওচেন অসম ওৰফে অনুপম দহোটীয়া বুলি চিনাক্ত কৰা হৈছে, যি তিনিচুকীয়া জিলাৰ মাকুম বৰিয়াকলি গাঁৱৰ বাসিন্দা। অভিযানটো অসম ৰাইফলছ আৰু নামচাই আৰক্ষীৰ যুটীয়া দলে চলাইছিল।

আলফা (স্বা)ৰ কেডাৰজনক গ্ৰেপ্তাৰৰ কথা নিশ্চিত কৰি নামচাইৰ আৰক্ষী অধীক্ষক সাংগে থিনলেই কয় যে আজি পুৱাৰ আৰম্ভণিতে কেডাৰজনে দিয়া তথ্যৰ ভিত্তিত সুৰক্ষা বাহিনীয়ে এক গোপন ঠাইৰ পৰা বিপুল পৰিমাণৰ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ আৰু গুলী উদ্ধাৰ কৰিছে। উদ্ধাৰ হোৱা অস্ত্ৰসমূহৰ ভিতৰত আছে এটা MQ-RA81 ৰাইফলৰ সৈতে ৩টা মেগজিন, ১৫১ ৰাউণ্ড সক্ৰিয় গুলী আৰু এটা হেণ্ড গ্ৰেনেড।

উল্লেখযোগ্য যে গ্ৰেপ্তাৰ হোৱা আলফা সদস্যজন কাকপথাৰৰ সেনা ঘাটিত হোৱা আক্ৰমণত জড়িত আছিল। উক্ত আক্ৰমণত ৩জন সেনা জোৱান আহত হৈছিল। শেহতীয়াকৈ নামচাই জিলাৰ ৬ মাইল লেকাং খাম্পটি গাঁৱত আলফা (স্বা) আৰু অসম ৰাইফলছৰ মাজত হোৱা বন্দুক যুদ্ধতো জড়িত আছিল গ্ৰেপ্তাৰ হোৱা কেডাৰজন। গ্ৰেপ্তাৰ হোৱা আলফা (স্বা)ৰ কেডাৰজনক বৰ্তমান জেৰা চলাই আছে।

ডিজিটেল ডেস্ক, ২৬ অক্টোবৰ

You might also like