স্ক্রীন আসক্ত
শিশুসকল হৈছে দেশৰ সম্পদ৷ সেয়ে পৰিৱর্তনমুখী পৃথিৱীখনৰ সৈতে মিলিব পৰাকৈ শিশুসকলৰ সৰুৰ পৰাই অভিভাৱকে যতন লোৱা দেখা যায়৷ জীৱনটো গঢ় দিবলৈ শিশুসকলক শৈশৱকালে যথেষ্ট সহায় কৰে৷ কিন্তু শৈশৱৰ দৰে নির্ভেজাল কালটো এটি শিশুৱে কিদৰে অতিবাহিত কৰিব, কি শিকিব এই সকলো নির্ভৰ কৰে শিক্ষাগুৰু, অভিভাৱকসকলৰ ওপৰত৷ আজিকালি শিশুৰ শৈশৱ কালটো যেন হৰণ হৈছে৷ বহু শিশুৱে মাটিত উমলিবলৈ নাপায় অর্থাৎ মাটিৰ স্পর্শ নহয়, সাধু শুনি টোপনি যোৱাৰ পৰিৱেশ নাই, পূর্বৰ দৰে খেল–ধেমালি কৰিবলৈ এখন মুকলি পথাৰ নাই, য’ত মুক্তমনে মুক্ত আকাশৰ তলত শিশুসকলে খেলিব পাৰে৷ তেনে পৰিৱেশ এটা নোপোৱাৰ বাবেই শিশুসকল ক্রমাৎ প্রযুক্তিৰ ওপৰত নির্ভৰশীল হৈ পৰিছে৷ শ্রেণীকোঠা, টিউচনৰ ভৰত বাহিৰলৈ গৈ খেলা–ধূলা কৰাৰ পৰিৱর্তে টেলিভিছন, কম্পিডটাৰ, মোবাইলত আজৰি সময় অতিবাহিত কৰিবলৈ ধৰিলে৷ পঢ়া–শুনাৰ বাবেও মোবাইল, ইণ্টাৰনেট ব্যৱহাৰ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হ’ল৷ এই পৰিৱেশৰ সৈতে সহবাস কৰিবলৈ শিশুসকলক অভিভাৱকে মোবাইল, কম্পিউটাৰ দিবলগীয়া হ’ল৷ লাহে লাহে শিশুসকলে ইতিবাচক কামতকৈ নেতিবাচক কামত বেছিকৈ মনোযোগ দিয়া হ’ল৷ ভিডিঅ’ গেম খেলা, ছ’চিয়েল মিডিয়াত সময় অতিবাহিত কৰা হ’ল৷ ডিজিটাইলাইজেচনৰ যুগত শিশুৰ মোবাইল আসক্তিও ক্রমাৎ বৃদ্ধি হ’ল৷ দেখা যায় যে গেমিং আসক্ত এটি শিশুৱে বিদ্যালয়ৰ দায়িত্ব সমাপন কৰাতকৈ ভিডিঅ’ গেম খেলাতহে বেছি গুৰুত্ব দিয়ে৷ অধিকাংশ অভিভাৱককো আজিকালি অনলাইন বজাৰ কৰা, সামাজিক মাধ্যমত অধিক সময় ব্যস্ত থকা দেখা যায়৷ ফলত, মানুহৰ শৰীৰত নেতিবাচক প্রভাৱ পৰে৷ অধিকাংশ সময় স্ক্রীনত অতিবাহিত কৰাত মানুহৰ দৃষ্টিশক্তি, মূৰৰ বিষ, ডিঙি আৰু কান্ধৰ বিষ হোৱা দেখা যায়৷
তদুপৰি, স্ক্রীনৰ নিচাই কেৱল শাৰীৰিক প্রভাৱেই নহয়, মানসিক প্রভাৱো পেলায়৷ মানসিক প্রভাৱৰ প্রথমটো হ’ল হতাশা৷ এক অধ্যয়ন মতে, এজন লোকে দৈনিক চাৰি ঘণ্টাতকৈ অধিক সময় স্ক্রীনত অতিবাহিত কৰিলে হতাশ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়৷ বিছনাত পৰি মোবাইল ব্যৱহাৰ কৰিলে টোপনিত বহুখিনি নেতিবাচক প্রভাৱ পৰে৷ ইয়াৰ উপৰি মানসিক চাপৰ পৰাও সহজে মুক্ত হ’ব নোৱাৰে৷ ইমানবোৰ শাৰীৰিক, মানসিক স্বাস্থ্যৰ ক্ষতি হোৱাৰ পিছতো মানুহে স্ক্রীনত অধিক সময় অতিবাহিত কৰে৷ শিশুসকলকো আঁজৰি সময়ত ঘৰতে থাকিবলৈ মোবাইল, টিভি, কম্পিডটাৰত গেম খেলি, ভিডিঅ’ চাই সময় অতিবাহিত কৰিবলৈ অভিভাৱকসকলে সুবিধা কৰি দিয়ে৷ যিয়ে শিশুসকলৰ মানসিক আৰু শাৰীৰিক দুয়োটা দিশতেই নেতিবাচক প্রভাৱ পেলায়৷ এইক্ষেত্রত অভিভাৱকসকল সজাগ আৰু সচেতন হোৱা উচিত৷ একক পৰিয়াল হোৱাৰ লগে লগে শিশুৰ সৈতে সময় অতিবাহিত কৰিবলৈ অধিকাংশ অভিভাৱকৰে সময় নাথাকে৷ যাৰ বাবে মোবাইল–টিভিত সন্তানক ব্যস্ত ৰাখি অভিভাৱকে নিজৰ কাম সমাপন কৰে৷ যাৰ বাবে শিশুসকলে অধিক সময় স্ক্রীনত অতিবাহিত কৰিবলৈ সুবিধা লাভ কৰে৷ শিশুসকলক প্রকৃততে মোবাইল–টিভিৰ সলনি অধিক সময় মুকলি আকাশৰ তলত মাটিৰ স্পর্শ লৈ খেলা–ধূলা কৰিবলৈহে সুবিধা দিব লাগে৷ সাধু শুনাই কল্পনা শক্তি বৃদ্ধি কৰাৰ উপৰি, নীতিশিক্ষা দিয়াৰো পৰিৱেশ এটা গঢ়ি তুলিব লাগে৷ অভিভাৱকে অধিক সময় ল’ৰা–ছোৱালীৰ সৈতে খেলিব লাগে, আলাপ–আলোচনাও কৰিব লাগে৷ আজিকালি অধিকাংশ অভিভাৱকে ল’ৰা–ছোৱালীক কিতাপ–আলোচনী পঢ়াৰ পৰিৱেশ এটা দিবলৈ চেষ্টা নকৰে৷ অনবৰতে মোবাইল, টিভি, কম্পিডটাৰ আৰু পাঠ্যপুথিৰ গ্রন্থসমূহৰ মাজতেই শিক্ষার্থীসকলক ব্যস্ত ৰাখিব বিচাৰে৷ কিন্তু কাকত–আলোচনী পঢ়াৰ পৰিৱেশ বহুত কম অভিভাৱকেহে শিক্ষার্থীসকলক দিয়ে৷ শিক্ষার্থীৰ জ্ঞান বৃদ্ধি, চিন্তাৰ গভীৰতাৰ বাবে শিক্ষার্থীসকলক বয়স অনুযায়ী অলোচনী, কাকত পঢ়িবলৈ দিয়া উচিত৷ এখন কাকতত বহুকেইটা নেতিবাচক খবৰ থাকিলেও ইতিবাচক খবৰবোৰৰ সন্ধান কৰিবলৈ দিব লাগে৷ সেই ইতিবাচক খবৰবোৰে জ্ঞানৰ সন্ধান কৰাত সহায় কৰাৰ উপৰি ইতিবাচক মন এটা সৃষ্টিতো অৰিহণা যোগায়৷ এই কামবোৰত শিক্ষার্থীসকলক ব্যস্ত ৰাখিব পাৰিলে স্ক্রীনত থকা সময় হ্রাস কৰিব পৰাৰ লগতে মানসিক, শাৰীৰিক সমস্যাবোৰো নোহোৱা হ’ব৷ কিন্তু তেনে পৰিৱেশত অভিভাৱকসকল সজাগ–সচেতন হ’বই লাগিব৷