নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলিয়াবৰ-ত জব্দ এক কোটি টকাৰ জালনোট, আটক মজিবুৰ

জব্দ কৰে জাল নোট প্ৰিন্ট কৰা তিনিটা প্ৰিন্টাৰ, ২৪০ বান্দিল ৫০০ টকীয়া জাল নোট (প্ৰায় ১ কোটি টকাৰ জাল নোট)

কলিয়াবৰ ত জব্দ প্ৰায় এক কোটি টকাৰ জালনোট। ঘটনাৰ লগত জড়িত মজিবুৰ ৰহমান (৪০)ক আটক কৰা হৈছে। তেওঁৰ ঘৰ ১নং বৰঘূলিত।

লগতে জব্দ কৰে জাল নোট প্ৰিন্ট কৰা তিনিটা প্ৰিন্টাৰ, ২৪০ বান্দিল ৫০০ টকীয়া জাল নোট (প্ৰায় ১ কোটি টকাৰ জাল নোট)।

নিশা গোপন সূত্ৰৰ পম খেদি অভিযান চলাই মজিবুৰ ৰহমানৰ ঘৰত জব্দ কৰে বৃহৎ পৰিমাণৰ জাল নোটৰ বাণ্ডিলসমূহ। অভিযান চলায় চুলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হৰেন গগৈ আৰু ASI মৃদুল দেৱনাথৰ নেতৃত্বত আৰক্ষীৰ দলে।

ডিজিটেল ডেস্ক, ৩০ অক্টোবৰ

You might also like