নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেলীত ভয়ংকৰ পথ দুৰ্ঘটনা, ৩জনৰ মর্মান্তিক মৃত্যু

মৰিগাঁও জিলাৰ নেলীত আজি সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাই কঁপাই পেলালে সমগ্ৰ অঞ্চল। নিয়ন্ত্ৰণ হেৰুৱাই ৰেলিঙত খুন্দিওৱা বাহনখনত থকা ৩জনকৈ ব্যক্তিয়ে প্ৰাণ হেৰুৱায়। নিহতসকল হ’ল— চিকিৎসক ডাঃ কণ্ঠেশ্বৰ বৰদলৈ, মানস মহন্ত আৰু আছিক হুছেইন।

স্থানীয় লোকে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ অনুসন্ধান আৰম্ভ কৰিছে। দুৰ্ঘটনাটোৱে নেলী অঞ্চল তথা মৰিগাঁও জিলাজুৰি শোকৰ ছাঁ পেলাইছে।

নিয়মীয়া বাৰ্তা ডেস্ক, ২৮ অক্টোবৰ

You might also like