ইতিহাস ৰচি বিশ্বৰ বয়োজ্যেষ্ঠ হিচাপে এদিনীয়া ৰেংকিঙৰ শীর্ষত ৰোহিত
বেটাৰ শাখাত শীর্ষস্থান দখল কৰা ভাৰতীয় দলটোৰ আনকেইগৰাকী খেলুৱৈ হ’ল শচীন তেণ্ডুলকাৰ, মহেন্দ্র সিং ধোনি, বিৰাট কোহলি আৰু শুভমন গিল৷
ইতিহাস ৰচিলে ভাৰতীয় এদিনীয়া দলটোৰ প্রাক্তন অধিনায়ক ৰোহিত শর্মাই৷ বিশ্বৰ বয়োজ্যেষ্ঠ খেলুৱৈ হিচাপে আইচিচি এদিনীয়া ৰেংকিঙৰ বেটাৰ শাখাৰ শীর্ষস্থানটো দখল কৰিলে ৰোহিত শর্মাই৷ বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থা আইচিচিয়ে প্রকাশ কৰা ৰেংকিঙৰ বেটাৰ শাখাত দুটা স্থান আগুৱাই ৰোহিত শর্মাই শীর্ষস্থান দখল কৰে৷
৩৮ বছৰ ১৮২ দিনত ভাৰতীয় দলটোৰ তাৰকা অপেনাৰগৰাকীয়ে এদিনীয়া ৰেংকিঙৰ সিংহাসনত উপবিষ্ট হয়৷ ৰোহিতে ভাৰতীয় দলটোৰ অধিনায়ক শুভমন গিলক আঁতৰাই শীর্ষস্থানটো দখল কৰে৷ ১৮ বছৰ পূর্বে আন্তঃৰাষ্ট্রীয় ক্রিকেটত অভিষেক ঘটা ৰোহিত শর্মাই প্রথমবাৰৰ বাবে ৰেংকিঙৰ শীর্ষ স্থানটো দখল কৰে৷ অষ্ট্রেলিয়াত সদ্যসমাপ্ত তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ দ্বিতীয়খন মেচত অর্ধশতক আৰু তৃতীয় তথা অন্তিমখন মেচত বিস্ফোৰক শতকীয় ইনিংছ খেলাৰ সুবাদত ৰোহিত শর্মাই শীর্ষস্থানলৈ উন্নীত হয়৷
শৃংখলাটোত টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়কগৰাকীয়ে মুঠ ২০২ ৰান সংগ্রহ কৰে৷ শৃংখলাটোত তেওঁ মেন অব দ্য ছিৰিজৰো সন্মান লাভ কৰে৷ বর্তমান ৰোহিতৰ ৰেটিং পইণ্ট হ’ল ৭৮১৷ এদিনীয়া ক্রিকেটৰ বেটাৰ শাখাৰ শীর্ষস্থান দখল কৰাত ৰোহিত শর্মা হ’ল টীম ইণ্ডিয়াৰ পঞ্চমজন খেলুৱৈ৷
ৰোহিতৰ পূর্বে আইচিচি ৰেংকিঙৰ বেটাৰ শাখাত শীর্ষস্থান দখল কৰা ভাৰতীয় দলটোৰ আনকেইগৰাকী খেলুৱৈ হ’ল শচীন তেণ্ডুলকাৰ, মহেন্দ্র সিং ধোনি, বিৰাট কোহলি আৰু শুভমন গিল৷
ইফালে অষ্ট্রেলিয়াৰে খেলা এদিনীয়া শৃংখলাটোত হতাশাজনক প্রদর্শন দাঙি ধৰাৰ বাবে শীর্ষস্থানৰ পৰা তৃতীয় স্থানলৈ অৱনমিত হয় ভাৰতীয় দলটোৰ অধিনায়ক শুভমন গিল৷ বেটিং তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত হয় আফগানিস্তানৰ ইব্রাহিম জাদ্রান৷ ইব্রাহিমৰ বর্তমান ৰেটিং পইণ্ট হ’ল ৭৬৪৷
ইফালে ভাৰতীয় দলটোৰ তাৰকা বেটাৰ বিৰাট কোহলিৰ এটা স্থানৰ অৱনমন ঘটিছে৷ বর্তমান কোহলিৰ ৰেংকিং স্থান হ’ল ষষ্ঠ৷ শ্রেয়াছ আয়াৰে নৱম স্থানটো অক্ষুণ্ণ ৰখাৰ বিপৰীতে লোকেশ ৰাহুলে চতুর্দশ স্থানটো অধিকাৰ কৰি আছে৷
আনহাতে বলাৰ শাখাৰ প্রথম তিনিটা স্থান অপৰিৱর্তিত হৈ আছে৷ প্রথম তিনিটা স্থানত আছে ক্রমে আফগানিস্তানৰ ৰশ্বিদ খান, দক্ষিণ আফ্রিকাৰ কেশৱ মহাৰাজ আৰু শ্রীলংকাৰ মহেশ থিকছানা৷ শীর্ষ দহৰ ভিতৰত স্থান লাভ কৰা টীম ইণ্ডিয়াৰ বলাৰগৰাকী হ’ল কুলদীপ যাদৱ৷ বর্তমান অষ্টম স্থানত আছে কুলদীপ৷
ডিজিটেল ডেস্ক, ৩০ অক্টোবৰ